
যোৱা ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছতে সমগ্ৰ দেশতে আনন্দ -উল্লাসৰ পৰিবেশ সৃষ্টি হৈছে। চ’চিয়েল মেডিয়াতো ব্যৱহাৰকাৰীসকলে চন্দ্ৰযানৰ লগত জড়িত বিভিন্ন ফটো, ভিডিঅ’ শ্বেয়াৰ কৰা দেখা গৈছে। এনে সময়তে এখন বিশেষ ফটো শ্বেয়াৰ হৈছে এই কেপশ্বনেৰে- “চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিন”।

এই একেটা মেচেজ আমাৰ হোৱাটচএপ নম্বৰলৈও আহিছিল।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি কিছু তথ্য পালোঁ।
আমি প্ৰথমে Hiclipart নামৰ এটা ৱেবছাইটত এখন ফটো পালোঁ যিখন আছিল ভাইৰেল ফটোখনত থকা টায়াৰৰ চিনৰ সৈতে একেই। ফটোখনৰ বিৱৰণত লিখা আছিল এইদৰে- “Tire All-terrain vehicle Newcastle upon Tyne Dune buggy Mountain biking, tyre track transparent background PNG clipart”। অৰ্থাৎ এয়া হ’ল ট্ৰান্সপাৰেণ্ট বেকগ্ৰাউণ্ডত টায়াৰৰ চিনৰ png ক্লিপ আৰ্ট।

এইবাৰ আমি ভাইৰেল ফটোখনৰ একেবাৰে তলৰ বাওঁফালে এটা ৱাটাৰমাৰ্ক দেখিলোঁ য’ত লিখা আছিল Krishanshu Garg বুলি।

তেতিয়া আমি কীৱ’ৰ্ড চাৰ্চ কৰি কৃশাংশু গাৰ্গৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো পালোঁ। তাত তেওঁ ২৪ আগষ্টত কৰা এটা পোষ্ট পালোঁ য’ত উল্লেখ কৰা হৈছিল যে ভাইৰেল ফটোখন কৃশাংশু গাৰ্গৰ সৃষ্টি। তেওঁ কয় যে এয়া চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিন বুলি কৰা দাবী ভুৱা।
আমি কৃশাংশু গাৰ্গৰ লগত যোগাযোগ কৰাত তেওঁ এই বিষয়ে আমাক স্পষ্টীকৰণ দি কয় যে এই আৰ্টৱৰ্ক তেওঁ চন্দ্ৰযান অৱতৰণৰ কাউণ্টডাউন হিচাপেহে সৃষ্টি কৰিছিল, কিন্তু এই আৰ্টৱৰ্ক ভাইৰেল হৈ পৰিল ভুৱা দাবীৰে চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিন বুলি।

ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখনত সেয়া চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিন নহয়। এই ফটোখন ফটোশ্বপ ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ফটোখন চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিনৰ নহয়।
Written By: Debanjana BaishyaResult: False
