বিমানৰ ভিতৰত সুৰক্ষাৰ ঘোষণা সংস্কৃত ভাষাত সঁচাকৈয়ে কৰা হৈছিল নেকি?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিমানৰ ভিতৰত সুৰক্ষাৰ ঘোষণা সংস্কৃত ভাষাত কৰা হোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰ (৯০৪৯০৫৩৭৭০)লৈ প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে ইয়াৰ সত্যাসত্য জানিব বিচাৰিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ আৰু ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি […]

Continue Reading

ফটোখনত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ সৈতে এয়া কুলৱিন্দৰ কৌৰ নহয়। সেইগৰাকী ৰাজস্থানৰ কংগ্ৰেছ সাংসদ বিদ্যা মাদেৰ্না হে। 

শেহতীয়াভাবে অসমত এখন ফটো বিয়পি পৰিছে । ফটোত দেখা গৈছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ মাজত এগৰাকী মহিলা থিয় হৈ আছে। ফটোখনত হিন্দীতে লিখি দাবী কৰা হৈছে যে সেইগৰাকী হৈছে কুলৱিন্দৰ কৌৰ যিয়ে কংগনা ৰানাৱতক শাৰীৰিক আক্ৰমণ কৰিছিল।  এগৰাকী ব্যৱহাৰকাৰীয়ে সেইখন আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি সেয়া […]

Continue Reading

কেৰালাৰ ত্ৰিশূৰ সমষ্টিৰ সাংসদ সুৰেশ গোপীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব বিচাৰিছে নেকি?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কেৰেলাৰ ত্ৰিশূৰ সমষ্টিৰ সাংসদ সুৰেশ গোপী সম্পৰ্কে এটা খবৰ ব্যাপকভাৱে ভাইৰেল হৈছে। দাবী কৰা হৈছে যে শপত গ্ৰহণৰ এদিন পাছতে অভিনয়ৰ বাবে মন্ত্ৰীত্ব এৰিব বিচাৰিছে সাংসদ সুৰেশ গোপীয়ে। চিনেমাৰ শ্বুটিঙৰ বাবে তেওঁ মন্ত্ৰীত্বৰ দায়িত্ব এৰিব বিচাৰিছে বুলি দাবী কৰা হৈছে।  ফেচবুকত বহু অসমীয়া নিউজ প’ৰ্টেলে এই খবৰ প্ৰকাশ কৰিছে। Facebook Link | […]

Continue Reading

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত এইদৰে কন্দা নাছিল বিজেপি নেত্ৰী নৱনীত ৰানাই।

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ বিয়পিছে । ভিডিঅ’টোত দেখা গৈছে যে শেহতীয়া ১৮ সংখ্যক লোকসভা নিৰ্বাচনত অমৰাৱতী সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বীতা কৰি পৰাজয় বৰণ কৰা প্ৰাৰ্থী নৱনীত ৰাণাই হাস্পতালৰ বিচনা এখনত বহি কান্দি আছে আৰু তেওঁক তেওঁৰ স্বামীয়ে সান্তনা প্ৰদান কৰিছে। ভিডিঅ’টো ফেচবুকত পোষ্ট কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে- ইলেকচনত হাৰি কান্দি তত পোৱা […]

Continue Reading

বদৰুদ্দিন আজমলে জিভা পিছলি ৰবিকুল হুছেইনেই জয়লাভ কৰিব আৰু তেওঁ জিকাৰ প্ৰশ্নয়ে নাই বুলি কৈছিল  

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এটা ফেচবুক একাউণ্টত সেই ভিডিঅ’টো আপলোড কৰি ভিডিঅ’টোৰ ওপৰত লিখি দিয়া হৈছে- “সচা কথা কোৱাৰ বাবে ধন্যবাদ। ধুবুৰীত ৰকিবুল হুছেইন জিকিব” । ভিডিঅ’টোত অসমৰ ৰাজনৈতিক দল এআইইউডিএফৰ মুৰব্বী তথা প্ৰাক্তন সাংসদ আৰু সদ্যঘোষিত ১৮ সংখ্যক লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ […]

Continue Reading

কংগনা ৰানাৱতৰ সৈতে এয়া আবু চালেম নহয়, সাংবাদিক মাৰ্ক মেনুৱেল হে।

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এখন ফটো ভাইৰেল ৰৈ পৰা দেখা গৈছে। দাবী কৰা হৈছে যে বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱতে গেংষ্টাৰ আবু চালেমৰ সৈতে একেলগে ফটো উঠিছে।  আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই স্ক্ৰীণশ্বটটো প্ৰেৰণ কৰি সেই কথা সঁচা নেকি জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।  Archived Link কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন তেওঁৰ খুৰাক বুলি কৈছিল নেকি?

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা ভিডিঅ’ ক্লিপ ভাইৰেল হৈছে এই দাবীৰে যে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন প্ৰধানমন্ত্ৰী মোডীৰ খুৰাক আছিল বুলি তেওঁ কৈছিল। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল সত্যতা নিৰূপণৰ বাবে। Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

২০২৩ৰ চেপ্তেম্বৰৰে পৰা বিভিন্ন ভাষাৰে বিভিন্ন দেশৰ বুলি দাবী কৰি শ্বেয়াৰ হৈ থকা ভিডিঅ’ এটা ভাৰতৰ শেহতীয়া ৰিমাল ঘূৰ্ণীবতাহৰ বুলি দাবী কৰি পুনৰ প্ৰচাৰ।  

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এটা ফেচবুক পেজে সেই ভিডিঅ’টো আপলোড কৰি দাবী কৰিছে যে সেইটো আমাৰ দেশৰ ভিডিঅ’ আৰু সেয়া শেহতীয়া ঘূৰ্ণীবতাহ ৰিমালৰ প্ৰভাৱ। পোষ্টটো কৰি লিখিছে- দেশৰ ভিন্ন প্ৰান্তত ৰেমলে ভয়ানক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।  Facebook Link। Archived Link  কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

তৰমুজত ৰাসায়নিক পদাৰ্থ মিহলাই থকা এই ভিডিঅ’টো এটা স্ক্ৰীপ্টেড ভিডিঅ’।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে মুখত কাপোৰ বান্ধি থকা এজন ব্যক্তিক তৰমুজত ৰাসায়নিক পদাৰ্থ মিহলি কৰি থকা বুলি এজন পুলিচে লাঠী দেখুৱাই ধমক দি আছে। পুলিচজনক ভিডিঅ’টোত দেখা যোৱা নাই যদিও লাঠীডাল আৰু ভিডিঅ’টোত হোৱা কথা-বতৰাৰ পৰা আনজন ব্যক্তি পুলিচ বুলি বুজিব পৰা যায়। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে […]

Continue Reading

২২মে’ৰ পৰা ২৮ মে’লৈ Equinox বা বিষুৱকাল নহয়। Equinox বা বিষুৱকালৰ সৈতে শৰীৰত পানীৰ পৰিমান কমি যোৱাৰ কোনো বৈজ্ঞানীক ভিত্তি নাই।  

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এখন স্ক্ৰীণশ্বটত লিখা হৈছে যে ২২ মে’ৰ পৰা ২৮মে’ৰ ভিতৰত সূৰ্য্যটো পৃথিৱীৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ অৱস্থান কৰি মুৰৰ ওপৰত থাকিব আৰু ই শৰীৰত ডিহাইড্ৰেছন বা জলহীনতাৰ সৃষ্টি কৰিব। ইয়াকে একুইনোক্স(Equinox) বা বিষুৱকাল বুলি কোৱা হয়। সেইবাবে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়া হৈছে মেছেজটোত। […]

Continue Reading