ভাইৰেল হোৱাৰ দৰে কে বি চিয়ে কোনো ধৰণৰ ২৫ লাখ টকাৰ লটাৰীৰ আয়োজন কৰা নাই

False Social

শেহতীয়াকৈ এটা পুৰণি হোৱাটচ‌এপ মেচেজ পুনৰ ফ’ৰৱাৰ্ড হোৱা দেখা গৈছে। মেচেজটোত কোৱা হৈছে যে মেচেজ প্ৰাপকজনে “কে বি চি”(Kaun Banega Crorepati, KBC)য়ে আয়োজন কৰা লটাৰীত ২৫লাখ টকা লাভ কৰিছে। উক্ত মেচেজটোত অমিতাভ বচ্চন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কৌন বনেগা কৰোড়পতিৰ ল’গ’ পৰ্যন্ত ব্যৱহাৰ কৰা হৈছে। মেচেজটোত কোৱা হৈছে যে পোষ্টাৰখনত থকা নম্বৰটোত হোৱাটচ‌এপ ফোন কৰি লটাৰী সম্পৰ্কে জানিব পাৰিব। বিভিন্ন বেলেগ বেলেগ ফোন নম্বৰ আৰু লটাৰী টিকট নম্বৰ থকা ফটো আৰু ভিডিঅ’আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল।

 Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে কীৱ’ৰ্ড চাৰ্চ কৰি কিছু তথ্য পালোঁ। আমি প্ৰথমে “দিল্লী পুলিচৰ চাইবাৰ চেল“ৰ ৱেবছাইটত প্ৰকাশ পোৱা এটা প্ৰবন্ধ পালোঁ য’ত স্পষ্টভাৱে লিখা আছিল যে ভাইৰেল হোৱা কে বি চি লটাৰীৰ মেচেজটো আচলতে প্ৰৱঞ্চনা। 

Archived Link

দিল্লী চাইবাৰ চেলৰ ৱেবছাইটত চাইবাৰ অপৰাধৰ বিষয়ে উল্লেখ কৰি লিখা আছিল যে মেচেজ প্ৰাপকে যেতিয়া লটাৰীৰ টকা সংক্ৰান্তত মেচেজত উল্লেখ কৰা নম্বৰৰ লগত যোগাযোগ কৰে, তেতিয়া প্ৰৱঞ্চকে তেওঁক প্ৰথমে এক নিৰ্দিষ্ট মূল্য লটাৰীৰ প্ৰচেছিং ফিজ (Processing fees) হিচাপে পঠিয়াবলৈ কয়। এবাৰ টকা পঠিওৱাৰ পাছত, প্ৰৱঞ্চকে আৰু টকা দাবী কৰিবলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত কেৱল হোৱাটচ‌এপযোগে যোগাযোগ কৰাতহে প্ৰৱঞ্চকে জোৰ দিয়ে। এইদৰে বিভিন্ন বেংক একাউণ্টত টকা জমা কৰিবলৈ প্ৰৱঞ্চকে গ্ৰাহকক বাধ্য কৰায়। কিছুদিনৰ পাছত কোৱা হয় যে লটাৰীৰ টকা বৃদ্ধি কৰা হৈছে ৪৫ লাখ, ৭৫ লাখ পৰ্যন্ত ইত্যাদি। অৱশেষত যেতিয়া প্ৰৱঞ্চনাৰ বলি হোৱাজনে টকা ঘূৰাই বিচাৰে অথবা আৰু টকা দিবলৈ অমান্তি হয়, সিহঁতে তেওঁক ফোন কৰা বন্ধ কৰে আৰু প্ৰবঞ্চনাত ব্যৱহৃত হোৱাটচ‌এপ নম্বৰটো ডিএক্টিভেট কৰে।

আমি PIB Fact Check ৰ স্পষ্টিকৰণ টুইট এটাও পালোঁ। তেওঁলোকেও কোনো ধৰণৰ ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিবলৈ গ্ৰাহকলৈ আহ্বান জনাইছিল।

Archived Link

এই প্ৰৱঞ্চনাক কিদৰে চিনাক্ত কৰিব:

১. ভালদৰে লক্ষ্য কৰিলে মেচেজত থকা ব্যাকৰণৰ ভুল, দুৰ্বল বাক্যগাঁঠনি আৰু আন আসোঁৱাহসমূহ ধৰা পৰিব।

২. যিকোনো লটাৰী বা পুৰষ্কাৰত, প্ৰাইজমানিৰ পৰা টেক্স আগতীয়াকৈ কাটি ৰাখিহে বিজেতাক দিয়া হয়। গতিকে নিজকে প্ৰশ্ন কৰিব যে সেই তথাকথিত লটাৰীৰ বাবদ আপুনি কিয় টকা জমা কৰিব। গতিকে এয়া এক প্ৰৱঞ্চনা আৰু আপুনি কোনো টকা লটাৰীযোগে জিকা নাই।

৩. কলাৰে গোপনীয়তা বৰ্তাই ৰাখিবলৈ জোৰ দিয়ে, গতিকে ইয়াৰদ্বাৰা নিশ্চিত হ’ব যে কিবা খেলিমেলি নিশ্চয় আছে।

৪. অপৰিচিত নম্বৰৰ পৰা অহা মেচেজসমূহৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত।

কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত:

১. যেতিয়াই কোনো নম্বৰৰ পৰা অহা মেচেজ সন্দেহজনক যেন লাগে, ততালিকে সেই নম্বৰটো ব্লক কৰক।

২. সন্দেহজনক নম্বৰৰ পৰা অহা মেচেজ কেতিয়াও খুলি নাচাব, বিশেষকৈ সেয়া যদি ভাৰতীয় নম্বৰ নহয়।

৩. কেতিয়াও কোনো সন্দেহজনক লিংকত ক্লিক নকৰিব আৰু OTP শ্বেয়াৰ নকৰিব।

৪. তেনে মেচেজ কেতিয়াও ফ’ৰৱাৰ্ড নকৰিব।

ফলাফল

গতিকে ইয়াৰদ্বাৰা আমি ক’ব পাৰোঁ যে ভাইৰেল হোৱা কে বি চি লটাৰীৰ মেচেজ এক প্ৰৱঞ্চনাহে মাথোঁ, কে বি চিয়ে কোনো ধৰণৰ লটাৰীৰ আয়োজন কৰা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাইৰেল হোৱাৰ দৰে কে বি চিয়ে কোনো ধৰণৰ ২৫ লাখ টকাৰ লটাৰীৰ আয়োজন কৰা নাই

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *