শেহতীয়াকৈ এটা বিশেষ ভিডিঅ' চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ'টোত এখন বৃহৎ আকাৰৰ চিলাৰ সৈতে এটি ৩ বছৰীয়া শিশু উৰি যোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ঘটনাটো সংঘটিত হৈছে গুজৰাটত।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভিডিঅ'টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২০ চনৰ আগষ্ট মাহৰ ৩১ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক টাইমছে প্ৰকাশ কৰা এটা প্ৰতিবেদন পালোঁ য'ত লিখা আছিল এইদৰে "Huge kite violently throws a young girl into the air after she was tangled in its tail", এই প্ৰতিবেদনৰ লগত ভাইৰেল ভিডিঅ'টো সংলগ্ন কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি টাইৱানৰ এটি কণমানি শিশু এখন বৃহৎ আকাৰৰ চিলাৰ সৈতে লাগি ধৰে আৰু চিলাখনে শিশুটিক বহু ওপৰলৈ উৰুৱাই লৈ যায়। ছিনচুত অনুষ্ঠিত টাইৱানৰ উৎসৱৰ সময়ত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা।

আমি পুনৰ কীৱ'ৰ্ড চাৰ্চ কৰি এই সম্পৰ্কে আন কেইবাটাও প্ৰতিবেদন পালোঁ।

এই সম্পৰ্কে চি এন এনৰ‌ প্ৰতিবেদনৰ কিয়দংশ তলত পঢ়িব পাৰিব।

টাইৱান নিউজে প্ৰকাশ কৰা অনুসৰি তিনিবছৰীয়া শিশুটিয়ে মাত্ৰ সামান্য আঘাত পাইছিল। উৎসৱৰ আয়োজক চৰকাৰে হঠাৎ এনে প্ৰচণ্ড বতাহ বলিব বুলি আশা কৰা নাছিল, যি বতাহৰ প্ৰাবল্য আছিল বিউফৰ্ট স্কেলৰ স্তৰ সাত। ঘটনাৰ কিছু সময়ৰ পাছতে সমগ্ৰ অনুষ্ঠানটো বাতিল কৰা হয়। পিছলৈ চহৰখনৰ মেয়ৰ লিন চিহ-চিয়েনে চহৰখনৰ হৈ ক্ষমা বিচাৰিছিল আৰু ভৱিষ্যতে এনেধৰণৰ কাণ্ড ৰোধ কৰিবলৈ তদন্তৰ নিৰ্দেশ দিছিল।

আমি পুনৰ চাৰ্চ কৰি ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ ১ তাৰিখে ইউটিউবত আপলোড হোৱা একেটা ভিডিঅ'দেখিলোঁ য'ত কেপশ্বন আছিল এইদৰে "টাইৱান চিলা মহোৎসৱ: ৩ বছৰীয়া শিশু চিলাৰ নেজত লাগি ধৰে"। বৰ্ণনাত কোৱা হৈছে “দেওবাৰে টাইৱানত চিলা উৰুৱাৰ এটা উৎসৱ ভয়ংকৰ হৈ পৰিল যেতিয়া এগৰাকী ৩ বছৰীয়া ছোৱালী বিশাল চিলাৰ নেজত আবদ্ধ হৈ পৰিল আৰু বতাহে বহু ওপৰলৈ উৰুৱাই নিলে"।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল হোৱা ভিডিঅ'টো গুজৰাটৰ নহয় বৰং টাইৱানৰহে হয় আৰু লগতে পুৰণিও।

Avatar

Title:বৃহৎ আকাৰৰ চিলাৰ সৈতে ৩ বছৰীয়া শিশু এটা উৰি যোৱা ভিডিঅ'টো গুজৰাটৰ নহয়

Fact Check By: Debanjana Baishya

Result: False