টাটা গ্ৰুপে ৰাষ্ট্ৰপতি কোবিন্দৰ কন্যাক স্থানান্তৰ কৰা নাছিল; বাতৰিটো পুৰণি 

এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ কাষত থিয় হৈ থকা দুগৰাকী এয়াৰহোষ্টেছক দেখুওৱা এখন ছবি ছচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে যে ছবিখনত ৰাষ্ট্ৰপতি কোবিন্দৰ জীয়েকক দেখুওৱা হৈছে যাক টাটা কৰ্তৃপক্ষই শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পদৰ পৰা এক আভ্যন্তৰীণ পদলৈ স্থানান্তৰ কৰিছে।  পোষ্টটোত দাবী কৰা হৈছে যে তেওঁক নিৰাপত্তাজনিত কাৰণত টাটা কৰ্তৃপক্ষই  স্থানান্তৰ কৰিছে ।  Facebook Link […]

Continue Reading

ৰাষ্ট্ৰপতি কোবিন্দে দেশৰ সকলো ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ড ঘোষণা কৰা নাই

অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ থকা এটা পোষ্টত দাবী কৰা হৈছে যে ভাৰতীয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সকলো ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ড ঘোষণা কৰিছে। পোষ্টটো এখন পোষ্টাৰৰ সৈতে শ্বেয়াৰ কৰা হৈছে য’ত ৰাষ্ট্ৰপতিৰ ছবি আছে । ইয়াক নিম্নলিখিত শিৰোনামৰ সৈতে শ্বেয়াৰ কৰা হৈছে: “এতিয়াৰ পৰা ধৰ্ষণ কৰিলেই চিধা ফাঁচী” ঘোষণা কৰিলে দেশৰ মহামান্য ৰাষ্ট্ৰপতিয়ে। আদৰণি জনাইছোঁ […]

Continue Reading

এই ল’ৰাটোৰ অদ্ভূত আচৰণ পাবজি গেমৰ আসক্তিৰ বাবে নহয়! 

শেহতীয়াকৈ এখন ষ্ট্ৰেচ্ছাৰত পৰি থকা অৱস্থাত হাতেৰে বিভিন্ন ইংগিত দি থকা এজন ল’ৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টো এই দাবীৰ সৈতে ভাইৰেল হৈ পৰিছে যে এই ল’ৰাজন মোবাইল গেম, পাবজিৰ প্ৰতি আসক্ত । দাবীটোত কোৱা হৈছে যে এই গেমৰ প্ৰতি তেওঁৰ আসক্তিৰ বাবে তেওঁৰ এই অৱস্থা হৈছে ।  এনে এটা পোষ্ট ১০ এপ্ৰিল, […]

Continue Reading

ভিডিঅ’ত থকা প্ৰাণীটো ‘লক নেছ’ দৈত্য নহয়!

দৈত্য মাছৰ দৰে দেখা পানীত সাঁতুৰি থকা এটা প্ৰাণীৰ ভিডিঅ’ ভাইৰেল হৈ আছে আৰু দাবী কৰা হৈছে যে ই হৈছে ‘লক নেছ’ মনষ্টাৰ যি স্কটলেণ্ডৰ লোক কাহিনীৰ এটা অংশ হিচাবে জনাজাত হয় ।  ১১ এপ্ৰিল, ২০২২ তাৰিখে নিশা ৮:৫১ বজাত টাইম৮ পৃষ্ঠাৰ দ্বাৰা প্ৰকাশিত ফেচবুক পোষ্টটো ইয়াত দিয়া হৈছে। পোষ্টৰ শিৰোনামটোত উল্লেখ কৰা হৈছে “এটা […]

Continue Reading

‘এছবিআই’য়ে আদানী গ্ৰুপৰ ঋণ ৰেহাই দিয়া নাই 

ভাৰতীয় ষ্টেট বেংকে (এছবিআই) আদানী গ্ৰুপৰ ১২,৭৭০ কোটি টকাৰ ঋণ ৰেহাই দিয়া বুলি দাবী কৰা বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্ট শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।  এনে ধৰণৰ এক ফেচবুক পোষ্ট অসমত ভাইৰেল হৈ পৰিছে য’ত আদানীৰ এখন ফটো আপলোড কৰা হৈছে । উক্ত ফটোখনত “গৌতম আদানীক ১২ হাজাৰ ৭৭০ কোটি ঋণ ৰেহাই দিলে ষ্টেট বেংক অফ ইণ্ডিয়াই” […]

Continue Reading

অসমৰ মুখ্যমন্ত্ৰীৰ কনভয় ৰখাৰ বাবে কোনো ট্ৰেফিক পুলিচক ৰিজাৰ্ভ ক্লজ কৰা হোৱা নাই! 

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় প্ৰায়ে ছ’চিয়েল মিডিয়াত আলোচনাৰ বিষয় হৈ আহিছে। শেহতীয়াকৈ একাধিক পোষ্ট ভাইৰেল হৈ পৰিছে য’ত কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ কনভয় চলাচলৰ সময়ত তেওঁৰ কনভয়ক ৰখাই থোৱাৰ বাবে এজন ট্ৰেফিক আৰক্ষী বিষয়াক “ৰিজাৰ্ভ ক্লজ” কৰা হৈছে । পোষ্টসমূহত দাবী কৰা হৈছে যে এই নিৰ্দিষ্ট কনিষ্টবলজনে মুখ্যমন্ত্ৰীৰ কনভয়ক দুই মিনিটৰ বাবে ৰখাইছিল […]

Continue Reading

এক অভিনয়ৰ অংশ হিচাবে অনুপম খেৰক চৰ মৰাৰ এক পুৰণি ভিডিঅ’ শেহতীয়া ঘটনা বুলি ভাইৰেল হৈছে!

শেহতীয়াকৈ কাশ্মীৰ ফাইলছ নামৰ এখন বিতৰ্কিত চিনেমাক লৈ বিভিন্ন লিখনি, ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এনে সময়তে ছবিখনৰ অন্যতম অভিনেতা, অনুপম খেৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে কাশ্মীৰ ফাইলছ ৰিলীজ হোৱাৰ পিছত ভিডিঅ’টোত দেখাৰ দৰে তেওঁক চৰ মৰা হৈছে ।  এনে এটা পোষ্ট: Facebook Link | Archived Link […]

Continue Reading

২০১৯ চনৰ শ্ৰীলংকাৰ এখন বিশ্ববিদ্যালয়ৰ ভিডিঅ’ ভাৰতত মুছলমান মহিলাক উৎপীড়ন কৰা বুলি শ্বেয়াৰ কৰা হৈছে!

কৰ্ণাটকৰ হিজাব বিতৰ্কৰ বিষয়ত সমগ্ৰ দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ হৈছে য’ত দেখা গৈছে যে ল’ৰাৰ এটা দলে বোৰ্খা পিন্ধা মহিলা কেইগৰাকীমানৰ ওপৰত বাল্টিৰে পানী দলিয়াই আছে।  ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে ভিডিঅ’টো ভাৰতৰ। কিছুমান ব্যৱহাৰকাৰীয়ে এইটোও দাবী কৰিছে যে ভিডিঅ’টো কৰ্ণাটকৰ য’ত হিন্দু ল’ৰাসকলক […]

Continue Reading

প্ৰাক্তন মিছ ইউক্ৰেইন আনাস্তাছিয়া লেন্নাই ইউক্ৰেইন সেনাত যোগদান কৰা নাই!

ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান ঘোষণা কৰাৰ পিছত, ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিস্ফোৰণ আৰু আক্ৰমণৰ ভিডিঅ’ আৰু ছবি ভাইৰেল হৈ পৰিছে । ইয়াৰ পটভূমিত, ছ’চিয়েল মিডিয়াত এখন ছবি প্ৰচাৰ হৈছে য’ত দাবী কৰা হৈছে যে ইউক্ৰেইনৰ আটাইতকৈ ধুনীয়া মহিলা আৰু প্ৰাক্তন মিছ গ্ৰেণ্ড ইউক্ৰেইন আনাস্তাছিয়া লেন্নাই নিজৰ দেশৰ সুৰক্ষাৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ ইউক্ৰেইন সেনাত যোগদান […]

Continue Reading

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সামৰিক পোছাকত থকা পুৰণি ছবিবোৰ চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বুলি ভাইৰেল হৈছে! 

যোৱা কেইদিনমানৰ পৰা, সমগ্ৰ বিশ্বৰ তথ্য পৰীক্ষকসকলে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ভিডিঅ’ আৰু ফটো বুলি কৰা শ শ ভুৱা দাবী কৰ্তন কৰিছে। ফেক্ট ক্ৰেচেণ্ডোৱেও ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি হিচাপে অভিহিত ভিডিঅ’ আৰু ফটোৰ ভুল তথ্যৰ এক শৃংখলা ধৰা পেলাইছে। একেদৰে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ তেওঁৰ সৈনিকসকলৰ সৈতে সেনাৰ পোছাক পিন্ধা ছবিৰ এটা সংহতি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে যুদ্ধৰ ক্ষেত্ৰত তেওঁৰ […]

Continue Reading