
ৰুটী বনাই থকোতেই এজন লোকে সেই ৰুটীৰ ওপৰত থুৱাই থকা এটা অস্বস্তিকৰ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এইটো হাইদৰাবাদৰ হয় ।
ভিডিঅ’টোত হিন্দীতে লিখা কথাখিনি হৈছে,”নাম্পেলীৰ ৰেড ৰ’জত এজন লোকে নান কি ৰোটী বনাই আছে আৰু প্ৰতিখন ৰুটীতে থুৱাই আছে।”
ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ এই ভিডিঅ’টোৰ সত্যতা নিৰূপনৰ বাবে এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে প্ৰেৰণ কৰিছিল।
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে যদিও ভিডিঅ’টো সঁচা, কিন্তু ঘটনাটো হাইদৰাবাদত নহয়, উত্তৰ প্ৰদেশৰ মিৰাটত হে সংঘটিত হৈছিল।
সত্যত্য নিৰূপন পদ্ধতি
প্ৰথমে আমি প্ৰাসংগিক শব্দেৰে গুগল ছাৰ্চ কৰি চালো আৰু কেইবাটাও বাতৰি লাভ কৰিলো য’ত উল্লেখ আছিল যে মানুহজন প্ৰকৃততে মিৰাটৰ আৰু তেওঁক কেইসপ্তাহমান পূৰ্বে আৰক্ষীয়ে কৰায়ত্ব কৰিছে।
Screenshot Timesnownews Article
Original Link- Times Now News | Archived Link
আমি একেটা ভিডিঅ’ৰে স্ক্ৰিনশ্বট লৈ কৰা আন বাতৰিও পালো, য’ত উল্লেখ কৰা আছিল যে ঘটনাটো অৰোমা গাৰ্ডেন,মিৰাটত ঘটিছিল আৰু ভাইৰেল ভিডিঅ’টো দেখা লোকজনৰ নাম চোহেইল। Original Link- India Today | Archived Link
ভাইৰেল ভিডিঅ’টোৰ বাতৰি প্ৰচাৰ হোৱা মাত্ৰকে মিৰাটৰৰ এলএলআৰএম আৰক্ষী থানাৰ সমুখত হিন্দু জাগৰণ মঞ্চৰ কৰ্মকৰ্তাসকলে ধৰ্ণা দিয়ে আৰু লোকজনক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে। ফলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰে আৰু জানিব পৰা যায় যে চোহেইল নামৰ লোকজনে এখন বিয়াত এই কাণ্ড কৰিছিল আৰু ভিডিঅ’টো ৰেকৰ্ড হৈ গৈছিল।
আমি মিৰাটৰ পুলিচৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই গ্ৰেপ্তাৰ সম্পৰ্কে নিশ্চিতি প্ৰদান কৰা এটা টুইটো পালো।
#MeerutPolice पकड़ा गया शादी के खाने को दूषित करने वाला #UPPolice @Uppolice @dgpup @adgzonemeerut @igrangemeerut @SurajRai_IPS @ArvindDysp @aajtak @AmarUjalaNews @ZeeNews @AbpGanga @the_hindu @JagranMeerut @News18UP @ANINewsUP @budaunpolice @ghaziabadpolice @bulandshahrpol pic.twitter.com/bENRpwM8bY
— MEERUT POLICE (@meerutpolice) February 21, 2021
সিদ্ধান্ত:
এইটো সত্যাপন হ’ল যে ভাইৰেল হোৱা ভিডিঅ’টো মিৰাটৰ, হাইদৰাবাদৰ নহয় আৰু আৰক্ষীয়ে ৰুটীত থুৱাই থকা লোকজনক গ্ৰেপ্তাৰো কৰিছে।

Title:এগৰাকী ব্যক্তিয়ে ৰুটীৰ ওপৰত থুৱাই থকা মিৰাটৰ এটা ভিডিঅ’ হাইদৰাবাদৰ বুলি ভাইৰেল হৈছে ।
Fact Check By: Manjori BorkotokyResult: Partly False