সুশান্ত সিং ৰাজপুতৰ পোহনীয়া ক’লা লেব্ৰেডৰ কুকুৰটোৰ মৃত্যু হোৱা নাই!

False Social
fudge 6.png

ফেচবুক লিংকসংৰক্ষিত লিংক

শেহতীয়াকৈ বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশকে জোকাৰি গৈছে । উদীয়মান অভিনেতাজনে অনুৰাগীসকলক কেইবাখনো হিট চিনেমা উপহাৰ দি থৈ গৈছে । তেওঁৰ এটা পোহনীয়া ক’লা লেব্ৰেডৰ কুকুৰ আছিল যি তেওঁৰ খুব প্রিয় আছিল বুলি জনা যায় । দুয়োৰে একেলগে থকা কেইবাখনো ফটো আৰু কেইবাটাও ভিডিঅ’ সম্প্ৰতি ভাইৰেল হব ধৰিছে । 

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত তেওঁৰ সমন্ধে বিভিন্ন ভুৱা ফটো/ভিডিঅ’/বাতৰি প্ৰচাৰ হব ধৰিছে । ছচিয়েল মিডিয়াত শেহতীয়াকৈ তেওঁৰ এই প্রিয় ক’লা লেব্ৰেডৰ কুকুৰটোৰ মৃত্যু হৈছে বুলি বাতৰি/ফটো/পোষ্ট ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে কুকুৰটোৱে গৰাকীৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰি, খোৱা বোৱা বাদ দিছিল আৰু অৱশেষত মৃত্যু বৰণ কৰে । 

fudge 5.png

ফেচবুক লিংকসংৰক্ষিত লিংক

fudge main.png

ফেচবুক লিংকসংৰক্ষিত লিংক

সঁচাকৈ সুশান্ত সিং ৰাজপুতৰ কুকুৰটোৰ মৃত্যু হৈছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু জানিব পাৰিলোঁ যে সুশান্ত সিং ৰাজপুতৰ কুকুৰটোৰ মৃত্যু হোৱা নাই । আমি এই সম্পৰ্কে  টাইমছ অফ ইণ্ডিয়াৰ এক নিউজ ৰিপৰ্ট দেখিলোঁ য’ত স্পষ্ট কৰা হৈছে যে কুকুৰটোৰ মৃত্যু হোৱা নাই । বাতৰিটোত এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত উল্লেখ কৰা হৈছে যে সুশান্ত সিং ৰাজপুতৰ এটা নহয়, চাৰিটা কুকুৰ আছিল আৰু সকলোঁ জীয়াই আছে । কুকুৰকেইটা বৰ্তমান সুশান্ত সিং ৰাজপুতৰ পাভনা’ত থকা ঘৰটোত আছে আৰু সুস্থ আছে বুলি বাতৰিটোত উল্লেখ আছে । 

fudge 3.png

এই সম্পৰ্কে আন এক বাতৰি পিংকভিল্লা নামৰ এক এণ্টাৰটেইনমেণ্ট ৱেবচাইটত প্ৰকাশ হৈছে য’ত স্পষ্ট কৰা হৈছে যে সুশান্ত সিং ৰাজপুতৰ কুকুৰটোৰ মৃত্যু হোৱা নাই বৰঞ্চ তেওঁৰ চাৰিটা কুকুৰেই সুস্থ আছে আৰু তেওঁৰ পাভনা’ত থকা ঘৰটোত আছে । 

fudge 4.png

ফলাফল

সুশান্ত সিং ৰাজপুতৰ প্রিয় পোহনীয়া ক’লা লেব্ৰেডৰ কুকুৰটোৰ মৃত্যু হোৱা নাই বৰঞ্চ তেওঁৰ চাৰিটা কুকুৰেই সুস্থ আছে আৰু তেওঁৰ পাভনা’ত থকা ঘৰটোত আছে । কুকুৰটোৰ মৃত্যু হৈছে বুলি ভাইৰেল কৰি ভুৱা বাতৰি বিয়পোৱা হৈছে ।

Avatar

Title:সুশান্ত সিং ৰাজপুতৰ পোহনীয়া ক’লা লেব্ৰেডৰ কুকুৰটোৰ মৃত্যু হোৱা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *