২৩ আগষ্টত চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ বুকুত সফলতাৰে অৱতৰণ কৰাৰ পিছতে এটা বিশেষ বাতৰি চ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। বাতৰিটোত কোৱা হৈছিল যে ১৭ মাহ ধৰি চন্দ্ৰযান-৩ৰ বিজ্ঞানীসকলে দৰমহা পোৱা নাই।

Facebook Link | Archived Link

কিন্তু আচলতে চন্দ্ৰযানৰ লঞ্চপেড নিৰ্মাণ কৰা পি এছ ইউ হেভী ইঞ্জিনিয়াৰিং কৰ্প'ৰেশ্বনৰ বিষয়া-কৰ্মচাৰীসকলেহে কেইবামাহ ধৰি দৰমহা পোৱা নাছিল।

২০২৩ চনৰ ১৮ জুলাইত চি এন বি চিত প্ৰকাশিত এটা প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে চন্দ্ৰযান-৩ ৰ লঞ্চপেড (launchpad) নিৰ্মাণ কৰা এইছ ই চি(HEC)ৰ ইঞ্জিনিয়াৰসকলে ১৭মাহ ধৰি দৰমহা পোৱা নাই।

এইছ ই চিৰ ইঞ্জিনিয়াৰ তথা আন কৰ্মচাৰীসকলে কেইবামাহ ধৰি দৰমহা নোপোৱা বিষয়টোত দ্য হিন্দুৰ এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অৱস্থিত এইছ ই চি(Heavy Engineering Corporation)হ'ল গধুৰ উদ্যোগ মন্ত্ৰালয়ৰ অধীনৰ এটা পি এছ ইউ (Public Sector Undertaking)।

পি এছ ইউ কি হয় ?

পি এছ ইউ (Public Sector Undertakings) হৈছে এনে ব্যৱসায় যিবোৰ সম্পূৰ্ণৰূপে বা প্ৰধানকৈ চৰকাৰৰ মালিকানাধীন। ভাৰতৰ অৰ্থনৈতিক উত্থানত পি এছ ইউ বা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এইবোৰ হৈছে সেইবোৰ সংস্থা যাৰ উল্লেখযোগ্য পেইড শ্বেয়াৰ কেপিটেল (৫১ শতাংশ বা তাতকৈ অধিক) চৰকাৰৰ মালিকানাধীন। যি ধৰণৰ চৰকাৰ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক কেন্দ্ৰীয় পি এছ ইউ বা ৰাজ্যিক পি এছ ইউ বুলি নাম দিব পাৰি। এই নিগমসমূহে আগবঢ়োৱা সেৱাসমূহ সমগ্ৰ সমাজৰ বাবে উপকাৰী। পি এছ ইউৰ বিষয়ে ইয়াত পঢ়িব পাৰিব।

তদুপৰি পি আই বিৰ এক্সত(পূৰ্বৰ টুইটাৰ) প্ৰকাশ পোৱা এটা টুইটত উল্লেখ কৰা হৈছিল যে ইছৰোৰ বিজ্ঞানীসকলে প্ৰত্যেক মাহৰ শেষৰ দিনটোত দৰমহা পায়।

গতিকে আমি ক'ব পাৰোঁ যে চন্দ্ৰযানৰ বিজ্ঞানীয়ে নহয় বৰং চন্দ্ৰযানৰ লঞ্চপেড নিৰ্মাণ কৰা পি এছ ইউ হেভী ইঞ্জিনিয়াৰিং কৰ্প'ৰেশ্বনৰ বিষয়া-কৰ্মচাৰীসকলেহে কেইবামাহ ধৰি দৰমহা পোৱা নাছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সঁচাকৈয়ে চন্দ্ৰযানৰ বিজ্ঞানীয়ে ১৭মাহ ধৰি দৰমহা পোৱা নাই নেকি?

Written By: Debanjana Baishya

Result: Insight