
অসমৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত অপৰাধী নেতাই কিদৰে নিৰ্বাচনত জয়লাভ কৰে,সেয়া বৰ্ণনা কৰি দিয়া হৈছে। অপৰাধী নেতাৰ মুখা খুলি দিয়া এই ভিডিঅ’টো আইপিএছ বিষয়া শৈলজাকান্ত মিশ্ৰৰ বুলি অভিহিত কৰা হৈছে। তেনেকুৱা এটা পোষ্ট এয়া:
তেনেকুৱা এটা ভিডিঅ’ আমাৰ ফেক্টলাইন নম্বৰলৈ প্ৰেৰণ কৰি সচাকৈয়ে আইপিএছ বিষয়া হয় নে নহয় জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে।
এটা ৭ মিনিটৰ ভিডিঅ’। য’ত এজন যুৱকে কৈছে,” সংসদত এতিয়া ৪৩শতাংশ সাংসদ আছে,যাৰ বিৰুদ্ধে গোচৰ আছে।তাৰে ভিতৰত ২৩শংতাশ এনেকুৱা যাৰ বিৰুদ্ধে হত্যা,ধৰ্ষণ,অপহৰণৰ দৰে গুৰুতৰ অভিযোগ আছে। ”
যুৱকজনে তথ্য দাঙি ধৰিছে,কিদৰে অপৰাধীয়ে নিৰ্বাচনত জয়লাভ কৰে,কিদৰে তেওঁলোকে আইনৰ সুৰুঙা বিচাৰি লয়,আৰু কিদৰে ৰাইজে তেওঁলোকক ভোটদান কৰে।এই ভিডিঅ’টো শ্বেয়াৰ কৰা বহু লোকে উল্লেখ কৰিছে যে এই যুৱ ব্যক্তিগৰাকী আইপিএছ বিষয়া শৈলজাকান্ত মিশ্ৰ। Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তদন্তত জানিব পৰা গ’ল যে এই দাবী মিছা।এই ভিডিঅ’টো আচলতে এজন আইটিকৰ্মী নিতিশ ৰাজপুটৰ।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি ভিডিঅ’টো মন দি চালো আৰু তাত “নিতিশৰাজপুট’ বুলি লিখা এটা ৱাটাৰমাৰ্ক পালো।
সেইকাৰণে আমি সেইটো শব্দ গুগলত বিচাৰি চালো আৰু পালো যে প্ৰকৃততে ভিডিঅ’টোত কথা কৈ থকা লোকজন নিতিশ ৰাজপুট। আমি আনকি আচল ভিডিঅ’টোও বিচাৰি উলিয়ালো। তেওঁ আনকি একেটা ভিডিঅ’ ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰতো শ্বেয়াৰ কৰিছে।
কোন এই নিতিশ ৰাজপুট?
নিতিশ ৰাজপুটৰ ছ’চিয়েল মিডিয়া একাউন্টৰ মতে তেওঁ এজন আইটি কৰ্মী আৰু আইটি অভিযন্তা। ক’তো এইটো উল্লেখ নাই যে তেওঁ এজন আইপিএছ বিষয়া।
হিন্দুস্তান টাইমছে তেওঁৰ বিষয়ে প্ৰকাশ কৰা এটা লেখা মতে ২৮বছৰীয়া নিতিশৰ ঘৰ চুলতানপুৰত আৰু তেওঁ বাস কৰে দিল্লীত।তেওঁ এটা বহুজাতিক কোম্পানীৰ বিজনেছ হেড আৰু আইটি ক্ষেত্ৰত তেওঁ সক্ৰিয়। Original Link- Hindustan Times | Archived Link
সেই কথাৰ আঁত ধৰি আমি এজন যুৱ ব্যক্তি নিতিশ ৰাজপুটৰ ইউটিউৱ একাউন্টটো বিচাৰি পালো। সেই ভিডিঅ’টো ২৬জুলাইত তাত আপলোড কৰা হৈছিল। ছ’চিয়েল মিডিয়াত তেওঁ বিভিন্ন সামাজিক আৰু ৰাজনৈতিক বিষয়ত নিজৰ মত ব্যক্ত কৰি আহিছে। তেওঁৰ বিশ্লেষণাত্মক ভিডিঅ’বোৰে ছ’চিয়েল মিডিয়া ভাল সহাৰি লাভ কৰি আহিছে।
আমি তেওঁৰ সৈতে যোগাযোগ কৰিলো। তেওঁ উল্লেখ কৰিছে যে কোনোবাই তেওঁৰ ভিডিঅ’ ব্যৱহাৰ কৰিছে,কিন্তু প্ৰকৃততে সেয়া তেওঁহে, নিতিশ ৰাজপুট।
আইপিএছ শৈলজাকান্ত মিশ্ৰ কোন?
শৈলজাকান্ত মিশ্ৰ হৈছে ১৯৭৭চনৰ বেটছৰ এজন আইপিএছ বিষয়া। তেওঁ ২০১২চনত অৱসৰ গ্ৰহন কৰিছে। এজন দক্ষ আৰক্ষী বিষয়া হিচাপে উত্তৰ প্ৰদেশত তেওঁৰ সুনাম আছিল। আপোনালোকে তেওঁৰ ফেচবুক একাউন্ট ইয়াত চাব পাৰিব। Original Link- Facebook
ইন্টাৰনেটত শৈলজাকান্ত মিশ্ৰ তেওঁৰ প্ৰেৰণাদায়ক বক্তব্যৰ বাবে বিখ্যাত। তেওঁৰ তেনেকুৱা কিছুমান ভিডিঅ’ আপোনালোকে ইয়াত চাব পাৰে।
একেটা ভিডিঅ’ৱে একেই দাবীৰে কেইমাহমান আগতে ভাইৰেল হৈছিল আৰু ফেক্ট ক্ৰেছেণ্ডো মাৰাঠীয়ে তাৰ সত্যতা নিৰূপন কৰিছিল। Original Link- Fact Crescendo Hindi
ফলাফল
এইটো স্পষ্ট হৈ পৰিল যে দাবী কৰা ধৰণে ভিডিঅ’ত দেখা লোকজন শৈলজাকান্ত মিশ্ৰ নহয়, বৰং আইটি অভিযন্তা নিতিশ ৰাজপুট হে হয় ।

Title:অপৰাধী নেতাৰ মুখা খুলি দিয়া এই ভিডিঅ’টো আইপিএছ শৈলজাকান্ত মিশ্ৰৰ নহয়!
Fact Check By: Manjori BorkotokyResult: False