ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত এদল লোকে পথত কিবা এটা সংগ্ৰহ কৰা দেখা গৈছে। এই ভাইৰেল ভিডিঅ’টোৰ লগে লগে দাবী কৰা হৈছে যে হীৰা বজাৰৰ বিশাল মন্দাৱস্থাৰ বাবে বিচলিত হৈ পৰা হীৰা ব্যৱসায়ীসকলে পথত হীৰা দলিয়াই দিছিল, সেইবোৰ গুজৰাটৰ চুৰাট চহৰৰ পথত মানুহে সংগ্ৰহ কৰি আছিল।

এনে দাবীৰে এটা পোষ্ট আমি ফেচবুকতো পালোঁ। পোষ্টটোত কেপশ্বন লিখা আছিল এইদৰে - "চুৰাটৰ ৰাস্তাত হীৰা বেপাৰ বেয়া হোৱা লৈ হতাশ হৈ চুৰাটস্থিত এজন হীৰা ব্যৱসায়ীয়ে নিজৰ হীৰাবোৰ ৰাজপথত পেলাই দিছে।

ৰাস্তাত যোৱা লোকে ৰাজপথৰ পৰা দলিয়াই দিয়া হীৰা সংগ্ৰহ কৰা দেখা গৈছে। ৰপ্তানি কমি অহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চুৰাটৰ হীৰা উদ্যোগৰ ভয়াৱহ অৱস্থা আমি এতিয়া চকুৰে দেখিছো!!"

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ'টোৰ বিষয়ে জানিবলৈ বিভিন্ন কী-ৱ'ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি আজ টকৰ ৱেবছাইটত ভাইৰেল ভিডিঅ'টোৰ খবৰ পালোঁ। ২০২৩ চনৰ ২৪ ছেপ্টেম্বৰত প্ৰকাশিত এই খবৰ অনুসৰি হীৰা চহৰ হিচাপে জনাজাত হোৱাৰ বাবে মহানগৰীৰ মহিধৰপুৰা আৰু বাৰাছা অঞ্চলত শাক-পাচলিৰ বজাৰৰ দৰে হীৰাৰ বজাৰ স্থাপন কৰা হৈছে। ৰাস্তা-ঘাট আৰু খোজকাঢ়ি যোৱা পথত বহি হীৰা ক্ৰয়-বিক্ৰয় কৰা হয়।

অধিক অনুসন্ধান কৰি আমি জনসত্তাৰ এক প্ৰতিবেদন পালোঁ। তাত উল্লেখ কৰা হৈছিল যে চুৰাটৰ মহিধৰপুৰা আৰু বাৰাছা অঞ্চলত হীৰা বজাৰৰ আয়োজন কৰা হয়। তাত পথৰ দাঁতিত হীৰা কিনা-বেচা কৰা হয়। সাধাৰণ মানুহে যাতায়তৰ বাবেও এই পথটো ব্যৱহাৰ কৰে। ইফালে খবৰ বিয়পি পৰিল যে বজাৰৰ এঠাইত হীৰা পৰি আছে। তাৰ পিছতেই বহু লোক হীৰা বুটলিবলৈ আহিছিল।

অৱশ্যে যেতিয়া হীৰাৰ সত্যতা পোহৰলৈ আহিল, মানুহ আচৰিত হৈ পৰিল। প্ৰতাৰিত অনুভৱ কৰিলে। বুটলি অনা হীৰাবোৰ পৰীক্ষা কৰি গম পালে যে সেয়া খনন কৰি অনা অথবা লেবত বনোৱা হীৰা নহয়, বৰং আমেৰিকান ডাইমণ্ডহে, তাৰ বজাৰ মূল্য বেছি নহয়।

হিন্দুস্তান পেজত প্ৰকাশ পোৱা মতে পথত হীৰা বিচাৰি উলিওৱা লোকসকলৰ ভিতৰত এজন অৰবিন্দ পাণছেৰিয়াই কয় যে এজন লোকে হীৰা পাইছিল যদিও সেয়া নকল হীৰা। আচলতে সেয়া আছিল আমেৰিকান হীৰা যিবোৰ নকল গহনা বা শাৰীৰ কামত ব্যৱহাৰ কৰা হয়।

গোটেই ঘটনাটোলৈ চাই বুজিব পাৰি যে কোনোবাই কিবা ডাঙৰ দুষ্টামি কৰিছে। মানুহে এই কথা বুজিব নোৱাৰি হীৰা বিচাৰিবলৈ ধৰিলে। যোৱা ২৪ ছেপ্টেম্বৰত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

এই খবৰটো বহু সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। যিটো ইয়াত, ইয়াত আৰু ইয়াত দেখা যায়। প্ৰকাশিত বাতৰিৰ ক’তো বজাৰত ভয়াৱহ মন্দাৱস্থাৰ বাবে হীৰা ব্যৱসায়ীসকলে নিজৰ হীৰা পথত দলিয়াই দিয়াৰ কোনো উল্লেখ নাই। সেয়েহে ভাইৰেল দাবী যে বিভ্ৰান্তিকৰ সেই কথা স্পষ্ট হৈ পৰে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে হীৰা ব্যৱসায়ীয়ে পথত হীৰা দলিওৱা দাবীটো বিভ্ৰান্তিকৰ। পথত পৰি থকা হীৰাবোৰ নকল আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মন্দাৱস্থাৰ বাবে চুৰাটৰ হীৰা ব্যৱসায়ীয়ে পথত হীৰা দলিয়াইছিল নেকি?

Written By: Debanjana Baishya

Result: Misleading