শেহতীয়াকৈ ভাৰতীয় সেনাই ঘোষণা কৰে যে যোৱা ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত এক সংঘৰ্ষ হৈছিল। বাতৰি অনুসৰি পিপলছ লিবাৰেচন আৰ্মীৰ জোৱানে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি) পাৰ হৈ অহাৰ ফলত এই সংঘৰ্ষ সংঘটিত হয়।

ইয়াৰ পাছতেই ছচিয়েল মিডিয়াত উক্ত সংঘৰ্ষৰ ভিডিঅ’ বুলি দাবী কৰি বিভিন্ন পুৰণি ভিডিঅ’ মিছাকৈ শ্বেয়াৰ কৰা হৈছে । ভিডিঅ’টোত দেখা গৈছে বৰফেৰে আবৃত এলেকাত জোৱানৰ যুদ্ধ। দাবী কৰা হৈছে যে এই ভিডিঅ'টো টাৱাংৰ ৯ ডিচেম্বৰৰ সংঘৰ্ষৰ হয় ।

Facebook Link | Archive Link

আমি এই ভাইৰেল ভিডিঅ’টোৰ সত্যতাৰ বিষয়ে এক অনুসন্ধান কৰিবলৈ ঠিৰাং কৰিলোঁ। তথ্য পৰীক্ষাৰ পাছত আমি জানিব পাৰিলো যে ভিডিঅ’টো পুৰণি আৰু শেহতীয়া টাৱাংৰ ঘটনাৰ লগত কোনো সম্পৰ্ক নাই ।

সত্যতা নিৰূপণ পদ্ধতি

ৰিভাৰ্ছ ইমেজ চাৰ্চত দেখা গ’ল যে ভিডিঅ'টো এনডিটিভিৰ ইউটিউব চেনেলত ২২ জুন, ২০২০ত প্ৰকাশ পাইছিল, "Shows High Altitude Clash Between Indian, China Soldiers In Sikkim" শীৰ্ষক। বৰ্ণনাত উল্লেখ কৰা হৈছে যে লাডাখত ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘৰ্ষৰ এদিন পিছতে এই ভিডিঅ’টো ওলাইছিল।

এক বাতৰিৰ প্ৰতিবেদনত এনডিটিভিয়ে স্পষ্ট কৰি দিছে যে ভিডিঅ’টো কেতিয়া শ্বুট কৰা হৈছিল সেইটো প্ৰতিষ্ঠা কৰিব পৰা নাই।

ডিজিটেল সংবাদ সংস্থা ক্ৰক্সৰ ইউটিউব চেনেলতো ২০২০ চনৰ ২৩ জুনত একেটা ভাইৰেল ভিডিঅ’ প্ৰকাশ পাইছিল।চিকিমৰ উচ্চ উচ্চতা অঞ্চলত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত মুখামুখি হোৱাত এই ভিডিঅ’টো পোহৰলৈ অহাৰ বাতৰি প্ৰকাশ পাইছিল।

যিহেতু ভিডিঅ’টো প্ৰায় দুবছৰ ধৰি ইণ্টাৰনেটত আছে, এইটো স্পষ্ট যে ভিডিঅ’টো অৰুণাচল প্ৰদেশত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ নহয় ।

ফলাফল

শেহতীয়াকৈ অৰুণাচল প্ৰদেশত ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ সৈতে উক্ত পুৰণি ভিডিঅ’ এটা ভুলকৈ সংযোগ কৰি শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাৰত আৰু চীনৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষৰ পুৰণি ভিডিঅ’ ৯ ডিচেম্বৰৰ ভিডিঅ’ বুলি ভাইৰেল

Fact Check By: Manjori Borkotoky

Result: False