এজন সাংবাদিকৰ লগত একাংশ‌ লোকে অভব্য আচৰণ কৰা এক ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে বাংলাদেশত বাতৰি পৰিৱেশন কৰা সাংবাদিক এজনক‌ প্ৰতিবাদকাৰীয়ে এইদৰে অভব্য আচৰণ কৰিছে। ফেচবুকত ভিডিঅ'টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, "বাংলাদেশৰ তলুৱা চেলেকা সাংবাদিকৰ বৰ্তমানৰ অৱস্থা"।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ'টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া দ্য বিজনেছ ষ্টেণ্ডাৰ্ডত ২০২০ চনৰ ২ জুনত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট এই প্ৰতিবেদনত সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি, ২০২০ চনৰ ১ জুনত নিউয়ৰ্কত প্ৰতিবাদকাৰীয়ে বাংলাদেশৰ সময় টেলিভিছনৰ সংবাদদাতা হাছানুজ্জামান ছাকিক দুৰ্ব্যৱহাৰ কৰিছিল।

আৰক্ষীৰ জিম্মাত থকা কৃষ্ণাংগ জৰ্জ ফ্লয়ডৰ মৃত্যুৰ বিৰুদ্ধে টাইমছ স্কোৱাৰত চলি থকা বিক্ষোভৰ বাতৰি তেওঁ পৰিৱেশন কৰি থকা সময়ত এই ঘটনা ঘটিছিল। এই সময়ছোৱাত একাংশ মুখা পিন্ধা প্ৰতিবাদকাৰীয়ে তেওঁক আক্ৰমণ কৰে।

Archived Link

এই তথ্যক সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া সময় টিভিৰ অফিচিয়েল ইউটিউবত এই ভিডিঅ'টোৰ এক দীঘলীয়া সংস্কৰণ আমি পালোঁ।

প্ৰাপ্ত তথ্য অনুসৰি ভাইৰেল ভিডিঅ’টোত দেখা পোৱা ব্যক্তিজন হৈছে সময় টিভিৰ সংবাদদাতা হাছানুজ্জামান ছাকি। ভিডিঅ’টোত তেওঁ এই ঘটনাৰ বিষয়েও বৰ্ণনা কৰা দেখা গৈছে।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ'টো পুৰণি আৰু বাংলাদেশৰ নহয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো প্ৰসংগ সংগতিহীন। ভিডিঅ'টো বাংলাদেশৰ নহয়। ভিডিঅ'টোত দেখা পোৱা সাংবাদিকজন বাংলাদেশৰ সময় টিভিৰ সাংবাদিক হাছানুজ্জামান ছাকি আৰু তেওঁ ২০২০ চনত নিউয়ৰ্কত সংবাদ পৰিৱেশন কৰি থকা সময়ত এই ঘটনা ঘটিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা এই ভিডিঅ'টোৰ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ সৈতে সম্পৰ্ক নাই।

Fact Check By: Debanjana Baishya

Result: Missing Context