২৭ জুনত নাহেল নামৰ এজন ১৭ বছৰীয়া ফৰাচী-আলজেৰিয়ান যুৱকক এজন আৰক্ষী বিষয়াই গুলীয়াই হত্যা কৰিছিল। কোৱা হৈছে যে তেওঁ কৰ্তৃপক্ষক সহযোগ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ বাবেই তেওঁক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পিছত ফ্ৰান্সত হিংসা আৰম্ভ হয়। এই ঘটনাৰ পিছত ইণ্টাৰনেটত বহু ভিডিঅ’ আৰু ছবি ভাইৰেল হৈ পৰিছে। এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে আন এটা ভিডিঅ’। ইয়াত এটা গীৰ্জা জ্বলি থকা দেখা গৈছে। দাবী কৰা হৈছে যে শেহতীয়াকৈ ফ্ৰান্সত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ সময়ত প্ৰতিবাদকাৰীসকলে গীৰ্জাঘৰতো জুই লগাইছিল। ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে মুছলমান শৰণাৰ্থীক ফ্ৰান্সত থাকিবলৈ দিয়াৰ বাবে ফৰাচী জনসাধাৰণক দোষাৰোপ কৰিছে।

ভাইৰেল পোষ্টটোত ব্যৱহাৰকাৰীয়ে লিখিছে, “ফ্ৰান্সেও প্ৰেমৰ দোকান খুলিছিল, তেওঁলোকৰ দেশত ৫ লাখ মুজাহিদ শৰণাৰ্থীক আশ্ৰয় দিছিল। অৱস্থাটো নিজেই চাওক।

Facebook Link

https://twitter.com/shrikantryvbjp/status/1676116877846933505

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি এই ভিডিঅ'টো ইনভিড ৱি ভেৰিফাই টুলৰ জৰিয়তে সৰু সৰু কীফ্ৰেমত বিভক্ত কৰি পৰীক্ষা কৰিলোঁ। তেতিয়া একেটা ভিডিঅ’ই ১৮ জুলাই ২০২০ তাৰিখে FRANCE 24 English ৰ অফিচিয়েল চেনেলত প্ৰচাৰিত হোৱা দেখা পালোঁ। সংলগ্ন তথ্যত উল্লেখ আছে যে ভিডিঅ’টো পশ্চিম ফ্ৰান্সৰ নান্টেছ চহৰত অৱস্থিত এটা গীৰ্জাৰ। ২০২০ চনত তীব্ৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে ১৫ শতিকাত নিৰ্মাণ কৰা অট্টালিকাটোৰ এটা বিশাল অংশ ধ্বংস হয়।

Archived Link

১৮ জুলাইত প্ৰকাশিত নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনতো ভিডিঅ’টোত দেখা পোৱা কেথেড্ৰেলটোৰ এটা ভিডিঅ’ পোষ্ট কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে ১৮ জুলাই শনিবাৰে পুৱা পশ্চিম ফ্ৰান্সৰ নান্টেছ চহৰৰ কেথেড্ৰেলৰ(গীৰ্জাৰ) ভিতৰত অগ্নিকাণ্ড সংঘটিত হয়। ভিডিঅ’টোত দেখা ছবিবোৰ তাৰেই। গীৰ্জাঘৰৰ তিনিটা ভিন্ন স্থানৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি কোৱা হৈছিল।

চলিত বৰ্ষৰ ৩০ মাৰ্চত প্ৰকাশিত আৰ এফ আইৰ প্ৰতিবেদনত কোৱা হৈছিল যে গীৰ্জাৰ স্বেচ্ছাসেৱক ইমানুৱেল আবায়েচেংগাই নিজেই জুই লগাইছিল। আদালতৰ তদন্তত প্ৰকাশ পাইছে যে সেই সময়ত তেওঁৰ মানসিকভাবে অসুস্থ আছিল। পাঁচ বছৰৰ বাবে নান্টেছৰ পৰা নিষিদ্ধ হোৱাৰ উপৰিও তেওঁক কাৰাদণ্ড দিয়া হৈছিল। লগতে তেওঁৰ হাতত যিকোনো ধৰণৰ অস্ত্ৰ ৰখাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবী মিছা। এই ভিডিঅ'টো ফ্ৰান্সৰ শেহতীয়া হিংসাত্মক ঘটনাৰ নহয় বৰং ২০২০ চনত নাণ্টেছ গীৰ্জাত লগা জুইৰহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো ফ্ৰান্সৰ শেহতীয়া হিংসাত্মক ঘটনাৰ নহয়।

Written By: Debanjana Baishya

Result: False