
তামিলনাডুত এখন সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ভাৰতৰ প্ৰথম চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ আজি মৃত্যু হয়। ভাৰতীয় বায়ু সেনাই টুইট কৰিছে যে তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু বিমানত থকা আন ১১ জন ব্যক্তিৰো দুৰ্ঘটনাটোত মৃত্যু হৈছে।
এই বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে ইণ্টাৰনেটত ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনা বুলি দাবী কৰি কেইবাটাও পুৰণি ভিডিঅ’ আৰু ছবি পুনৰ প্ৰকাশ পাইছে আৰু ভাইৰেল হৈ পৰিছে।
তেনে এটা ভিডিঅ’ত, এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগতে জুইৰ শিখা পিছফালৰ পৰা নিৰ্গত হোৱা দেখা যায় । ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে এই ক্লিপটো জেনেৰেল ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনা বুলি ধৰি লৈ শ্বেয়াৰ কৰিছে।
অসমত উক্ত ভিডিঅ’টো ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । “আজি তামিলনাডুত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনা ভাৰতীয় তিনি সেনা প্ৰধান CDS সেনাধ্যক্ষ ভাৰত সন্তান বিপিন ৰাৱট ডাঙৰীয়াকে ধৰি তেওঁৰ পত্নী আৰু কেইবাজনো সেনা বিষয়াৰ মৃত্যু হৈছে…” বুলি শিৰোনাম নাম দি বিভিন্ন জনে উক্ত ভিডিঅ’টো জেনেৰেল ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ বুলি দাবী কৰি আপলোড কৰিছে আৰু শ্বেয়াৰ কৰিছে । এনে ধৰণৰ কেইবাটাও পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে । পোষ্টবোৰ ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰে।

Facebook Link | Facebook Link | Facebook Link
ফেক্ট ক্ৰেচেণ্ডোৱে অনুসন্ধান কৰি জানিব পাৰিছে যে ভাইৰেল ভিডিঅ’টো চিৰিয়াৰ হয়, ভাৰতৰ নহয় । এই ভিডিঅ’টো এটা মিছা দাবীৰ সৈতে প্ৰচাৰ কৰা হৈছে।
সত্যতা নিৰূপন পদ্ধতি
আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমবোৰ ব্যৱহাৰ কৰি গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিছিলো। ফলত আমি দেখিছিলোঁ যে এই ভিডিঅ’টো যোৱা বছৰ প্ৰথমবাৰৰ বাবে ইণ্টাৰনেটত প্ৰকাশ পাইছিল।
টেলিগ্ৰাফ বাতৰি কাকতখনে ২০২০ চনৰ ১১ ফেব্ৰুৱাৰীত ইউটিউবত এই ভিডিঅ’টো আপলোড কৰিছে। তেওঁলোকে জনাইছে যে ভিডিঅ’টোত দেখা গৈছে যে পূব ইদলিবৰ নাইৰাব অঞ্চলত বিদ্ৰোহীসকলে চিৰিয়াৰ বায়ু সেনাৰ হেলিকপ্টাৰখন আক্ৰমণ কৰি বিধ্বস্ত কৰাৰ ফলত হেলিকপ্টাৰখন তললৈ নামি আহিছে।
এছ’চিয়েটেড প্ৰেছে সেই সময়ত প্ৰতিবেদন দিছিল যে বিদ্ৰোহীসকলে উত্তৰ চিৰিয়াত চিৰিয়াৰ সামৰিক হেলিকপ্টাৰৰ ওপৰত গুলীবৰ্ষণ কৰিছিল, যাৰ ফলত ইয়াৰ কৰ্মচাৰীসকল নিহত হৈছিল। নাইৰাব গাঁৱৰ ওচৰত সংঘৰ্ষৰ সময়ত বিদ্ৰোহীসকলে চিৰিয়াৰ হেলিকপ্টাৰ গানশ্বিপটো গুলীবৰ্ষণ কৰি ধ্বংস কৰিছিল।
তুৰ্কীৰ চৰকাৰী আনাদোলু সংবাদ সংস্থাই জনাইছিল যে পাইলট আৰু জাহাজত থকা আন দুজন লোক নিহত হৈছে, আনহাতে বিৰোধী কৰ্মীসকলে জনাইছিল যে মাত্ৰ দুজন ক্ৰু মেম্বাৰ বিমানত আছে, এপিৰ প্ৰতিবেদনত কোৱা হৈছে।
আপুনি এপি আৰ্কাইভৰ ইউটিউব চেনেলত সম্পূৰ্ণ দৈৰ্ঘ্যৰ ভিডিঅ’ চাব পাৰে।
ফলাফল
চিৰিয়াৰ বায়ু সেনাৰ হেলিকপ্টাৰ এখন গুলীবৰ্ষণ কৰি ধ্বংস কৰাৰ পুৰণি ভিডিঅ’টো তামিলনাডুত জেনেৰেল বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ অন্তিম মুহূৰ্তৰ ভিডিঅ’ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে।
আমি আমাৰ পঢ়ুৱৈসকলক এই দুৰ্ঘটনাৰ অপ্ৰমাণিত ছবি বা ভিডিঅ’ প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছো।

Title:চিৰিয়াৰ পুৰণি ভিডিঅ’ বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে!
Fact Check By: Manjori BorkotokyResult: False
