
ছ’ছিয়েল মিডিয়াত এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল হৈ পৰিছে যে গুজৰাট ক্ৰাইম ব্ৰান্সে দিল্লী সংঘৰ্ষৰ অভিযুক্ত মহম্মধ চিৰাজক গ্ৰেপ্তাৰ কৰিছে। চিচিটিভি কেমেৰাত বন্দী হোৱা এক দৃশ্যত এখন জনবহুল ধাবাত কেইজনমান লোকে এখন টেবুলৰ চাৰিওফালে বহি থকা দেখা গৈছে, যাৰ মাজৰ এজনৰ হাতত এটা মাৰনাস্ত্ৰ আছে।
এয়া তেনেকুৱা কেইটামান পোষ্ট:

Original Link: Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে দাবীটো ভূৱা আৰু ব্যক্তিগৰাকীও দিল্লী সংঘৰ্ষৰ অভিযুক্ত মহম্মদ চিৰাজ নহয়।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে এক অনলাইন ব্যৱস্থাৰে আমি ভাইৰেল হোৱা ভিডিঅ’টো কীফ্ৰেমত ভাগ কৰি ল’লো। তাৰ পিছত আমি গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো। আমি দেখিলো যে একেটা ভিডিঅ’কে ২০২১ৰ ১ জুলাইত ডেইলী মোছন ৱেবচাইটত পোষ্ট কৰা হৈছে আৰু শিৰোনাম দিয়া হৈছে: আহমেদাবাদ ক্ৰাইম ব্ৰান্সে এখন ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰিলে এজন পলাতক অপৰাধীক। ডেস্ক্ৰিপছনত লিখা আছে যে আহমেদাবাদৰ ক্ৰাইম ব্ৰান্সৰ আণ্ডাৰকাভাৰ আৰক্ষীয়ে মাৰনাস্ত্ৰ কঢ়িওৱাৰ অপৰাধত ধাবাখনৰ পৰা মানুহজনক গ্ৰেপ্তাৰ কৰিছে।

Original Link: Daily Motion
ইয়াৰ পিছত, ফেক্ট ক্ৰেছেণ্ডোৰ গুজৰাট টীমে আহমেদাবাদৰ ক্ৰাইম ব্ৰান্সৰ সৈতে যোগাযোগ কৰে। ক্ৰাইম ব্ৰান্সে আমাৰ ফেক্ট ক্ৰেছেণ্ডো গুজৰাট টীমক অৱগতে কৰে যে আহমেদাবাদৰ ছান্দকেড়া আৰু সৱৰমতি আৰক্ষী থানাত ৰুজু হোৱা গাড়ী চুৰিৰ এক গোচৰৰ ভিত্তিত অভিযান চলাইছিল আৰু অভিযুক্ত কিৰিট পাঞ্চালক গ্ৰেপ্তাৰ কৰে। অভিযানটো চলোৱা হৈছিল পাতান চহৰৰ কাষৰ অমৰপুৰা গাঁৱস্থিত একতা ৰেষ্টুৰেন্টত। ধৃত ব্যক্তিগৰাকীৰ বিৰুদ্ধে আহমেদাবাদ আৰু ৰাজস্থানৰ একাধিক থানাত নিগ্ৰহ, লুন্ঠন আৰু চুৰিৰ গোচৰ ৰুজু হৈ আছে।
তেওঁ লগতে এই অভিযানটোৰ সৈতে দিল্লী সংঘৰ্ষৰ অভিযুক্ত মহম্মদ চিৰাজৰ সম্পৰ্ক থকা কথাটোও নস্যাৎ কৰে।
ফলাফল
ভাইৰেল পোষ্টটোত কৰা দাবীটো আমাৰ অনুসন্ধানত মিছা প্ৰমানিত হয়। অভিযানটোত গ্ৰেপ্তাৰ হোৱা লোকজন দিল্লী ৰায়তৰ অভিযুক্ত মহম্মদ চিৰাজ নহয়।গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম কিৰিট পাঞ্চাল।

Title:এই ভাইৰেল ভিডিঅ’টোত দিল্লী সংঘৰ্ষৰ অভিযুক্ত মহম্মদ চিৰাজক গুজৰাট ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰা নাই
Fact Check By: Manjori BorkotokyResult: False
