বিহাৰৰ এজন অধিবক্তাক আৰক্ষীয়ে টানি নিয়া দৃশ্যকে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াভাৱে যোৱা ২০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে আৰক্ষী-প্ৰশাসনৰ লোকে এগৰাকী ক’লা চ্যুট পৰিহিত লোকক বলপূৰ্বক টানি লৈ গৈছে। সেই দৃশ্যটো আপলোড কৰি সেয়া অসমৰ মুখ্যমন্ত্ৰী বুলি দাবী কৰিছে ব্যৱহাৰকাৰীজনে।    Facebook Link Archived Link […]

Continue Reading

হিন্দী গীতত নৃত্য কৰি থকা এই মহিলাগৰাকী দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নহয়।

ৰেখা গুপ্তাই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰেপৰা বিভিন্ন ধৰণৰ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত এগৰাকী মহিলাই এটি হিন্দী গীতত নৃত্য কৰি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে মহিলাগৰাকী দিল্লীৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “দিল্লীৰ নতুন মুখ্যমন্ত্ৰী জনীৰ […]

Continue Reading

ভিডিঅ’টোত তৰোৱাল-চালনা প্ৰদৰ্শন কৰা মহিলাগৰাকী দিল্লীৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নহয়।

যোৱা ২০ ফেব্ৰুৱাৰীত ৰেখা গুপ্তাই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই পৰিপ্ৰেক্ষিতত এগৰাকী মহিলাই তৰোৱাল চালনা প্ৰদৰ্শন কৰা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত আৰু দাবী কৰা হৈছে যে মহিলাগৰাকী দিল্লীৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “নাৰী শক্তিৰ এক  নিদৰ্শন ❤️🙏 দিল্লীৰ বিজেপিৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী মাননীয়া […]

Continue Reading

তৰোৱালচালনা কৰি থকা এই ব্যক্তিগৰাকী ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা নহয়।

শেহতীয়াকৈ মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী মোহন যাদৱে তৰোৱাল যুঁজ কৰা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছত এইকেইদিন চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আন এটা তৰোৱালচালনাৰ ভিডিঅ’। দাবী কৰা হৈছে যে এই ভিডিঅ’টোত তৰোৱালচালনা কৰা ব্যক্তিজন হৈছে ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল য’ত কেপশ্বন লিখা আছিল এইদৰে – […]

Continue Reading

স্কুল ইউনিফৰ্মত ৰীল বনালে জৰিমনা ভৰিব লাগিব নেকি?

শেহতীয়াকৈ এটা বিশেষ বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। বাতৰিটোত লিখা আছে এইদৰে: “এতিয়াৰে পৰা স্কুল ইউনিফৰ্মত Reels বনালে যাব লাগিব জেললৈ অন্যথা ভৰিব লাগিব ৫০ হাজাৰ টকা জৰিমনা”। এই বাতৰিটো বিভিন্নজনে চ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰা দেখা গৈছে। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত আৰু ইয়াতো দেখিবলৈ পাব। আমি ফেক্ট […]

Continue Reading