ভাৰতৰ ৰাজস্থানৰ পুৰণি অপ্ৰাসংগিক ভিডিঅ’ আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ আফগানিস্তান আৰু পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে। আফগানিস্তানে ডুৰাণ্ড লাইন দখল কৰা বুলিও খবৰ আহিছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশত এখন বিমান ধ্বংসপ্ৰাপ্ত হৈ জ্বলি থকা দেখা গৈছে আৰু আনটো দৃশ্যাংশত টেংকাৰ আৰু অন্যান্য গাড়ীৰ কনভয় এটা গৈ থকা দেখা গৈছে। দাবী কৰা হৈছে […]

Continue Reading

উৰিষ্যাৰ বালাছ’ৰত মৃত মহিলা এগৰাকীৰ‌ হাড় ভাঙি পেলোৱাৰ দৃশ্য বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছে য’ত দেখা গৈছে সাধাৰণ মানুহৰ বাবে এক অসহনীয় দৃশ্য। ফটোখনত দেখা গৈছে কোনো এক চিকিৎসালয়ৰ ষ্ট্ৰেছাৰত এটা মৃতদেহৰ ওচৰত আছে দুজন ব্যক্তি, এজন ব্যক্তিক মৃতদেহটোৰ ওপৰত উঠি ভৰিখন ধৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে পিতা-পুত্ৰৰ‌ হাতত মৃতদেহটো এম্বুলেন্সেৰে ঘৰলৈ নিব পৰাকৈ টকা নাছিল আৰু সেয়ে তেওঁলোকে […]

Continue Reading

আহমেদাবাদ বিমান দুৰ্ঘটনাৰ সময়ৰ ভিডিঅ’ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ বুলি ভাইৰেল।

এখন চিকিৎসালয়ত কোনো ব্যক্তিক ততাতৈয়াকৈ ষ্ট্ৰেছাৰত উঠাই লৈ অহা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত টেক্সট অ’ভাৰলে আছে ‌এইদৰে, “অসমৰ সম্পদ জুবিন গাৰ্গ আৰু দাদাক কেতিয়াও দেখা নাপাওঁ আজিৰ পৰা। আপুনি অসমবাসীৰ হৃদয়ত আছিল আৰু সদায় থাকিবা।” এই ভিডিঅ’টো জুবিন গাৰ্গক চিকিৎসালয়লৈ লৈ যোৱাৰ দৃশ্য বুলি এইদৰে দাবী কৰা হৈছে। Facebook Link | Archived […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ জুবিন গাৰ্গক ছিংগাপুৰৰ সাগৰৰপৰা পাৰলৈ লৈ অহাৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কোনো এক সাঙীত নৌসেনা বাহিনীৰ পোছাক পৰিধান কৰা লোক কিছুমান কাৰোবাক সাগৰৰ পৰা পাৰলৈ লৈ আহি আছে। দাবী কৰা হৈছে যে সেয়া ছিংগাপুৰৰ সাগৰত দুৰ্ঘটনাত পতিত হোৱা জুবিন গাৰ্গক সাগৰৰ পৰা পাৰলৈ লৈ অহাৰ দৃশ্য। Facebook Link | Instagram Link  Archived Link  আমি ফেক্ট […]

Continue Reading

পুৰণি ফটো জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ বুলি ভাইৰেল।

ছিংগাপুৰত এক দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা প্ৰখ্যাত শিল্পী জুবিন গাৰ্গৰ এখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ফটোখনত জুবিন গাৰ্গক এখন হস্পিতালৰ বিচনাত শুই থকা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ ফটো। Facebook Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ফটোকেইখন […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ফটো জুবিন গাৰ্গৰ ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষাৰ সৈতে জড়িত কৰি শ্বেয়াৰ কৰা হৈছে।

ছিংগাপুৰত প্ৰখ্যাত গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষা ছিংগাপুৰ জেনেৰেল হস্পিতালত কৰা হয়। কিন্তু জনসাধাৰণৰ দাবী আৰু প্ৰাৰম্ভিক ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষাৰ সঠিকতা আৰু আইনী বৈধতাক লৈ হোৱা উদ্বেগৰ বাবে গুৱাহাটীত দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা অৰ্থাৎ গতানুগতিক মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। এই পটভূমিত ছিংগাপুৰত হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ সৈতে জড়িত কৰি ছ’চিয়েল […]

Continue Reading

মুম্বাই বিমানবন্দৰত উপস্থিত হোৱা ছলমান খানৰ পুৰণি ভিডিঅ’ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ছলমান খান গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা বুলি ভাইৰেল।

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই ছলমান খান গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। Thread Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ৬ ছেপ্টেম্বৰত Asomlive […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ জুবিন গাৰ্গৰ ছিংগাপুৰ দুৰ্ঘটনাৰ পাছৰ বুলি ভাইৰেল।

২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত এক শোকাৱহ দুৰ্ঘটনাত বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু হয়। এই পটভূমিত কোনো ট্ৰমা চেণ্টাৰৰ যেন লগা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ভিডিঅ’টোত জুবিন গাৰ্গক তেওঁৰ দুৰ্ঘটনাৰ পিছত ছিংগাপুৰৰ এখন চিকিৎসালয়ত থকা দেখা গৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড […]

Continue Reading

শেহতীয়া এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ খেলখন শ্বাহিদ আফ্ৰিদী জয় শ্বাহ আৰু অনুৰাগ ঠাকুৰে একেলগে বহি উপভোগ কৰিছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ২০২৫ চনৰ ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত এছিয়া কাপ ২০২৫ৰ খেলত ভাৰতীয় ক্ৰিকেট দলটো প্ৰথমবাৰ সম্মুখীন হয় পাকিস্তানী ক্ৰিকেট দলৰ। পেহেলগামৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত খেল বৰ্জনৰ বাবে বহু লোকে আহ্বান জনাইছিল। এই পৰিপ্ৰেক্ষিতত পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীৰ সৈতে আই চি চিৰ অধ্যক্ষ জয় শ্বাহ আৰু বিজেপি নেতা অনুৰাগ ঠাকুৰে একেলগে বহি খেল উপভোগ […]

Continue Reading

যোৱা আগষ্টত ইন্দোনেছিয়াৰ বেংকুলুত হোৱা প্ৰতিবাদৰ দৃশ্য নেপালৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

নেপালৰ শেহতীয়া পৰিস্থিতি বুলি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে অজস্ৰ লোক কোনো এক চৌহদৰ বাহিৰত একত্ৰিত হৈ চৌহদটোৰ লোহাৰ গেট আৰু জেওৰা ভাঙিবলৈ চেষ্টা কৰিছে। চৌহদৰ ভিতৰত পুলিচ বাহিনী ঢাল লৈ সাজু হৈ থকা দেখা গৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading