বহু পুৰণি ফটোৰে দাবী কৰা হৈছে যে এয়া শেহতীয়াকৈ ঢাকাত ছাত্ৰ-ছাত্ৰীয়ে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা দৃশ্য।  

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি লিখা হৈছে- ‘ঢাকাৰ ট্ৰেফিক নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষীক সহায় কৰিবলৈ পথত নামিছে ছাত্ৰ ছাত্ৰীৰ দল।’ এই খবৰে শিৰোনামা দখল কৰিলে বিশ্বৰ মূল সুঁতিৰ বাতৰি কাগজত। এইদৰে ফটোখন ব্যৱহাৰ কৰি দাবী কৰা হৈছে যে সেয়া বাংলাদেশৰ ৰাজধানী ঢাকাৰ শেহতীয়া দৃশ্য আৰু এইদৰে ঢাকাৰ ছাত্ৰ-ছাত্ৰীয়ে ট্ৰেফিক নিয়ন্ত্ৰণত ব্যস্ত হৈছে।  […]

Continue Reading

২০১৫ চনৰ নেপালৰ ত্ৰিশুলী নদীৰে ছাত্ৰ-ছাত্ৰী বিপজ্জনকভাৱে পাৰ হোৱা দৃশ্য অসমৰ নগাঁৱৰ কলং নদীৰ বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে এটা বিশেষ ভিডিঅ’ অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে একাংশ ছাত্ৰ-ছাত্ৰীয়ে কেবল কাৰৰ সহায়ত অতি বিপজ্জনকভাৱে নদী পাৰ হৈ বিদ্যালয়লৈ গৈছে। দাবী কৰা হৈছে যে সেয়া অসমৰ নগাঁও জিলাৰ কলং নদীৰ দৃশ্য। ছাত্ৰ-ছাত্ৰীয়ে এইদৰে কলং পাৰ হৈ বিদ্যালয়লৈ যায় বুলি প্ৰচাৰ কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈও ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে […]

Continue Reading

হিজাব পিন্ধা মুছলমান ছাত্ৰীক শ্ৰেণীকোঠাত প্ৰহাৰ কৰা ভিডিঅ’টো ভাৰতৰ নেকি? সত্যটো কি জানক।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ খুব্বাপুৰ গাঁৱত এখন ব্যক্তিগত বিদ্যালয়ৰ এজন শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে, যিয়ে এগৰাকী সাত বছৰীয়া শিশুক মুছলমান সহপাঠীক আঘাত কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ভাইৰেল ভিডিঅ’ এটাত শিক্ষকজনে শাৰী পাতি থকা ল’ৰা-ছোৱালীক কান্দি থকা সহপাঠীজনক অধিক জোৰেৰে আঘাত কৰিবলৈ কৈছে আৰু তেওঁৰ ধৰ্মকো উপহাস কৰি আছে। এই পটভূমিত […]

Continue Reading

জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা নাই

যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন আগশাৰীৰ ইউনিভাৰ্চিটিত আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে, সেই সময়তে ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত কিছু বন্দুক-বাৰুদ দেখা গৈছে য’ত লগতে লিখা হৈছে যে এই অবৈধ মাৰণাস্ত্ৰবোৰ জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা উদ্ধাৰ কৰা হৈছে ।  […]

Continue Reading