শেহতীয়াকৈ চ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে য'ত দেখা গৈছে যে বহুসংখ্যক লোকে হাতত প্লাষ্টিকৰ গিলাছ লৈ সুৰা বিতৰণৰ বাবে অপেক্ষা কৰি আছে। দাবী কৰা হৈছে যে চলিত কৃষক আন্দোলনৰ আন্দোলনকাৰী কৃষকসকলে এইদৰে সুৰাৰ বাবে অপেক্ষা কৰিছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ'টো প্ৰথমে কী-ফ্ৰেমত বিভক্ত কৰিলোঁ আৰু তেতিয়া Sukhvir Singh Virk নামৰ ফেচবুক প্ৰ'ফাইল এটাৰ পৰা ২০২১ চনৰ ১৫ চেপ্তেম্বৰত আপলোড কৰা এটা ভিডিঅ' পালোঁ যিটো আছিল ভাইৰেল ভিডিঅ'টোৰ সৈতে সাইলাখ একেই। ভিডিঅ'টোৰ বিৱৰণত লিখা আছিল যে সেয়া বাবা ৰ'ডু শ্বাহ দৰবাৰৰ দৃশ্য য'ত প্ৰসাদ হিচাপে সুৰা বিতৰণ কৰা হয়।

Archived Link

এইবাৰ আমি কী-ৱৰ্ড চাৰ্চ কৰি Daily News Punjab TV নামৰ ইউটিউব চেনেল এটাত ২০২১ চনৰ ৭ চেপ্তেম্বৰত আপলোড হোৱা এটা ভিডিঅ' পালোঁ।

ভিডিঅ'টোত পাঞ্জাবী ভাষাৰে কেপশ্বনত লিখা আছিল যে সেয়া বাবা ৰ'ডে শ্বাহজী মেলা।

ভিডিঅ'টোৰ কিছু দৃশ্যাংশৰ ভাইৰেল ভিডিঅ'টোৰ সৈতে মিল আছিল।

আমি পুনৰ কীৱ'ৰ্ড চাৰ্চ কৰি অমৰ উজালাত ২০২১ চনৰ ২৫ মাৰ্চত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য'ত বাবা ৰ'ডে শ্বাহ দৰবাৰৰ বিষয়ে বিতংকৈ লিখা আছিল।

সেই প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

বাবা ৰ'ডে শ্বাহ দৰবাৰৰ বিষয়ে ANI Newsৰ এক প্ৰতিবেদন তলত চাব পাৰিব।

এই সম্পৰ্কে আৰু সঠিককৈ জানিবলৈ আমি পঞ্জাৱৰ ৰাজনৈতিক কৌশলবিদ তথা প্ৰাক্তন সাংবাদিক মণ্টেশ্বৰ সিঙৰ লগত যোগাযোগ কৰিলোঁ। তেওঁ আমাক নিশ্চিত কৰে যে ভাইৰেল ভিডিঅ'টো কৃষক আন্দোলনৰ নহয় বৰং মেলাৰহে।

তদুপৰি পঞ্জাৱৰ মানছাৰ স্হানীয় সংবাদদাতা গুৰাশীষ ব্ৰাৰে আমাক কয় যে পঞ্জাৱত এনে কিছুমান 'ডেৰা' আছে য'ত প্ৰসাদ হিচাপে সুৰা বিতৰণ কৰা হয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো পুৰণি আৰু সেয়া পঞ্জাৱত অনুষ্ঠিত এখন মেলাৰহে। ইয়াৰ কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পঞ্জাৱৰ এখন মেলাৰ ভিডিঅ' কৃষক আন্দোলনৰ বুলি ভাইৰেল হৈছে।

Fact Check By: Debanjana Baishya

Result: False