অসম তথা উত্তৰ পূৰ্বাঞ্চলত ঘূৰ্ণীবতাহ আহি আছে নেকি?

Partly-False Social

শেহতীয়াকৈ বতৰ সম্বন্ধীয় এক বিশেষ বাতৰি ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। বাতৰিটোত কোৱা হৈছে যে ভয়ংকৰ ঘূৰ্ণীবতাহ ধাৱমান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দিশে।

Facebook Link |  Archived Link

এনে ধৰণৰ খবৰ আমি ইয়াত আৰু ইয়াতো পালোঁ।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্ছ কৰিলোঁ আৰু কিছু তথ্য পালোঁ। 

আমি ঘূৰ্ণীবতাহ সম্পৰ্কে বিজনেছ টুডেত ১৭ আগষ্টত প্ৰকাশিত এটা প্ৰতিবেদন পালোঁ। তাত উল্লেখ কৰা হৈছিল যে আই এম ডিয়ে উত্তৰ পূব বংগোপসাগৰৰ ওপৰত উচ্চ ঘূৰ্ণীবায়ু লক্ষ্য কৰিছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, উত্তৰ-পূব বংগোপসাগৰৰ ওপৰত থকা উচ্চ ঘূৰ্ণীবায়ু উত্তৰ বংগোপসাগৰৰ ওপৰেৰে গতি কৰি নিম্ন চাপৰ ব্যৱস্থালৈ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। বতৰ কাৰ্যালয়ে আৰু কয় যে এই পৰিঘটনাৰ বাবে তেলেংগানাত অহা কেইদিনমানৰ ভিতৰত লঘুৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আইএমডিয়ে দক্ষিণৰ ৰাজ্যখনত ১৮, ১৯ আৰু ২০ আগষ্টত ব্যাপক বৰষুণৰ ভৱিষ্যবাণী কৰিছে।

Archived Link 

আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰি ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ৱেবছাইটত ১৭ আগষ্টত প্ৰকাশ পোৱা এটা পিডিএফ পালোঁ। তাত উল্লেখ কৰা হৈছিল যে উত্তৰ পূব আৰু ইয়াৰ কাষৰীয়া পূব-মধ্য বংগোপসাগৰৰ ওপৰত মধ্য ট্ৰ’প’স্ফিয়াৰিক ঘূৰ্ণীবায়ুৰ পৰিবহন হৈছে উচ্চতাৰ লগে লগে দক্ষিণ দিশলৈ হেলনীয়া হৈ। ইয়াৰ প্ৰভাৱত উত্তৰ বংগোপসাগৰ আৰু কাষৰীয়া অঞ্চলত ১৮ আগষ্টত নিম্ন চাপৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। তদুপৰি দেশৰ বিভিন্ন অঞ্চলত মজলীয়াৰ পৰা তীব্ৰ বৰষুণৰ আশংকা কৰা হৈছে।

বিশেষকৈ ১৭ আৰু ১৮আগষ্টত উৰিষ্যাত প্ৰবল বৰষুণৰ আশংকা কৰা হৈছে, উত্তৰ পূৰ্বাঞ্চলত ১৭ৰ পৰা ২১আগষ্টলৈ, মধ্য ভাৰতত ১৮ৰ পৰা ২১ আগষ্টলৈ, উত্তৰ পশ্চিম ভাৰতত ১৮ৰ পৰা ২১আগষ্টলৈ, দক্ষিণ ভাৰতত ১৮ আৰু ১৯ তাৰিখে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে।

আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰি অসমৰ বাবে বতৰ বিজ্ঞান বিভাগৰ জাননী এখন পালোঁ। তাত ১৬আগষ্টৰ পৰা ২০আগষ্টলৈ জিলা ভিত্তিক বতৰৰ আগজাননী দিয়া হৈছিল আৰু কোনো কোনো জিলাৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছিল যদিও ঘূৰ্ণীবতাহৰ কথা উল্লেখ কৰা হোৱা নাছিল।

এই সম্পৰ্কে অধিক জানিবলৈ আমি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ জ্যেষ্ঠ বিজ্ঞানী ড° সঞ্জয় শ্বৰ লগত যোগাযোগ কৰিলোঁ। তেওঁ আমাক কয় যে ভাইৰেল দাবীটো মিছা, অসম তথা উত্তৰ পূৰ্বাঞ্চলত ঘূৰ্ণীবতাহ সম্পৰ্কে কোনো সতৰ্কবাণী দিয়া হোৱা নাই। বতৰ সম্বন্ধীয় তথ্যৰ বাবে mausam.imd.gov.in/guwahati এই ৱেবছাইটো চাবলৈ তেওঁ আহ্বান জনায়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোত কৰা দাবী আংশিকভাৱে মিছা। অসমত তথা উত্তৰ পূৰ্বাঞ্চলত ঘূৰ্ণীবতাহ আহিব বুলি বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰী কৰা নাই বৰং উত্তৰ পূব বংগোপসাগৰৰ ওপৰতহে ঘূৰ্ণীবায়ুৰ সৃষ্টি হোৱা বুলি কোৱা হৈছে। ইয়াৰ ফলত দেশৰ অন্য ৰাজ্যৰ লগতে অসমৰ কিছুমান জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অসম তথা উত্তৰ পূৰ্বাঞ্চলত ঘূৰ্ণীবতাহ আহি আছে নেকি?

Written By: Factcrescendo Assamese 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *