অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ পিছত সমগ্ৰ দেশৰ পৰা উপহাৰ গ্ৰহণৰ প্ৰথা অব্যাহত আছে। এতিয়া আমেৰিকাৰ প্ৰবাসী ভাৰতীয় বাসৱী সন্থাই অযোধ্যা ৰাম মন্দিৰত ভগৱান ৰামক ১২খন নতুন সোণৰ বাহন উপহাৰ দিয়াৰ কথা উল্লেখ কৰি এটা ভিডিঅ’ প্ৰকাশ পাইছে। উল্লেখযোগ্য যে উৎসৱৰ শোভাযাত্ৰাৰ সময়ত মন্দিৰৰ দেৱতাক কঢ়িয়াই নিয়াৰ বাবে এই বাহন ব্যৱহাৰ কৰা হয়।

ভাইৰেল ভিডিঅ'টোৰ কেপশ্বনত লিখা আছে এইদৰে,"NRI Vasavi Association, USA has presented 12 gold vahanas for #RamLalla in Ayodhya (আমেৰিকাৰ প্ৰবাসী ভাৰতীয় বাসৱী সন্থাই অযোধ্যাত #ৰামলাল্লাৰ বাবে ১২ বিধ সোণৰ বাহন প্ৰদান কৰিছে)

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ চলাই আমাৰ তদন্ত আৰম্ভ কৰিলোঁ আৰু তেতিয়া ভি৬ নিউজ চেনেলৰ দ্বাৰা প্ৰকাশিত এক ভিডিঅ’ প্ৰতিবেদন পালোঁ। শিৰোনামত লিখা আছিল, “ভদ্ৰাচালম মন্দিৰত ১২খন নতুন সোণৰ দিব্য বাহন প্ৰতিষ্ঠা, প্ৰবাসী ভাৰতীয় বাসৱী সংঘমে দান কৰা বাহন”। 21 মাৰ্চ ২০২৩ তাৰিখে আপলোড কৰা এই ভিডিঅ'টোত তেলেংগানাৰ ভদ্ৰাচালামৰ স্বামী মন্দিৰলৈ দান কৰা নতুন সোণালী বাহনসমূহ দেখা গৈছে।

ভদ্ৰাচালামৰ ভগৱান শ্ৰী সীতা ৰামচন্দ্ৰ স্বামী মন্দিৰ ভাৰতৰ তেলেংগানাত অৱস্থিত ভগৱান ৰামৰ এটা হিন্দু মন্দিৰ। এই অঞ্চলটোক ভদ্ৰাচালাম বুলি কোৱা হয়। খবৰ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰীয় এন আৰ আই বাসৱী এছ’চিয়েশ্যন (এন আৰ আই ভি এ) নামৰ সংস্থাটোৱে ২০২৩ চনৰ মাৰ্চ মাহত শ্ৰী সীতা ৰামচন্দ্ৰ স্বামী মন্দিৰলৈ১২ খন নতুন বাহন উপহাৰ দিছিল য'ত ব্যয় হৈছিল ৬৭ লাখ টকা।

প্ৰবাসী ভাৰতীয় প্ৰবাসী ভাৰতীয় বাসৱী এছ’চিয়েশ্যন অৱ ইউ এছ এৰ নিৰ্দেশনাত তামিলনাডুৰ কুম্বাকোনামত ১২খন বাহন নিৰ্মাণ কৰা হৈছিল। ইয়াত সাৰ্বভৌম বাহন, হনুমান বাহন, কল্পবৃক্ষ বাহন, সিংহাসন, হামসা বাহন, সিংহ, গজ, অশ্ব, চন্দ্ৰপ্ৰভা, সূৰ্য্যপ্ৰভা, গৰুদ আৰু সেশা বাহন অন্তৰ্ভুক্ত কৰা হৈছে। ভদ্ৰাচালাম মন্দিৰত তিৰুবীদী সেৱাৰ বাবে বাহন দান কৰা বুলি কেইবাটাও বাতৰি প্ৰকাশ কৰা হৈছে। সেইবোৰ ইয়াত আৰু ইয়াত চাব পাৰিব।

ইয়াৰ উপৰিও স্পষ্টীকৰণৰ বাবে আমি অযোধ্যাৰ ৰাম মন্দিৰৰ সৈতে যোগাযোগ কৰিলোঁ। ৰাম মন্দিৰৰ ট্ৰাষ্ট ডেস্কৰ আদিত্যই এই দাবী খণ্ডন কৰে। তেওঁ আমাক জনায় যে এইটো ভুৱা বাতৰি। এই সন্দৰ্ভত তেওঁলোকৰ হাতত কোনো তথ্য নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টোত দেখা গৈছে ২০২৩ চনৰ মাৰ্চ মাহত আমেৰিকাৰ প্ৰবাসী ভাৰতীয় বাসৱী সন্থাই তেলেংগানাৰ ভদ্ৰাচালামৰ শ্ৰী সীতা ৰামচন্দ্ৰ স্বামী মন্দিৰলৈ দিয়া সোণালী বাহন। ইয়াৰ অযোধ্যাৰ ৰাম মন্দিৰৰ লগত কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টোৰ অযোধ্যাৰ ৰাম মন্দিৰৰ লগত কোনো সম্পৰ্ক নাই।

Written By: Debanjana Baishya

Result: False