FACT CHECK: এই ফটোখনত প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰি মেক আপ আৰ্টিষ্ট ব্যৱহাৰ কৰি থকা নাই!

False Political

প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰি এগৰাকী মেক আপ আৰ্টিষ্ট লোৱা বুলি এখন বিশেষ ফটো বা স্ক্ৰিনশ্বট আপলোড কৰি অসমৰ বহুতেই ফেচবুকত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে যি ক্ৰমাত ভাইৰেল হৈ পৰিছে।

পোষ্টকেইটাত এখন ফটো লগোৱা হৈছে, য’ত এগৰাকী মহিলাই মোডীৰ মুখত মেক আপ সানি থকাৰ দৰে দেখা গৈছে আৰু তাত লিখা হৈছে যে মোডীয়ে ৮০লাখ টকা ব্যয় কৰে মেক আপত।

Modi mkup fb.png

তেনেকুৱা কেইটামান পোষ্ট এয়া:

Original Post: Facebook | Archived Link

Original Post: Facebook | Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে ফটোখন ২০১৬ৰ, যেতিয়া মেডাম টুছুৰ মমৰ সংগ্ৰহালয়ৰ এদল কৰ্মীয়ে মোডীৰ মুৰ্তি বনাবৰ বাবে তেখেতৰ দেহৰ জোখ মাপ ল’বলৈ তেখেতৰ বাসভৱনলৈ আহিছিল।

সত্যতা নিৰূপন পদ্ধতি:

আমি ফটোখন লৈ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে Eye Punjab নামৰ প্ৰোফাইল এটাই ২০১৭চনৰ ৭এপ্ৰিলত আপলোড কৰা এটা ইউট্যুৱ লিংক পালো য’ত লিখা আছিল “PM Shri Narendra Modi’s | Sitting Madame Tussauds London”। ভাইৰেল ফটোখনত দেখা মহিলাগৰাকী আৰু মোডীৰ সাজপোচাকৰ লগতে বেকগ্ৰাউণ্ডো ভিডিঅ’টোৰ সৈতে একেই।

ইয়াৰ পিছত আমি প্ৰাসংগিক শব্দ কৈ চাৰ্ছ কৰি চাওতে ২০১৬চনৰ এই ফটোখন পালো,যেতিয়া মেডাম টুছুৰ ৱেক্স মিউজিয়ামৰ দলে আহি মোডীৰ জোখমাপৰ লগত অন্য তথ্য সংগ্ৰহ কৰিছিল,তেওঁলোকৰ সংগ্ৰহালয়ত মোডীৰ মুৰ্তি বনোৱাৰ বাবে।

ফটোত দেখা মহিলাগৰাকীয়ে মোডীৰ মুখমণ্ডলৰ গঠন আৰু চুলিৰ ধৰণ অধ্যয়ন কৰি আছিল আৰু। একেধৰণৰ ভিডিঅ’ এটা মেডাম টুছডছৰ ইউট্যুৱ চেনেলতো পোৱা যায়।

চিংগাপুৰৰ মেডাম টুছড মিউজিয়ামত মোডীৰ মমৰ মুৰ্তি উন্মোচন হোৱাৰ পিছত ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা এটা বাতৰি এয়া। 

https://indianexpress.com/photos/picture-gallery-others/narendra-modi-wax-statue-for-madame-tussauds-unveiled/

বিজনেছ ইনছাইডাৰে তাৰকাসকলৰ মমৰ মুৰ্তি নিৰ্মান কৰা ২০০ বছৰীয়া পদ্ধতি সম্পৰ্কত প্ৰস্তুত কৰা এটা ভিডিঅ’ ও আমি পালো। এই ভিডিঅ’টোত কোৱা হৈছে যে চুলি,চকু আৰু চালৰ ৰঙৰ লগতে ২৫০টা জোখমাপ সংগ্ৰহ কৰা হয়।

আমি মোডীৰ মেক আপৰ খৰচ সম্পৰ্কত ক’ৰবাত কিবা খবৰ বাতৰি পাব পাৰি নেকি চালো কিন্তু তেনেকুৱা একো নাপালো।

ফলাফল:

গতিকে এইটো স্পষ্ট যে সেই ফটোখন ২০১৬চনত মেডাম টুছুৰ ৱেক্স মিউজিয়ামৰ দলে মোডীৰ দেহৰ জোখমাপ লৈ মোডীৰ এটা মমৰ মুৰ্তি বনোৱাৰ বাবে অহাৰ সময়ৰ আৰু সেয়া মোডীয়ে মেক আপ কৰি থকা ফটো নহয়। লগতে তেওঁ মেক আপত ৮০ লাখ টকা ব্যয় কৰাৰ কোনো তথ্য নাই।

Avatar

Title:এই ফটোখনত প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰি মেক আপ আৰ্টিষ্ট ব্যৱহাৰ কৰি থকা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *