শেহতীয়াকৈ উত্তৰাখণ্ড চৰকাৰে হালদ্বানীত অবৈধ মাদ্ৰাছা ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ ফলত চহৰখনত অশান্তিৰ সৃষ্টি হয়। অঞ্চলটোত দুষ্কৃতিকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা আৰু বাহনত অগ্নিসংযোগ কৰাৰ খবৰ পোৱা গৈছে। এই ঘটনাত বহু আৰক্ষী বিষয়া আহত হয়।

এই সম্পৰ্কে বহুতো ফটো আৰু ভিডিঅ' চ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তদুপৰি শেহতীয়াকৈ উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল ক'ড বলৱৎ হোৱাৰ পিছতো প্ৰতিবাদৰ ঢৌ উঠা দেখা গৈছে।

ফেচবুকতো এক বিশাল জনসমাগমৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল ক'ড বলৱৎ হোৱাৰ প্ৰতিবাদত উত্তৰাখণ্ড অগ্নিগৰ্ভা হৈ পৰিছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি পোৱা ফেচবুক পোষ্টটোত চাৰিটা ভিডিঅ' আপলোড কৰা হৈছিল।

আমি প্ৰথমে প্ৰথম ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া ২০২২ চনৰ মে’ মাহত এটা ফেচবুক একাউণ্টত আপলোড কৰা একেটা ভিডিঅ’ দেখা পালোঁ। ব্যৱহাৰকাৰীয়ে লিখিছে যে হৰিদ্বাৰৰ জ্বালাপুৰ ঈদগাহত নামাজৰ পিছত মুছলমানৰ সমাৱেশ। তেওঁ লগতে লিখিছে, “হৰিৰ চহৰখন আল্লাহৰ নগৰলৈ পৰিণত হৈছিল আৰু হিন্দুসকলে নিজকে নিৰাপদ বুলি ভাবিছে(ज्वालापुर ईदगाह हरिद्वार मे नमाज अदा करने के बाद का नजारा हरि कि नगरी अल्लाह कि बन गयी और हिन्दु सोचता है कि हम इनके बिच सुरक्षित है)”।

Archived Link

এই পোষ্টটোৰ আঁত ধৰি আমি গুগল মেপ ব্যৱহাৰ কৰি ঈদগাহ বিচাৰিলোঁ। সেই ঈদগাহ আমি জ্বালাপুৰ টেলিফোন এক্সচেঞ্জ পথত অৱস্থিত বুলি জানিব পাৰিলোঁ।

ভাইৰেল ভিডিঅ’টো আৰু গুগল মেপৰ দৃশ্যৰ তুলনা কৰিলে দেখা গ’ল যে ঈদগাহৰ প্ৰৱেশদ্বাৰ আৰু সীমাৰ দেৱালৰ আকৃতি একে। তলত তুলনাটো চাব পাৰিব।

৮ ফেব্ৰুৱাৰীত হৰিদ্বাৰ আৰক্ষীৰ এটা টুইটত লিখা আছে, “এটা পুৰণি ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে যিটো ইউচিচিৰ সৈতে জড়িত বুলি কোৱা হৈছে। এই ভিডিঅ'টো ২০২২চনৰ ঈদ উপলক্ষে হৰিদ্বাৰৰ ঈদগাহ জ্বালাপুৰৰ।”

গতিকে আমি নিশ্চিত হ'লোঁ যে এই ভিডিঅ'টো পুৰণি আৰু ইউনিফৰ্ম চিভিল ক'ড বলৱৎ হোৱাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

এইবাৰ আমি আন তিনিটা ভিডিঅ'ৰ সত্যাসত্য জানিবলৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি এন ডি টিভিত যোৱা ৮ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত এটা বাতৰি পালোঁ য'ত উত্তৰাখণ্ডৰ হালদ্বানীত মাদ্ৰাছা উচ্ছেদ কৰাৰ ফলত হোৱা হিংসাত্মক ঘটনাৰ বিষয়ে উল্লেখ কৰা হৈছিল। বাতৰিটোত দেখুওৱা দৃশ্যাংশসমূহৰ মাজত ভাইৰেল তিনিওটা ভিডিঅ' আছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

গতিকে ভাইৰেল আন তিনিটা ভিডিঅ' হালদ্বানীৰ মাদ্ৰাছা উচ্ছেদৰ ফলত শেহতীয়াকৈ হোৱা হিংসাত্মক ঘটনাৰ বুলি আমি নিশ্চিত হ'লোঁ।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো আংশিকভাৱে মিছা। ভাইৰেল পোষ্টটোত দেখুওৱা মুছলমান লোকৰ সমাগমৰ ভিডিঅ'টো পুৰণি আৰু উত্তৰাখণ্ডৰ শেহতীয়া হিংসাত্মক ঘটনাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পুৰণি ভিডিঅ' উত্তৰাখণ্ডৰ শেহতীয়া হিংসাত্মক ঘটনাৰ বুলি ভাইৰেল হৈছে।

Written By: Fact Crescendo Team

Result: Partly False