কিছুদিন আগতে উত্তৰ ছিকিমত এক ভয়াৱহ বান পৰিস্থিতিৰ সন্মুখীন হৈছিল। বহু লোকৰ মৃত্যু আৰু বহু লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। প্ৰচণ্ড বৰষুণৰ ফলত ছিকিমৰ উত্তৰ অংশত অৱস্থিত হিমবাহৰ হ্ৰদ এটা ফাটি যায়। ইয়াৰ ফলত তীস্তা নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত বানপানীৰ সৃষ্টি হয়। ফলত ছিকিম মংগন, গাংটক, পাকয়ং, নামচিৰ চাৰিখন জিলা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।

ইয়াৰ পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ডাৱৰ বিস্ফোৰণৰ ভিডিঅ’। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই ভিডিঅ’টো ছিকিমত সংঘটিত হোৱা শেহতীয়া ঘটনাৰ।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চত আমি ২০২৩ চনৰ ২৯ জুলাইত নৱ ভাৰত টাইমছৰ ইউটিউব চেনেলত আপলোড কৰা একেটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোৰ কেপচনত লিখা আছে, “চাওক কেনেকৈ ডাৱৰ ফাটি যায়”।

আমি ২০২২ চনৰ News18 ‘ৰ প্ৰতিবেদনতো পাইছিলোঁ যে এই ভিডিঅ’টো অষ্ট্ৰিয়াৰ। পিটাৰ মেৰিয়াৰ নামৰ এজন ফটোগ্ৰাফাৰে অষ্ট্ৰিয়াৰ মিলষ্টেট হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ এই ভিডিঅ’টো বন্দী কৰিছিল।

ইয়াৰ পিছত আমি পিটাৰ মাৰিয়াৰৰ ইউটিউব একাউণ্টত এই ভিডিঅ’টো বিচাৰিলোঁ। আমি দেখিলোঁ যে তেওঁ ২০১৮ চনত এই ভিডিঅ'টো আপলোড কৰিছিল।তেওঁ উল্লেখ কৰিছিল যে তেওঁ এই ভিডিঅ'টো লেক মিলষ্টেটত বন্দী কৰিছিল। লগতে তেওঁ এই ভিডিঅ’টোৰ একমাত্ৰ কপিৰাইট ধাৰী বুলিও উল্লেখ কৰে।

আমি তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টতো একেটা ভিডিঅ’ পাইছিলোঁ। তলত পোষ্টটো চাব পাৰিব।

তলত অষ্ট্ৰিয়াৰ মিলষ্টেট হ্ৰদৰ মানচিত্ৰ দিয়া হৈছে যিটো ভাইৰেল ভিডিঅ’টোৰ সৈতে প্ৰায় মিল আছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ডাৱৰ বিস্ফোৰণৰ এই ভিডিঅ'টো ছিকিমৰ নহয় বৰং অষ্ট্ৰিয়াৰ মিলষ্টেট হ্ৰদত হোৱা ডাৱৰ বিস্ফোৰণৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো ছিকিমৰ শেহতীয়া ডাৱৰ বিস্ফোৰণৰ নহয়।

Written By: Debanjana Baishya

Result: False