অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ'ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত এক শিৱলিংগৰ ফটো আছিল আৰু দাবী কৰা হৈছে যে এই শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ। পোষ্টটোত লিখা আছিল এইদৰে

"কেডাৰনাথ মন্দিৰৰ ভিতৰৰ বাবা কেডাৰনাথ শিৱলিংগ

মনত যি আশা আছে তাকে লৈ শ্বেয়াৰ কৰক মনোবাঞ্চা পূৰ্ণ হ'ব।। হৰ হৰ মহাদেৱ।।" Archived Link

একেটা পোষ্ট আমি ফেচবুকতো শ্বেয়াৰ হোৱা দেখা পালোঁ।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি কীৱ'ৰ্ড চাৰ্চ কৰি কেদাৰনাথ মন্দিৰ সম্পৰ্কে কিছু তথ্য পালোঁ।

প্ৰথমে আমি "দ টাইমছ অৱ ইণ্ডিয়া"(The Times of India)ৰ এটা নিউজ ৰিপ'ৰ্ট পালোঁ য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেদাৰনাথ দৰ্শনৰ কিছু ফটো সংলগ্ন আছিল। তাত সংলগ্ন কেদাৰনাথ মন্দিৰৰ শিৱলিংগৰ সৈতে আমালৈ অহা শিৱলিংগৰ ফটোৰ কোনো মিল দেখা নগ'ল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

তাৰপিছত আমি কীৱ'ৰ্ড চাৰ্চ কৰি ইউটিউবত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চেনেলত ২০২১ চনৰ ৫ নৱেম্বৰ তাৰিখে আপলোড হোৱা "PM Modi offers prayers at Kedarnath Temple" শীৰ্ষক ভিডিঅ'এটা দেখিলোঁ। ভিডিঅ'ত দেখা কেদাৰনাথ মন্দিৰৰ সেই শিৱলিংগৰ সৈতে আমালৈ অহা শিৱলিংগৰ ফটোৰ কোনো মিল পৰিলক্ষিত নহ'ল।

Archived Link

গতিকে আমি ক'ব পাৰোঁ যে ভাইৰেল পোষ্টটোত থকা ফটোখন কেদাৰনাথ মন্দিৰৰ নহয়।

আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ ভাইৰেল ফটোখনত থকা শিৱলিংগৰ প্ৰকৃত স্থান সম্পৰ্কে জানিবলৈ।

প্ৰথমে আমি "ইণ্ডিয়া মাইক" (IndiaMike) নামৰ এটা ৱেবছাইটত "Bhavishya Kedar" বুলি উল্লেখ কৰি সংলগ্ন কৰা ফটো এখন দেখিলোঁ যিখন আছিল ভাইৰেল ফটোখনৰ সৈতে সাইলাখ একেই।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

এইবাৰ আমি ইউটিউব চাৰ্চ কৰি "ভৱিষ্য কেদাৰ" জ্যোতিৰ্মথৰ কিছু ভিডিঅ'দেখিলোঁ।

প্ৰথমে আমি "Being an Indian" নামৰ এটা ইউটিউব চেনেলে ২০২২ চনৰ ২ মে'তাৰিখে আপলোড কৰা "Bhavishya Kedarnath" শীৰ্ষক ভিডিঅ' এটা দেখিলোঁ। তাত দেখুওৱা শিৱলিংগটো ভাইৰেল পোষ্টটোক থকা শিৱলিংগৰ সৈতে একেই।

Archived Link

"Latika in the Kitchen" নামৰ এটা ইউটিউব চেনেলেও "ভৱিষ্য কেদাৰ" জ্যোতিৰ্মথৰ ভিডিঅ' ২০২২ চনৰ মাৰ্চ মাহৰ ১৪ তাৰিখে আপলোড কৰা দেখা গ'ল।

Archived Link

গতিকে আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল পোষ্টটোত থকা শিৱলিংগৰ ফটোখন কেদাৰনাথ মন্দিৰৰ নহয় বৰং উত্তৰাখণ্ডৰ ভৱিষ্য কেদাৰ জ্যোতিৰ্মথৰহে হয়।

কিংবদন্তি অনুসৰি এটা সময়ত কেদাৰনাথ মন্দিৰ বন্ধ হৈ যাব আৰু তেতিয়া কেৱল ভৱিষ্য কেদাৰ জ্যোতিৰ্মথহে দৰ্শন কৰিবলৈ উপলব্ধ হ'ব।

ফলাফল

ভাইৰেল পোষ্টটোত থকা শিৱলিংগৰ ফটোখন কেদাৰনাথ মন্দিৰৰ নহয় বৰং উত্তৰাখণ্ডৰ ভৱিষ্য কেদাৰ জ্যোতিৰ্মথৰহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফটোখনত থকা শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ ভিতৰৰ শিৱলিংগ নহয়

Fact Check By: Debanjana Baishya

Result: False