শেহতীয়াকৈ কোটিপতি উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুজৰাটৰ জামনগৰলৈ সকলো শ্ৰেণীৰ চেলিব্ৰিটিয়ে ভিৰ কৰে।

অনুষ্ঠানটোৰ পিছতে এই বৃহৎ অনুষ্ঠানটোৰ বহু ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। শীৰ্ষ চেফসকলে এই অনুষ্ঠানৰ বাবে ২৫০০ৰো অধিক খাদ্যবস্তুৰ এক বিস্তৃত মেনু তৈয়াৰ কৰিছিল। ইয়াৰ মাজতে এটা বিশাল কেছল কেকৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে আৰু এই কেকটোও প্ৰাক বিবাহ অনুষ্ঠানৰ অংশ আছিল বুলি দাবী কৰা হৈছে। পোষ্টটো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ইয়াত অনন্ত আম্বানীৰ বিয়াত বিশ্বৰ আটাইতকৈ ডাঙৰ ৱেডিং কেকটো দেখুওৱা হৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া UNILAD (মিডিয়া কোম্পানী)এ ২০২৩ চনৰ অক্টোবৰ মাহৰ ২৩ তাৰিখে ইনষ্টাগ্ৰামত আপলোড কৰা এটা ভিডিঅ' পালোঁ যিটো আছিল ভাইৰেল ভিডিঅ'টোৰ সৈতে একেই। ভিডিঅ'টোৰ কেপশ্বনত লিখা আছিল এইদৰে,"Look like something from Hogwarts"

গতিকে ভাইৰেল ভিডিঅ'টো অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ প্ৰাক-বিবাহ অনুষ্ঠানৰ পূৰ্বৰ পৰাই আছে। যোৱা বছৰৰ পৰাই ভিডিঅ'টো ইণ্টাৰনেটত উপলব্ধ।

অধিক অনুসন্ধানত আমি নিউজ ১৮ ত ২০২৩ চনৰ অক্টোবৰ মাহৰ ৩১ তাৰিখে প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য'ত একেটা কেকৰ ভিডিঅ' আছিল। প্ৰতিবেদন অনুসৰি এক দম্পতীয়ে তেওঁলোকৰ বিয়াত এই কেছল কেকটো আনিছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো মিছা। এই বিশাল কেকটো অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ প্ৰাক-বিবাহ অনুষ্ঠানৰ নহয়। ভিডিঅ'টো পুৰণি।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ প্ৰাক-বিবাহ অনুষ্ঠানৰ নহয়।

Fact Check By: Debanjana Baishya

Result: False