শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্যদ্বীপ ভ্ৰমণ কৰিছিল। ইয়াৰ পিছতে তেওঁ টুইটাৰত এই সম্পৰ্কে ফটো আৰু এখন টোকা শ্বেয়াৰ কৰি পৰ্যটনৰ প্ৰচাৰৰ আহ্বান জনায়। তাৰ পিছত কেইবাজনো চ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে দ্বীপসমূহক মালদ্বীপৰ সৈতে তুলনা কৰি সঁহাৰি জনায়। মালদ্বীপৰ যুৱ মন্ত্ৰালয়ৰ তিনিজন উপমন্ত্ৰীয়ে ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অৱমাননামূলক মন্তব্য কৰাৰ লগে লগে এয়া কূটনৈতিক বিবাদত পৰিণত হয়।

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মালদ্বীপৰ মন্ত্ৰীসকলৰ মন্তব্যক লৈ বিতৰ্কৰ ফলত অনলাইনত মালদ্বীপ বৰ্জনৰ ট্ৰেণ্ড হোৱাৰ লগে লগে শেহতীয়াকৈ লক্ষদ্বীপৰ বিমানবন্দৰত অৱতৰণ কৰা প্ৰথমখন বিমানখন দেখুওৱাৰ দাবী কৰা এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ যাতে মূল উৎসটো বিচাৰি পোৱা যায়। ফলত আমি দেখিলোঁ যে একেটা দৃশ্য ক্লিক এণ্ড ছি মেডিয়া(click and see media) নামৰ ইউটিউব চেনেল এটাত ৩০ জুলাই, ২০২১ তাৰিখে প্ৰকাশ পাইছিল। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে এই ভিডিঅ'টো শেহতীয়া নহয়।

অধিক অনুসন্ধানত আমি দেখিলোঁ যে প্ৰাক্তন বিমান মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ প্ৰফুল্ল পেটেলে অলপতে টুইট কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে ইয়াক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে। “ৰোমাঞ্চকৰ খবৰ! ভাৰত চৰকাৰে আগট্টি বিমানবন্দৰক বিশ্বমানৰ আন্তঃৰাষ্ট্ৰীয় সুবিধালৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে। এই গেম-চেঞ্জাৰে লক্ষদ্বীপত পৰ্যটন, সংযোগ আৰু উন্নয়ন বৃদ্ধি কৰিব, দ্বীপসমূহৰ বাবে অপৰিসীম সম্ভাৱনা প্ৰদান কৰিব”।

আগট্টি বিমানবন্দৰ হ'ল কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপত উপলব্ধ একমাত্ৰ বিমানবন্দৰ। এয়াৰপ'ৰ্ট অথ'ৰিটি অৱ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত এই বিমানবন্দৰটো ১৯৮৮ চনৰ এপ্ৰিল মাহত ডি অ’ ২২৮ পৰিচালনাৰ বাবে উদ্বোধন কৰা হৈছিল।শেষবাৰৰ বাবে ২০১০ চনত উন্নীতকৰণ কৰা হৈছিল।২০১৩ চনত চৰকাৰে ৰাণৱে সাগৰলৈ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছিল যদিও সেয়া কাৰ্যকৰী হোৱা নাই। টাইমছ অফ ইণ্ডিয়াৰ বাতৰি অনুসৰি “লক্ষদ্বীপৰ আগট্টি বিমানবন্দৰত ২০২২ চনৰ ১৩ অক্টোবৰত প্ৰথমবাৰৰ বাবে নিশাৰ বিমান অৱতৰণ কৰা দেখা গৈছিল।

মালদ্বীপ বিতৰ্কৰ মাজতে ভাৰত চৰকাৰে সামৰিক আৰু অসামৰিক উভয় বিমানৰ বাবে লক্ষদ্বীপত নতুন বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। সেই সম্পৰ্কে বাতৰিৰ প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। এই ভিডিঅ'টো ২০২১ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ আৰু এয়া লক্ষদ্বীপত প্ৰথম বিমান অৱতৰণৰ দৃশ্য নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:লক্ষদ্বীপত অৱতৰণ কৰা প্ৰথম বিমানৰ দৃশ্য নহয় এয়া।

Written By: Debanjana Baishya

Result: False