
শেহতীয়াকৈ ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন ফটো আৰু ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফেচবুকত এটা পোষ্টত তিনিটা ভিডিঅ’ আপলোড কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ দৃশ্য।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে পোষ্টটোত থকা প্ৰথম ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া ২০২৪ চনৰ মাৰ্চ মাহত টুইটাৰ হেণ্ডল এটাত কৰা এটা টুইট পালোঁ য’ত সংলগ্ন ভিডিঅ’টো আছিল ভাইৰেল ভিডিঅ’টোৰ সৈতে একেই। টুইটটোত লিখা আছিল এইদৰে,”Sevastopol in occupied Crimea looked nice shortly before midnight”।
উল্লেখযোগ্য যে ছেভাষ্ট’প’ল হৈছে দক্ষিণ ইউক্ৰেইণৰ এখন চহৰ তথা বন্দৰ।
এইবাৰ আমি ইউটিউবত প্ৰাসংগিক কী-ৱ’ৰ্ড চাৰ্চ কৰি দ্য টেলিগ্ৰাফৰ ইউটিউব চেনেলত ২০২৪ চনৰ ২৪ মাৰ্চত আপলোড কৰা একেটা ভিডিঅ’ৰ দীঘলীয়া সংস্কৰণ এটা পালোঁ। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে,”Huge explosions rock Sevastopol after Ukrainian missile attack”।
ভিডিঅ’টোৰ বিৱৰণত লিখা আছিল এইদৰে,” ইউক্ৰেইনৰ সেনাই কয় যে ৰাছিয়াৰ দুখন বৃহৎ যুদ্ধ জাহাজৰ লগতে কৃষ্ণ সাগৰত ৰাছিয়াৰ নৌসেনাই ব্যৱহাৰ কৰা অন্যান্য সুবিধাসমূহতো আঘাত কৰিছে।
ইউক্ৰেইনৰ সামৰিক মুখপাত্ৰই কয় যে, ‘ৰক্ষা বাহিনীয়ে ইয়ামাল আৰু আজ’ভ লেণ্ডিং জাহাজ, এটা যোগাযোগ কেন্দ্ৰ আৰু ৰাছিয়ান ব্লেক ছি ফ্লিটৰ কেইবাটাও সাগৰীয় আন্তঃগাঁথনিত সফলতাৰে আঘাত কৰিছে।
ক্ষয়-ক্ষতিৰ পৰিমাণ সেই মূহুৰ্তত পৰীক্ষা কৰিব পৰা নগ’ল যদিও অঞ্চলটোৰ এজন ৰাছিয়ান বিষয়াই ইউক্ৰেইনৰ ডাঙৰ আকাশমাৰ্গৰ পৰা কৰা আক্ৰমণৰ খবৰ দি কৃষ্ণ সাগৰৰ ছেভাষ্ট’প’লৰ বন্দৰৰ ওপৰত ১০টাতকৈও অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে বুলি কয়”।

একেটা বাতৰি ইয়াত আৰু ইয়াতো চাব পাৰিব।
গতিকে আমি নিশ্চিত হ’লোঁ যে এই ভিডিঅ’টো ইজৰাইলৰ ওপৰত ইৰাণে কৰা আক্ৰমণৰ নহয় বৰং এয়া ৰাছিয়াৰ সৈন্যবাহিনীৰ ওপৰত ইউক্ৰেইণৰ ৰকেট আক্ৰমণৰহে দৃশ্য।
এইবাৰ আমি পোষ্টটোত থকা দ্বিতীয় ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি টাইমছ অৱ ইজৰাইলৰ ২০২৪ চনৰ ১৪ এপ্ৰিলত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি এই ভিডিঅ’টো দক্ষিণ আমেৰিকাৰ ছিলিৰহে। Archived Link
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি শ্বায়ান চৰ্দাৰীজাদেহ নামৰ বি বি চি ভেৰিফাইৰ সাংবাদিকগৰাকীয়ে এই সম্পৰ্কে টুইট কৰিছিল।
এই একেটা ভিডিঅ’ আমি যোৱা ৪ ফেব্ৰুৱাৰীত এটা ইনষ্টাগ্ৰাম একাউণ্টত পালোঁ। তাতো উল্লেখ কৰা হৈছিল যে এই ভিডিঅ’টো ভেলপাৰাইছো এলেকাত হোৱা বনজুইৰ আছিল।
গতিকে আমি নিশ্চিত হ’লোঁ যে এই ভিডিঅ’টো শেহতীয়া ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ নহয়।
এইবাৰ আমি পোষ্টটোত থকা তৃতীয় ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া ইউটিউব চেনেল এটাত যোৱ ১৪ এপ্ৰিলত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ। তাত উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো ইজৰাইলৰ মিলিটেৰী বেছত ইৰাণে কৰা আক্ৰমণৰ আছিল।
এই সম্পৰ্কে টাইমছ অৱ ইজৰাইলৰ এগৰাকী সংবাদদাতাৰ টুইটাৰত প্ৰকাশ কৰা এটা টুইট আমি পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। টুইটোৰ কেপশ্বনত লিখা আছিল এইদৰে,Footage purportedly shows Iranian missiles impacting in the Negev area of southern Israel earlier.”
এই সম্পৰ্কে এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ ভাইৰেল দাবীটো আংশিকভাৱে মিছা। ভাইৰেল পোষ্টটোত থকা প্ৰথম আৰু দ্বিতীয় ভিডিঅ’ ইজৰাইলৰ ওপৰত ইৰাণৰ শেহতীয়া আক্ৰমণৰ নহয় বৰং পুৰণি সেয়া ক্ৰমে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আৰু ছিলিত হোৱা এক বনজুইৰ ভিডিঅ’।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ভিডিঅ’সমূহ সঁচাকৈয়ে ইজৰাইলৰ ওপৰত ইৰাণে কৰা আক্ৰমণৰ দৃশ্যৰ হয়নে?
Fact Check By: Debanjana BaishyaResult: Partly False
