অলপতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন ফটো ফ্ৰেম লৈ থকা দেখা গৈছে য'ত হিন্দী ভাষাত লিখা আছিল এইদৰে,"প্ৰজাপতি মে ইতনি তাকত হ্যে কি য়ে অকেলে হি পুৰে পাকিস্তান কো তবাহ কৰ চকতা হ্যে"। অৰ্থাৎ প্ৰজাপতিৰ ইমান শক্তি আছে যে ই অকলেই সমগ্ৰ পাকিস্তানক ধ্বংস কৰিব পাৰে। এই ফটোখন আমি শ্বেয়াৰছ্যাটতো পালোঁ।

Sharechat Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ।

নৰেন্দ্ৰ মোদীয়ে সেই একেটা ফটোফ্ৰেম লৈ থকা কেইবাখনো ফটো আমি দেখিলোঁ কিন্তু প্ৰত্যেক ফটোতে ফটোফ্ৰেমখনত বেলেগ বেলেগ লিখনি/ফটো সংলগ্ন আছিল।

অনুগ্ৰহ কৰি ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাওক।

Archived Link

এই সম্পৰ্কে অধিক তথ্য বিচাৰি আমি প্ৰাসংগিক কীৱ'ৰ্ড চাৰ্চ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰৰ পৰা ২০১৫ চনৰ ৫ নৱেম্বৰত কৰা এটা টুইট পালোঁ। টুইটটোৰ কেপশ্বনত লিখা আছিল এইদৰে," A moment of pride... launch of India Gold Coins, bearing the Ashok Chakra"।

টুইটটোত সংলগ্ন ফটোত নৰেন্দ্ৰ মোদীয়ে লৈ থকা ফটোফ্ৰেমখনত সেই সময়ত উন্মোচন হোৱা সোণৰ মুদ্ৰা দেখুওৱা হৈছিল। ভালদৰে লক্ষ্য কৰি আমি দেখিলোঁ যে টুইটটোত সংলগ্ন ফটোখনেই ম'ৰ্ফ কৰি বিভিন্ন ৰূপ দি ভাইৰেল কৰা হৈছে। তলত ফটো দুখনৰ তুলনা দাঙি ধৰা হ'ল-

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল হোৱা ফটোখন আচলতে ম'ৰ্ফ কৰা ভুৱা ফটোহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈ থকা ফটোফ্ৰেমখনত সঁচাকৈয়ে পাকিস্তানক ধ্বংস কৰাৰ বিষয়ে লিখা আছেনে?

Written By: Debanjana Baishya

Result: False