শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন'বেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হোৱা বুলি এটা ভিডিঅ' চ'চিয়েল মেডিয়াত শ্বেয়াৰ হৈছে। ন'বেল শান্তি বঁটা কমিটিৰ ডেপুটি লীডাৰ এচলে টোজেৰ এক সাক্ষাৎকাৰৰ উদ্ধৃতি দি টাইমছ নাও নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে বাতৰি পৰিৱেশন কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ন'বেল শান্তি বঁটাৰ বাবে এগৰাকী ডাঙৰ প্ৰতিদ্বন্দীৰ অন্যতম। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও একেটা ভিডিঅ' ফ'ৰৱাৰ্ড কৰা হৈছিল এই কেপশ্বনেৰে- " সসুখবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম প্ৰস্তাৱ কৰা হৈছে ন'বেল বঁটাৰ বাবে"।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে গুগলত প্ৰাসংগিক কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ।

প্ৰথমে আমি ২০২৩ চনৰ মাৰ্চ মাহৰ ১৬ তাৰিখে হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। তাত উল্লেখ কৰা হৈছিল যে নৰৱেজিয়ান ন'বেল কমিটিৰ ডেপুটি লীডাৰ এচলে টোজেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ন'বেল শান্তি বঁটাৰ বাবে এগৰাকী ডাঙৰ প্ৰতিদ্বন্দী বুলি কোৱা নাছিল।

আছলে টোজেয়ে সংবাদ মাধ্যমৰ বাতৰি খাৰিজ কৰি কয় যে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নোবেল বঁটাৰ “বৃহত্তম প্ৰতিদ্বন্দ্বী” বুলি কোৱা নাছিল। কিছুমান টিভি চেনেল আৰু ভাইৰেল হোৱা এটা টুইটত দাবী কৰা হৈছিল যে টোজেয়ে ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীক নোবেল বঁটাৰ বাবে “বৃহত্তম প্ৰতিদ্বন্দ্বী” বুলি উল্লেখ কৰিছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

সংবাদ মাধ্যমৰ দাবী খাৰিজ কৰি এচলে টোজেয়ে এ‌ এন আইক দিয়া এটা সাক্ষাৎকাৰ তলত চাব পাৰিব।

এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত, ইয়াত পঢ়িব পাৰিব।

এচলে টোজেয়ে আচলতে কি কৈছিল

সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাছিয়াক পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিণতিৰ কথা সোঁৱৰাই দিবলৈ ভাৰতে কৰা হস্তক্ষেপৰ শলাগ লৈছিল টোজেয়ে। তদুপৰি তেওঁ কৈছিল যে প্ৰধানমন্ত্ৰী মোদীয়ে মানৱ জাতিত শান্তি ৰক্ষাৰ বাবে কৰা কামত তেওঁ সুখী।

কিন্তু সংবাদ মাধ্যমে দাবী আৰু শিৰোনাম দিয়াৰ দৰে শান্তি নোবেল বঁটাৰ বাবে প্ৰবল প্ৰতিদ্বন্দ্বী হিচাপে প্ৰধানমন্ত্ৰী মোডীৰ নাম উল্লেখ কৰা নাছিল।

উল্লেখযোগ্য যে ন'বেল বঁটা বিজয়ীসকলক বাছনি কৰাৰ দায়িত্ব নৰৱেজিয়ান ন'বেল বঁটা কমিটিৰ। কমিটিয়ে মনোনীতসকলৰ নাম ঘোষণা নকৰে, সংবাদ মাধ্যম তথা প্ৰাৰ্থীসকলকো নজনায়। ন'বেল কমিটিৰ মনোনয়ন তথ্যকোষত থকা তথ্য পঞ্চাছ বছৰলৈকে ৰাজহুৱা কৰা নহয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। এচলে টোজেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন'বেল শান্তি বঁটাৰ বাবে প্ৰস্তাৱ কৰা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন'বেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হৈছে নেকি?

Written By: Debanjana Baishya

Result: False