শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এজন পুৰোহিতে ভগবান গণেশৰ পূজা কৰি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰে আৰু কিছুক্ষণ পাছত ভগবান গণেশৰ ধ্বজাখন তেওঁৰ গাত পৰে আৰু তেওঁ সম্বিত ঘুৰাই পায়। সেইদৰেই ভগবান গণেশে তেওঁৰ প্ৰাণৰক্ষা কৰা বুলি এক দাবীৰে আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো প্ৰেৰণ কৰা হৈছিল।





কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টো নিৰ্দিষ্ট কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তাৰ ফলত আমি এটা ফেচবুক পোষ্টত সেই ভিডিঅ’টো দেখা পালোঁ। সেইই পোষ্টটোত এটা টেগ আছে য'ত লিখা আছে 'সঞ্জনা গালৰানীৰ আৰু অধিক মৌলিক ভিডিঅ' চাওক।'




পোষ্টটোত দিয়া লিংকটোত ক্লিক কৰাৰ পাছত আমি সঞ্জনা গালৰানী নামৰ ফেচবুক একাউণ্টটোত ভাইৰেল ভিডিঅ’টো পালোঁ। তাত সেই ভিডিঅ'টো ১৯ ছেপ্টেম্বৰত আপলোড কৰা হৈছিল।

পোষ্টত লিখা আছে- চোৱাৰ বাবে ধন্যবাদ! মন কৰিব যে এই পেজটোত চিত্ৰনাট্যযুক্ত নাটক আৰু পেৰ’ডিও আছে। এই চুটি ছবিবোৰ কেৱল মনোৰঞ্জন আৰু শিক্ষাৰ উদ্দেশ্যেহে নিৰ্মাণ কৰা! এই ভিডিঅ'টোৰ চৰিত্ৰবোৰ মনোৰঞ্জন আৰু শিক্ষাৰ উদ্দেশ্যৰে সৃষ্টি কৰা। অৰ্থাৎ পেজটোত স্ক্ৰিপ্টেড ভিডিঅ’ আছে।




অৰ্থাৎ ভাইৰেল ভিডিঅ’টোত প্ৰকৃত চিচিটিভি ফুটেজ দেখা যোৱা নাই। বৰঞ্চ তাত সেয়া চিত্ৰনাট্যযুক্ত এক ভিডিঅ’হে দেখা গৈছে।




ভিডিঅ’টোৰ শেষত এটা ডিচক্লেইমাৰো দেখা যায়।




সঞ্জনা গাৰলানিৰ about section টো চালেই গম পোৱা যায় যে তেওঁ এগৰাকী সুপৰিচিত অভিনেত্ৰী যিয়ে নিয়মিতভাৱে নিজৰ ফেচবুক পেজত এনে চিত্ৰনাট্যযুক্ত নাটক আপলোড কৰে।




এই সকলোবোৰ তথ্যৰ পৰা স্পষ্ট যে ভগৱান গণেশক পূজা কৰি থাকোঁতে পুৰোহিতজন হৃদৰোগত আক্ৰান্ত হোৱা ভিডিঅ’টো চিত্ৰনাট্যযুক্ত বা স্ক্ৰিপ্টেড। ভিডিঅ’টোৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভগৱান গণেশক পূজা কৰি থাকোঁতে পুৰোহিতজন হৃদৰোগত আক্ৰান্ত হোৱা ভিডিঅ’টো চিত্ৰনাট্যযুক্ত বা স্ক্ৰিপ্টেড। ভিডিঅ’টোৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Claim Review :   ভগৱান গণেশক পূজা কৰি থাকোতে পুৰোহিতজন হৃদৰোগত আক্ৰান্ত হোৱা ভিডিঅ’টো চিত্ৰনাট্যযুক্ত বা স্ক্ৰিপ্টেড। ভিডিঅ’টোৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই।
Claimed By :  Social Media User
Fact Check :  FALSE