
কেৰেলাৰ ৱায়ানাডত যোৱা ৩০ জুলাইত হোৱা ভূমিস্খলনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছে আৰু বহুতো লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। চৰকাৰৰ লগতে বিভিন্ন দল- সংগঠন উদ্ধাৰ আৰু সাহাৰ্য অভিযানত জড়িত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত কেইখনমান বিশেষ ফটোৰ এখন ক’লাজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত কিছু লোকে সাহাৰ্য বিতৰণ কৰা আৰু বানাক্ৰান্ত এলেকালৈ যোৱা দেখা গৈছে। ৱায়ানাডৰ শেহতীয়া পৰিস্থিতিৰ উদ্ধৃতি দি ফেচবুকত ফটোকেইখন শ্বেয়াৰ কৰি সেয়া ৱায়ানাডত আৰ এছ এছে কৰা সেৱা বুলি দাবী কৰা হৈছে।
ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ৱায়ানাদৰ 41% মুছলমান। ৰাহুল গান্ধীৰ বাবে সুৰক্ষিত দুৰ্গ।
সিহঁতে ৰাহুল গান্ধীক ভোট দিয়ে সিহঁতৰ ইছলামিক এজেণ্ডা আধাৰত।
ৱায়ানাদত বৰ্তমান বানপানীৰ তাণ্ডৱ, ৰাহুল গান্ধী তালৈ বহুত দেৰিকৈ আজিহে গৈছে।
কিন্তু তাত আৰম্ভণিৰ পৰাই ৰাষ্ট্ৰবাদী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (#RSS) ৰ সেৱক সকলে হিন্দুৰ লগতে 41% মুছলমানকো সেৱা কৰি আছে । সবকা সাথ, সবকা সুৰক্ষা, সবকা সেৱা।
নিৰ্বাচনৰ সময়ত কিন্ত ৱায়ানাদৰ মুছলমানে ইছলামিক ইক’চিষ্টেমৰ এজেণ্ট, মুছলমানৰ কণ্ঠ ৰাহুল গান্ধীকেই ভোট দিব… মুছলমানৰ বাবে ধৰ্মীয় আধিপত্য আৰু অগ্ৰাসনৰ এজেণ্ডা সৰ্বোপৰি”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ভাইৰেল ক’লাজখনত চাৰিখন ফটো আছিল। আমি আটাইকেইখন ফটো এখন এখনকৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।
ফটো ১ আৰু ২:
আমি প্ৰথম ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি এটা এক্স হেণ্ডলত সেই ফটোখন ২০১৮ চনৰ ১৬ আগষ্টত আপলোড কৰা দেখিলোঁ। ফটোখন আপলোড কৰি ব্যৱহাৰকাৰীয়ে লিখিছিল যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মীসকলে কেৰেলাৰ বানপীড়িতক সহায় কৰাৰ দৃশ্য সেয়া।
উল্লেখযোগ্য যে ২০১৮ চনৰ ১৬ আগষ্টত মুষলধাৰ বৰষুণৰ ফলত কেৰেলাত ভয়াবহ বানপানীৰ সৃষ্টি হৈছিল।
এইবাৰ আমি দ্বিতীয় ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া RSS Rengali, Sambalpur নামৰ ফেচবুক পেজ এটাত ২০১৮ চনৰ ১৮ আগষ্টত এই ফটোখন আন কিছুমান ফটোৰ সৈতে আপলোড হোৱা দেখিলোঁ। আন ফটোসমূহৰ মাজত ভাইৰেল ক’লাজত থকা প্ৰথম ফটোখনো আছিল। ফটোকেইখনৰ কেপশ্বনত লিখা আছিল এইদৰে, “RSS Kerala”।
গতিকে আমি নিশ্চিত হ’লোঁ যে এই দুয়োখন ফটো পুৰণি।
ফটো ৩:
এইবাৰ তৃতীয় ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি আমি VSK Tamilnadu নামৰ ৱেবছাইট এটাৰ প্ৰবন্ধত ফটোখন পালোঁ। কেইবাখনো ফটো সংলগ্ন সেই প্ৰবন্ধটোত উল্লেখ কৰা হৈছিল যে তাত সন্নিৱিষ্ট ফটোসমূহ ২০১৮ চনত কেৰেলাত হোৱা বানপানীৰ সময়ত আৰ এছ এছ সেৱাভাৰতীৰ দ্বাৰা আগবঢ়োৱা সাহাৰ্য আৰু উদ্ধাৰ অভিযানৰ।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
ফটো ৪:
চতুৰ্থ ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি আমি ২০১৯ চনৰ ২১ আগষ্টৰ এটা ফেচবুক পোষ্ট পালোঁ য’ত কিছুমান ফটো সন্নিৱিষ্ট কৰি ভিডিঅ’ আকাৰে আপলোড কৰা হৈছিল। ভিডিঅ’টোৰ ০:১৪ টাইমষ্টেম্পত ভাইৰেল ক’লাজৰ চতুৰ্থ ফটোখন আমি পালোঁ। ভিডিঅ’টোৰ আৰম্ভণিতেই ফটোসমূহ আৰ এছ এছৰ বুলি উল্লেখ কৰা হৈছিল।
Facebook Link | Archived Link
তদুপৰি এই একেখন ফটো আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৱেবছাইটতো পালোঁ য’ত উল্লেখ কৰা হৈছিল যে সেয়া আৰ এছ এছৰ উদ্ধাৰ অভিযানৰ ফটো। কিন্তু সেই ফটোখন ক’ৰ আৰু কেতিয়াৰ সেই সম্পৰ্কে কোনো তথ্য দিয়া হোৱা নাছিল। কিন্তু যিহেতু আমি পোৱা ফেচবুক পোষ্টটো ২০১৯ চনৰেই, গতিকে নিশ্চিতভাৱে এই ফটোখন ৱায়ানাডৰ শেহতীয়া পৰিস্থিতিৰ সৈতে জড়িত নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোকেইখনৰ সৈতে কৰা দাবীটো প্ৰসংগ সংগতিহীন। আৰ এছ এছৰ দ্বাৰা আগবঢ়োৱা সাহাৰ্য আৰু উদ্ধাৰ অভিযানৰ এই ফটোকেইখন পুৰণি। ৱায়ানাডৰ শেহতীয়া পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:আৰ এছ এছৰ কৰ্মীসকলে কৰা উদ্ধাৰ অভিযানৰ পুৰণি ফটো ৱায়ানাডৰ শেহতীয়া পৰিস্থিতিৰ সৈতে জড়িত বুলি ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: Missing Context
