জলমগ্ন ৰাজপথত ঘঁৰিয়াল ওলোৱা ভিডিঅ’টো অসমৰ নহয়!

False Social

মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইত যোৱা কিছুদিন ধৰি বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। এনে সময়তে বানপানী সম্বন্ধীয় কেতবোৰ ভিডিঅ’ চ’চিয়েল মেডিয়াযোগে ভাইৰেল হৈছে। 

চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা তেনে এটা বিশেষ ভিডিঅ’ আমি লক্ষ্য কৰিছিলোঁ। ভিডিঅ’টোত দেখা গৈছে যে বানপানীৰ মাজত জলমগ্ন ৰাজপথৰ ওপৰত এটা ঘঁৰিয়াল ওলাইছে আৰু এন ডি আৰ এফ (NDRF)ৰ কৰ্মীয়ে ঘঁৰিয়ালটো ধৰিবলৈ চেষ্টা কৰিছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে এই ঘঁৰিয়ালটো দেখা গৈছে অসমৰ মংগলদৈত।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে ভিডিঅ’টো অসমৰ মংগলদৈৰ নহয়।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ইনভিড-উই ভেৰিফাই এপ্প ব্যৱহাৰ কৰি ভাইৰেল ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰিছিলোঁ আৰু গুগলত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিবলৈ কীফ্ৰেম ব্যৱহাৰ কৰি কিছু তথ্য পালোঁ।

প্ৰথমে আমি ফেচবুকত “চেনেল নৰ্মদা” (Channel Narmada) নামৰ পেজ এটাৰ পৰা ৭আগষ্ট ২০১৯ তাৰিখে আপলোড হোৱা ভিডিঅ’ এটা পালোঁ, য’ত স্পষ্টকৈ উল্লেখ কৰা আছিল যে ভিডিঅ’টো গুজৰাটৰ ৱদোদৰাৰ, আৰু সেই ভিডিঅ’টো বৰ্তমান ভাইৰেল হোৱা ভিডিঅ’ টোৰ স’তে একেই।

Archived Link

তাৰপিছত আমি কীৱ’ৰ্ড ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ। তেতিয়া আমি এই সম্পৰ্কে কেইবাটাও নিউজ ৰিপ’ৰ্ট পালোঁ। “দ হিন্দু”ৰ ২৪ আগষ্ট, ২০১৯ তাৰিখৰ নিউজ ৰিপ’ৰ্টত কোৱা হৈছিল যে গুজৰাটৰ ৱদোদৰাত বন সংৰক্ষণ কৰ্মীসকলে বাৰিষা হোৱা বানপানীত জনবসতিপূৰ্ণ অঞ্চললৈ অহা বহুতো ঘঁৰিয়াল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। 

ইয়াৰ পিছত আৰু কেইটামান নিউজ ৰিপ’ৰ্ট আমি পালোঁ। অনুগ্ৰহ কৰি ইয়াত, ইয়াত আৰু ইয়াত চাওক।

ইউটিউবত চাৰ্ছ কৰিও আমি এই সম্পৰ্কে কেইবাটাও ভিডিঅ’ পালোঁ য’ত স্পষ্টভাৱে উল্লেখ আছে যে ভিডিঅ’টো গুজৰাটৰ ৱদোদৰাৰ।

Archived Link

ইউটিউবত এন ডি টিভিয়ে আপলোড কৰা আন এটা ভিডিঅ’ দেখা গ’ল। তাতো স্পষ্টভাৱে উল্লেখ আছে যে ভিডিঅ’টো গুজৰাটৰ ৱদোদৰাৰ।

Archived Link

গতিকে ইয়াৰদ্বাৰা ক’ব পাৰি যে ভাইৰেল ভিডিঅ’টো অসমৰ মংগলদৈৰ নহয় বৰং গুজৰাটৰ ৱদোদৰাৰহে আৰু তিনিবছৰ পুৰণি।

ফলাফল

অসমৰ মংগলদৈৰ বুলি ভাইৰেল হোৱা ভিডিঅ’টো আচলতে গুজৰাটৰ ৱদোদৰাৰহে আৰু তিনিবছৰ পুৰণি।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জলমগ্ন ৰাজপথত ঘঁৰিয়াল ওলোৱা ভিডিঅ’টো অসমৰ নহয়!

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *