দিল্লী এনচিআৰৰ ভূমিকম্প বুলি তুৰস্কৰ পুৰণি দৃশ্য ভাইৰেল কৰা হৈছে। 

শেহতীয়াভাৱে এটা ভিডিঅ অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈছে। ভিডিঅ”টো ভূমিকম্পত আক্ৰান্ত অট্টালিকা আৰু অঞ্চলৰ।  যোৱা মঙলবাৰে দিল্লী এনচিআৰকে ধৰি উত্তৰ ভাৰতৰ বহু ৰাজ্যত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। যাৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.২ আছিল। দুপৰীয়া প্ৰায় ২:৫১ মান বজাত ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভৱ কৰা হৈছিল। যাৰ কেন্দ্ৰবিন্দু নেপাল বুলি কোৱা হৈছিল। এই ভূমিকম্পৰ সন্দৰ্ভত ছ’চিয়েল […]

Continue Reading

এইখন দিল্লী আৰক্ষীয়ে শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ সময়ত শিশুৰ ওপৰত কৰা লাঠী চার্জৰ ফটো নহয়

শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত দেশৰ ৰাজধানী দিল্লী উত্তাল হৈ পৰিছিল আৰু ধীৰে ধীৰে এই প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছিল । দিল্লীত বিভিন্ন সংঘৰ্ষত ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ।  দিল্লী আৰক্ষীৰ বিৰুদ্ধে বিভিন্নজনে বিভিন্নধৰণৰ অভিযোগ তুলিছে । বহুতে অভিযোগ কৰিছে যে দিল্লী আৰক্ষীয়েহে অশান্তি বিয়পাইছে । ছচিয়েল মিডিয়াত […]

Continue Reading

দিল্লীৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় ফলাফলৰ পাছত মনোজ তিৱাৰীয়ে এক সাক্ষাৎকাৰৰ সময়ত এই দৰেই কান্দি উঠিছিল নেকি?

শেহতীয়াকৈ ঘোষিত দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলে বিজেপিক বাৰুকৈয়ে অস্বস্তিত পেলাইছে । বিশেষকৈ দিল্লী বিজেপি প্ৰধান মনোজ তিৱাৰীয়ে বাৰুকৈ লাজ পাইছে । মিডিয়া ৰিপৰ্ট কিছুমানৰ মতে বিজেপিৰ দিল্লী নিৰ্বাচনৰ শোচনীয় ফলাফলৰ বাবে তিৱাৰীয়ে আনকি পদত্যাগ কৰাৰো প্ৰস্তাৱ দিছে ।  এইখিনি সময়তে ছচিয়েল মিডিয়াত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত তিৱাৰীক এক সাক্ষাৎকাৰৰ সময়ত আবেগিক হৈ […]

Continue Reading

শ্বাহীন বাগৰ ফটোশ্বপ কৰা ছবি ব্যৱহাৰ কৰি মিছাকৈ প্ৰতিবাদকাৰীয়ে টকা লৈ ধৰ্ণাত অংশ লৈছে বুলি প্ৰচাৰ কৰা হৈছে!

যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে, দিল্লীৰ শ্বাহীন বাগ নামৰ ঠাইখনত হৈ থকা প্ৰতিবাদৰ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ এটা দলক এখন বন্ধ হৈ থকা দোকানৰ সন্মুখত থিয় হৈ থকা দেখা […]

Continue Reading

জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা নাই

যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন আগশাৰীৰ ইউনিভাৰ্চিটিত আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে, সেই সময়তে ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত কিছু বন্দুক-বাৰুদ দেখা গৈছে য’ত লগতে লিখা হৈছে যে এই অবৈধ মাৰণাস্ত্ৰবোৰ জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা উদ্ধাৰ কৰা হৈছে ।  […]

Continue Reading

মনোজ তিৱাৰীয়ে ফটকা ফুটাই থকা ফটোখন পাঁচ বছৰ পুৰণি!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট দেৱালীৰ পাছতেই স্মগৰ কাৰণে ৰাজধানী দিল্লী এটা গেছ চেম্বাৰলৈ পৰ্যবসিত হৈছিল আৰু সাধাৰণ  মানুহৰ মাজত এক হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । এতিয়া অৱশ্যে পৰিস্থিতি যথেষ্ট উন্নত হৈছে বুলি জানিব পৰা গৈছে ।  স্মগৰ মাত্ৰা কমিছে যদিয়ো ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল […]

Continue Reading