এই ভিডিঅ’টো টাইৱানৰ শেহতীয়া ভূমিকম্পৰ নহয়।

False Political Social

৩ এপ্ৰিলত টাইৱানত হোৱা প্ৰবল ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৪। ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেৰ মতে, প্ৰায় ২৫ বছৰৰ ভিতৰত এই দ্বীপটোত হোৱা এয়া আটাইতকৈ শক্তিশালী ভূমিকম্প। ইয়াৰ ফলত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯০০ৰো অধিক লোক আহত হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় উদ্যানৰ এখন হোটেললৈ মিনিবাছত গৈ থকা ৫০ জন শ্ৰমিক নিৰুদ্দেশ হৈছে। 

ইয়াৰ মাজতে এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে গুলপীয়া ৰঙৰ হিজাব পিন্ধা এগৰাকী মহিলাই চেলফি ষ্টিক ব্যৱহাৰ কৰি ঢৌৰ ৰেকৰ্ডিং কৰি আছে। কেইছেকেণ্ডমান পিছত সকলো ঢৌৱে উটুৱাই লৈ যায়। ভিডিঅ’টো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ভিডিঅ’টো টাইৱানৰ।

কেপচনত লিখা আছে, “আজিৰ ভূমিকম্পৰ সময়ত টাইৱানৰ এগৰাকী গাড়ী চালকে তেওঁৰ গাড়ীখন ৰখাই দিছিল আৰু নদীৰ পানী দুলি থকা  দেখিছিল”।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ।   তেতিয়া আমি ২০২১ চনৰ ১৩ ডিচেম্বৰত প্ৰকাশিত ট্ৰিবিউন নিউজৰ এটা প্ৰতিবেদন পালোঁ, য’ত উল্লেখ কৰা হৈছিল যে “ৰিনা ব’নো নামেৰে পৰিচিত মহিলাগৰাকীয়ে ইচ্ছাকৃতভাৱে ইণ্ডোনেছিয়াৰ নৈৰ পাৰত ঢৌক প্ৰত্যাহ্বান জনোৱা বিষয়বস্তু তৈয়াৰ কৰিছিল। ৰিনাই ঢৌক প্ৰত্যাহ্বান জনোৱাৰ বিষয়ে ভিডিঅ’ কৰিছিল যদিও শেষত লুটি খাই জোপোহাবোৰত পৰিছিল। পৰি যোৱাৰ পাছত পুনৰ উঠিবলৈ সক্ষম হোৱা ৰিনাই লগে লগে কেমেৰাটো লৈ ভিডিঅ’ কৰি থাকিল।”

কামপাৰ নদীৰ বনো পৰ্যটনস্থলী তেলুক মেৰান্টিৰ প্ৰচাৰ কৰিব বিচাৰিছিল মহিলাগৰাকীয়ে। ৰিনা আৰু আন কেইবাজনো ইউ টিউবাৰে তেলুক মেৰান্টিৰ এই প্ৰাকৃতিক পৰিঘটনাক ৰেকৰ্ড কৰাৰ পাছতে এয়া বিভিন্ন ভ্লগ কন্টেন্টৰ সৈতে বিশ্বত ভাইৰেল হৈ পৰিছে।

Archived Link

ইণ্ডোনেছিয়াৰ স্থানীয় পৰ্যটনস্থলী এয়া। ৰিয়াউত জোৱাৰ-ভাটাৰ ব’ন বুলিও জনাজাত ব’নো ঢৌৰ সময়ত ৰেকৰ্ড হৈছিল এই ভিডিঅ’টো। ভিডিঅ’টো ৰেকৰ্ড কৰা ৰিয়াউৰ কামপাৰ নদীৰ সমীপত জোৱাৰ-ভাটাৰ ব’ৰবোৰ আছিল সাধাৰণ পৰ্যটকৰ আকৰ্ষণ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত ৰিনাক নৈপাৰত থিয় হৈ তাৰ পিছত দৌৰি থকা দেখা গৈছে, এই ভিডিঅ’টো বহু চ’ছিয়েল মিডিয়া একাউণ্টে শ্বেয়াৰ কৰিছে। সম্পূৰ্ণ ভিডিঅ’টো তলত চাব পাৰিব।

https://www.instagram.com/ariekuntung

Archived Link

ডেইলী মেইলৰ ফেচবুক পেজতো এই ভিডিঅ’টো ইণ্ডোনেছিয়াত Bono tidal wave sweeps up woman শীৰ্ষক শিৰোনামেৰে পোষ্ট কৰা হৈছে।

Archived Link

ইয়াৰ দ্বাৰা নিশ্চিত কৰিব পাৰি যে এই ভিডিঅ’টো শেহতীয়াকৈ টাইৱানত হোৱা ভূমিকম্পৰ সৈতে সম্পৰ্কিত নহয়। ভিডিঅ’টো অন্ততঃ ২০২১ চনৰ ডিচেম্বৰৰ আৰু পুৰণি তথা ইণ্ডোনেছিয়াৰ।

ইয়াৰ পূৰ্বেও এটা ভিডিঅ’ ভাইৰেল হৈছিল জাপানৰ ভূমিকম্পৰ বুলি। এই সম্পৰ্কে আমি কৰা এক ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো টাইৱানৰ শেহতীয়া ভূমিকম্পৰ নহয় বৰং ২০২১ চনত ইণ্ডোনেছিয়াত হোৱা এক পৰিঘটনাৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ’টো টাইৱানৰ শেহতীয়া ভূমিকম্পৰ নহয়।

Written By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *