প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ভ্ৰমণ কৰাৰ সময়ত কাক উদ্দেশ্যি হাত জোকাৰিছিল?

Misleading Social

যোৱা ২৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ৩০মিনিট সময় আকাশমাৰ্গত ভ্ৰমণ কৰিছিল। এনেদৰে ভ্ৰমণ কৰা তেওঁ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।

এই সন্দৰ্ভত এটা ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে তেজছ যুদ্ধ বিমানেৰে আকাশত ভ্ৰমণ কৰাৰ সময়ত বাহিৰলৈ চাই হাত জোকাৰি থকা দেখা গৈছে। চ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইমান উচ্চতাত কোনো মানুহ নথকাৰ পিছতো হাত জোকাৰিছে।

এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল।

Archived Link

একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে গুগলত কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰচাৰিত একেটা ভিডিঅ’ পালোঁ। এই ভিডিঅ’টো চোৱাৰ পিছত আমি জানিব পাৰিলোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেয়ে শূণ্যত হাত জোকাৰি থকা নাছিল বৰং আন এখন তেজছ যুদ্ধ বিমান উৰুৱাই থকা পাইলটজনক উদ্দেশ্যিহে হাত জোকাৰিছিল। সেই দৃশ্যাংশ ৫৩ ছেকেণ্ডত চাব পাৰিব।

একেটা ভিডিঅ’ বিভিন্ন বাতৰিত প্ৰকাশ কৰা হৈছিল। অনুগ্ৰহ কৰি ইয়াত ইয়াত আৰু ইয়াত চাওক।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেয়ে শূণ্যত হাত জোকাৰি থকা নাছিল বৰং আন এখন তেজছ যুদ্ধ বিমান উৰুৱাই থকা পাইলটজনক উদ্দেশ্যিহে হাত জোকাৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ভ্ৰমণ কৰাৰ সময়ত কাক উদ্দেশ্যি হাত জোকাৰিছিল?

Written By: Debanjana Baishya 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *