FACT CHECK: ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক ১৪ ফেব্ৰুৱাৰীৰ দিনটোত মৃত্যুদণ্ড দিয়া হোৱা নাছিল।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ১৪ফেব্ৰুৱাৰীৰ দিনটোত ভেলেন্টাইনছ ডে’ পালন কৰা হয় আৰু ছোচিয়েল মিডিয়াতো প্ৰেমৰ দিনটো সম্পৰ্কত অযস্ৰ পোষ্টৰ জোৱাৰ উঠিছিল। কিন্তু, ছোচিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টে এই বুলি দাবী কৰে যে ১৯৩১ চনৰ এই দিনটোতেই লাহোৰত শ্বহীদ ভগৎ সিং,সুখদেৱ আৰু ৰাজগুৰুক মৃত্যুদণ্ড দিয়া হৈছিল আৰু সেইবাবেই এই দিনটো গুৰুত্বপূৰ্ণ। ভগৎ সিং,সুখদেৱ আৰু ৰাজগুৰুৰ ফটো […]

Continue Reading

FACT CHECK: ভাৰতৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত আণ্ডাৰটেকাৰে টুইট কৰা নাই!

আণ্ডাৰটেকাৰৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলৰ পৰা কৃষক বিদ্ৰোহক সমৰ্থন কৰি লিখা যেন লগা এটা টুইটৰ স্ক্ৰিনশ্বট এতিয়া ছেচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। ফটোত দেখা গৈছে যে মল্লযোদ্ধাগৰাকীয়ে এখন প্লেকাৰ্ড ডাঙি ধৰিছে, যত লিখা আছে “LET’S TEAM UP!”(আহা দল বান্ধো) সেই টুইটটোত লিখা আছে, “We cannot even think of our healthy body without the crops […]

Continue Reading

Fact Check: গুজৰাটৰ এক পাৰ্কিং লটত এটা সিংহই বিচৰণ কৰা দৃশ্য অসমৰ বুলি ভাইৰেল কৰা হৈছে!

যিমানেই মহানগৰসমুহ ডাঙৰ হৈ গৈ আছে, সিমানই বন্য জীৱজন্তুৱে জনবসতিপূৰ্ণ অঞ্চলত ঘুৰি ফুৰা দৃশ্য সঘনাই দেখিবলৈ পোৱা হৈছে, কেতিয়াবা ভিন্ন দাবীৰে সেই দৃশ্য ভাইৰেল হয়। তেনেকুৱায়ে এটা চিচিটিভি দৃশ্য,যত এটা মাইকী সিংহই সাধাৰণভাৱে খোজ কাঢ়ি থকা আৰু জাঁপ মাৰি দেৱাল পাৰ হৈ যোৱা দেখা গৈছে, অসমত হোৱাটছএপত ভাইৰেল হৈ পৰিছে।  ভাইৰেল মেছেজটোত লিখা হৈছে যে […]

Continue Reading

FACT CHECK: চীনা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত কন্ঠস্বৰৰ লগতে শাৰীৰিক পৰিৱৰ্তন হৈছে বুলি কৰা দাবীটো মিছা!

বহু অপেক্ষাৰ অন্তত,অৱশেষত বিভিন্ন দেশত এতিয়া ক’ৰনা ভাইৰাছ ভেকচিন উপলব্ধ হৈ পৰিছে।চীন দেশেও ক’ৰনাভাইৰাছক প্ৰতিহত কৰিবলৈ তেওঁলোকৰ ভেকচিন প্ৰদান কৰা কাৰ্য আৰম্ভ কৰিছে। এইসময়ত বিভিন্ন ছোচিয়েল মিডিয়া পোষ্ট আৰু বিভিন্ন প্ৰতিস্থানৰ বাতৰি পোহৰলৈ আহিছে য’ত চীন দেশৰ ভেকচিনক মস্কৰা কৰা হৈছে আৰু কিছুমানে তো এখোপ ওপৰলৈ গৈ ইয়াকো কৈছে যে চীন দেশৰ ভেকচিন ব্যৱহাৰ কৰিলে […]

Continue Reading

FACT CHECK: পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোট এই বছৰৰ মাৰ্চৰ পৰা অচল নহয়!

শেহতীয়াভাবে বহুকেইটা সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত এটা কথা বহুলভাৱে প্ৰচাৰ হৈছে যে এইবছৰৰ মাৰ্চৰ পৰা ভাৰতত পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোটসমুহ অচল হৈ পৰিব। অসমৰো বহুতো ফেচবুক একাউন্টৰ পৰা এইধৰণৰ পোষ্ট কৰা দেখা গৈছে।  এনডি২৪ নামৰ এক নিউজ পৰ্টেলৰ ফেচবুক পেজত এই বিষয়ে এক বাতৰি যোৱা ২৩ জানুৱাৰী, ২০২১ তাৰিখে প্ৰকাশ কৰা হৈছে […]

Continue Reading