অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ অহা ২২ জানুৱাৰীত নিৰ্ধাৰণ কৰা হৈছে যদিও এসপ্তাহৰ আগৰেপৰা বিভিন্ন অনুষ্ঠান আৰম্ভ হ’ব। চ'চিয়েল মেডিয়াত এই অনুষ্ঠানৰ সৈতে জড়িত বহু পোষ্ট ভৰি পৰিছে।

তেনে এটা পোষ্টত ৰাস্তাৰ দাঁতিত শগুনৰ জাক দেখা গৈছে। জটায়ু বা শগুনক, ৰামায়ণ যুগৰ দেৱতা বুলি ধৰা হয়। এই চৰাইৰ জাকৰ ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰি চ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পূৰ্বে অযোধ্যাত এই চৰাইবোৰ দেখা গৈছিল।

তেনে এটা পোষ্ট আমি ফেচবুকতো পালোঁ। পোষ্টটোত লিখা আছিল এইদৰে -" অযোধ্যাত এটা আচৰিত ঘটনা হৈছে আজি কিছুদিন আগতে।

"জটায়ু" বিলুপ্ত হৈছিল অযোধ্যাত কিন্তু কিছুদিন আগতে "জটায়ুৰ পক্ষীৰ এটা জুম অযোধ্যাত উপস্থিত হয়।

এয়া শ্ৰীৰাম জীৰ মহিমা 🚩🙏🏻

আকৌ আহিছে জটায়ু সীতা মাতাক সুৰক্ষা দিবলৈ।

সচাঁকৈ এয়া চমৎকাৰ নে সংযোগ? 🔥

জয় শ্ৰী ৰাম 🚩🙏🏻

#जयहनुमान #जय_श्रीराम 🚩"

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ২০২১ আৰু ২০২২ চনতো এটা ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ আমি পালোঁ। ভিডিঅ’টোৰ কেপচনত লিখা আছে যে এইটো ইণ্ডোনেছিয়াৰ দৃশ্য।

যিহেতু এই ভিডিঅ’টো ২ বছৰ ধৰি ইণ্টাৰনেটত উপলব্ধ হৈ আছে, গতিকে আমি নিশ্চিত হ'লোঁ যে এই ভিডিঅ'টো শেহতীয়া নহয়। তলত ভিডিঅ'টো চাব পাৰিব।

ভাইৰেল ফটোখন ২০২২ চনত টিভি৯ মাৰাঠী ৱেবছাইটতো প্ৰকাশ পাইছিল। লেখাটো ইয়াত পঢ়িব পাৰিব।

২০২১ চনৰ আন এটা ফেচবুক পোষ্টো আমি দেখা পালোঁ য’ত চৰাইকেইটাক হিমালয়ান শগুন বুলি চিনাক্ত কৰা হৈছিল। এই শগুনবোৰ প্ৰধানকৈ হিমালয় আৰু তিব্বতৰ মালভূমিৰ কাষত পোৱা যায়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ফটোখন কোন ঠাইৰ সেয়া সঠিককৈ ক'ব নোৱাৰিলেও এই ফটোখন শেহতীয়া নহয় বুলি আমি আমাৰ অনুসন্ধানৰ পৰা ক'ব পাৰোঁ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সঁচাকৈয়ে শেহতীয়াকৈ অযোধ্যাত জটায়ু পক্ষী দেখা গৈছে নেকি?

Written By: Debanjana Baishya

Result: False