শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত হোৱা প্ৰচণ্ড বৰষুণ আৰু বিজুলী ঢেৰেকণিৰ তথা বজ্ৰপাতত ২০জন লোকৰ মৃত্যু হোৱা বুলি বাতৰিত প্ৰকাশ। চ'চিয়েল মেডিয়াত লক্ষ্ণৌৰ এই ঘটনা সম্পৰ্কে বহুতো পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। এনে সময়তে লক্ষ্ণৌৰ বজ্ৰপাতৰ দৃশ্য বুলি এটা ভিডিঅ' চ'চিয়েল মেডিয়াত শ্বেয়াৰ হৈছে। এই ভিডিঅ'টোৰ তথ্য পৰীক্ষা কৰিবলৈ আমাৰ হোৱাটচ‌এপ নম্বৰলৈও অনুৰোধ আহিছিল।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল ভিডিঅ'টোৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ।

আমি Bang adi richi Channel নামৰ এটা ইউটিউব চেনেলত ভাইৰেল ভিডিঅ'টোৰ সৈতে সাইলাখ একেই এটা ভিডিঅ' পালোঁ। এই ভিডিঅ'টো আপলোড কৰা হৈছিল ২০২৩ চনৰ জানুৱাৰী মাহৰ ২৯ তাৰিখে, অৰ্থাৎ ৭ মাহ আগেয়ে।

Dead & Alive নামৰ আন এটা ইউটিউব চেনেলতো ২০২৩ চনৰ মাৰ্চ মাহৰ ৬ তাৰিখে আপলোড হোৱা এটা ভিডিঅ' আমি পালোঁ য'ত আন ভিডিঅ' ক্লিপৰ সৈতে ভাইৰেল ভিডিঅ' ক্লিপটোও আছিল।

ইউটিউবত আপলোড হোৱা এই ভিডিঅ'টো কোন ঠাইৰ সেয়া জনোৱা হোৱা নাছিল। কিন্তু আমি গম পালোঁ এই ভিডিঅ'টো পুৰণি। গতিকে ভিডিঅ'টো লক্ষ্ণৌৰ বিজুলী ঢেৰেকণি তথা বজ্ৰপাতৰ দৃশ্যৰ নহয়।

লক্ষ্ণৌৰ বৰষুণ, বিজুলী ঢেৰেকণি তথা বজ্ৰপাতৰ ঘটনাৰ বিষয়ে সবিশেষ ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

উল্লেখযোগ্য যে বিজুলী হ'ল ডাৱৰৰ কোনো অঞ্চলে ধনাত্মক বা ঋণাত্মক অতিৰিক্ত বৈদ্যুতিক আধান লাভ কৰিলে হোৱা দৃশ্যমান বিদ্যুৎ নিৰ্গমন যিটো বায়ুৰ প্ৰতিৰোধ ক্ষমতা ভাঙি পেলাবলৈ যথেষ্ট হয়। তদুপৰি বজ্ৰপাত হ'ল বিজুলীৰ নিৰ্গমনৰ ফলত হোৱা শব্দ। বজ্ৰপাতে নিজৰ পথত থকা বায়ু গৰম কৰি ইয়াৰ চেনেলৰ ভিতৰত বায়ুৰ বৃহৎ অতিৰিক্ত চাপৰ সৃষ্টি কৰে। চেনেলটো শ্বক ৱেভ হিচাপে চাৰিওফালৰ বতাহলৈ ছুপাৰছ’নিকভাৱে প্ৰসাৰিত হয় আৰু এটা শব্দ সংকেত সৃষ্টি কৰে যিটো বজ্ৰপাতৰ দৰে শুনা যায়।

অনুগ্ৰহ কৰি ইয়াত আৰু ইয়াত পঢ়ক।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো লক্ষ্ণৌৰ শেহতীয়া বজ্ৰপাতৰ দৃশ্যৰ নহয় বৰং এয়া এক পুৰণি ভিডিঅ'।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই দৃশ্য লক্ষ্ণৌৰ শেহতীয়া বজ্ৰপাতৰ নহয়।

Written By: Debanjana Baishya

Result: False