
শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰি দাবী কৰিছে যে এই ভিডিঅ’টো অসমৰ হয় বা আন কিছু লোকে উক্ত ভিডিঅ’টো অসমৰ হয় নেকি বুলি প্ৰশ্ন কৰিছে । উক্ত ভিডিঅ’টো অসমত হোৱাটছএপৰ যোগেদিও বহুল ভাৱে প্ৰচাৰ হৈছে আছে আৰু আমাৰ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা নিৰূপনৰ আহ্বান কৰি মেছেজ কৰিছিল।
Archived Link | Archived Video Link
Original Link- Facebook | Archived Link
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই এই ভাইৰেল ভিডিঅ’ তথা পোষ্টবোৰত কৰা দাবী বোৰৰ সত্যতা সম্পৰ্কত এক অনুসন্ধান কৰাৰ সিদ্ধান্ত ললো আৰু জানিব পাৰিলো যে উক্ত ভিডিঅ’টো আচলতে এইবাৰৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ৰ নহয় ।
সত্যতা নিৰূপন পদ্ধতি:
আমি এক বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্রেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ । আমি দেখিলোঁ যে উক্ত ভিডিঅ’টো ফেচবুকত ২০১৯ চনৰ ২১ মে’ তাৰিখে আপলোড কৰা হৈছিল । ‘Arasiyalla Ithellam’ নামৰ এক ফেচবুক পেজত উক্ত ভিডিঅ’টো আপলোড কৰা হৈছিল । ফলত আমি উক্ত ভিডিঅ’টো যে এইবাৰৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ৰ নহয়, নিশ্চিত হলোঁ ।
ইয়াৰ উপৰিও আমি এই সম্পৰ্কত বিচাৰ খোচাৰ কৰি কোনো আঞ্চলিক বাতৰি কাকত বা নিউজ চেনেলৰ ৱেবছাইটত উক্ত ভিডিঅ’টোৰ সম্পৰ্কত কোনো বাতৰি দেখা নাপালোঁ ।
ফলাফল
উক্ত ভাইৰেল ভিডিঅ’টো এইবাৰৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ৰ নহয় । উক্ত ভিডিঅ’টো ফেচবুকত ২০১৯ চনৰ ২১ মে’ তাৰিখে আপলোড কৰা হৈছিল । উক্ত ভিডিঅ’টো অসমত ভাইৰেল কৰি জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰা হৈছে ।

Title:এই ভাইৰেল ভিডিঅ’টো এইবাৰৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ৰ নহয়!
Fact Check By: Manjori BorkotokyResult: Missing Context
