
যিসময়ত তেলেংগানাৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ভেটেৰিনেৰী ডক্টৰক নিৰ্মম ভাৱে বলাতকাৰ কৰি হত্যা কৰি পাছত জ্বলাই দিয়া ঘটনাই গোটেই দেশকে জোকাৰি গৈছে, সেইসময়ত নিৰ্ভয়া হেল্প লাইন নম্বৰ বুলি এক বিশেষ ফোন নম্বৰ ছচিয়েল মিডিয়া যেনে ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল হৈ পৰিছে । অসমতো ২০১৭ আৰু ২০১৮ চনৰ উক্ত ফোন নম্বৰটো শ্বেয়াৰ কৰা পুৰণা ফেচবুক পোষ্ট কেইটামান আকৌ নতুনকৈ প্ৰচাৰ হৈছে হোৱাটচ এপ্পৰ জৰিয়তে ।

এই বিশেষ নম্বৰটো ভাইৰেল কৰা পোষ্ট বা ফটোবোৰত লিখা হৈছে যে এই নিৰ্ভয়া হেল্প লাইন নম্বৰটো সকলো মহিলাৰ লগত শ্বেয়াৰ কৰিব লাগে যাতে তেওঁলোকে কোনো বিপদত পৰিলে তৎক্ষণাত পুলিচৰ হেল্প লাভ কৰিব পাৰে । এই বিশেষ নম্বৰটোলৈ মেচেজ বা মিছড ক’ল মাৰিলে পুলিচে মেচেজ কৰোঁতাৰ লোকেচন ধৰিব পাৰে আৰু সহায়ৰ বাবে আহিব পাৰে বুলি ভাইৰেল হোৱাটচ এপ্প মেছেজটোত লিখা আছে ।
প্ৰণালী
আমি সৰ্বপ্ৰথমে উক্ত নম্বৰটোত ক’ল কৰিলোঁ আৰু পালোঁ যে Truecallerৰ মতে এই নম্বৰটো মুম্বাইৰ হয় কিন্তু এই নম্বৰটোৰ বৰ্তমান অস্তিত্ব নাই । ইয়াৰ পাছত আমি গুগলত ‘নিৰ্ভয়া হেল্প লাইন ৯৮৩৩৩১২২২২’ বুলি চাৰ্চ কৰিলোঁ ফলত আমি এই বিষয়ে বহুতো নিউজ দেখা পালোঁ আৰু এটা ৱেবছাইটত লিখা পালোঁ যে আচলতে এই নম্বৰটো মুম্বাই ৰেলৱে পুলিচে মহিলা সুৰক্ষাৰ বাবে আৰম্ভ কৰিছিল ।
আমি যেতিয়া গুগলত এই বিষয়ে চাৰ্চ কৰিলোঁ, মুম্বাই মি’ৰৰ নামৰ বাতৰি কাকতখনত প্ৰকাশ হোৱা এটা বাতৰি দেখা পালোঁ যে ২০১৫ চনতে মুম্বাই ৰেলৱে পুলিচে এই নিৰ্ভয়া হেল্প লাইন নম্বৰটো মহানগৰখনৰ লোকেল ট্ৰেইনবিলাকত মহিলা সুৰক্ষাৰ কথা চিন্তা কৰি আৰম্ভ কৰিছিল ।

ইয়াৰ পাছত আমি গুগলত ‘নিৰ্ভয়া ৯৮৩৩৩১২২২২ মুম্বাই ৰেলৱে’ বুলি চাৰ্চ কৰিলোঁ আৰু মুম্বাই পুলিচৰ অফিচিয়েল ৱেবছাইটত উপস্থিত হলো আৰু গম পালোঁ যে উক্ত হেল্পলাইন নম্বৰটো বৰ্তমান কাৰ্যক্ষম নহয় আৰু ২০১৮ চনতে বন্ধ কৰি দিয়া হৈছে । তেওঁলোকৰ ৱেবছাইটতোও বৰ্তমান কাৰ্যক্ষম নহয় আৰু ইয়াৰ আৰ্কাইভ ভাৰচনহে আমি দেখা পাইছোঁ ।

আমি ইয়াৰ পাছত মুম্বাই পুলিচ পিআৰঅ’ মজুনাথ সিঙেক যোগাযোগ কৰিলোঁ যোনে আমাক ক’লে যে “৯৮৩৩৩১২২২২ নম্বৰটোৰ এতিয়া অস্তিত্ব নাই আৰু কাৰোবাৰ কিবা ইমাৰজেন্সি থাকিলে ১০০ নম্বৰত ফোন কৰিলেই হ’ল যাতে লোকেল থানাৰ কণ্ট্ৰোল ৰুমৰ লগত যোগাযোগ কৰিব পৰা যায় । তেওঁ আৰু ক’লে যে ১০০ নম্বৰটো গোটেই দেশতেই প্ৰযোজ্য আৰু ইয়াৰ বাহিৰে মহিলাৰ বাবে ১০৯১ নম্বৰটো আছে ।
ফলাফল
নিৰ্ভয়া হেল্প লাইন নম্বৰটো এতিয়া কাৰ্যক্ষম নহয় আৰু আচলতে এইয়া ২০১৫ চনতে মুম্বাই ৰেলৱে পুলিচে মহানগৰখনৰ লোকেল ট্ৰেইনবিলাকত মহিলা সুৰক্ষাৰ কথা চিন্তা কৰি আৰম্ভ কৰিছিল । যিসকলে এতিয়াও নম্বৰটো প্ৰচাৰ কৰি আছে তেওঁলোকে জনসাধাৰণক বিপথে পৰিচালিত কৰাই নহয় বৰঞ্চ মহিলাসকলক সহায় কৰাৰ বিপৰীতে বিপদত হে পেলাব পাৰে যিহেতো এই নম্বৰটোৰ এতিয়া কোনো অস্তিত্ব নাই ।

Title:নিৰ্ভয়া হেল্প লাইন নম্বৰ ‘৯৮৩৩৩১২২২২’ ২০১৮ চনতে বন্ধ কৰি দিয়া হৈছিল
Fact Check By: Manjori BorkotokyResult: False