এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

False Wildlife

অসমৰ পৰা নিয়া জয়মালা নামৰ এটা হাতীক তামিলনাডুত নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি দাবীৰে কিছু ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ।  সৰৱ হৈ পৰিছে প্ৰকৃতিপ্ৰেমী তথা অসমৰ ৰাইজ । ফেচবুকত এই বিষয়ে বিভিন্ন ফটো, ভিডিঅ’ সম্বলিত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা হৈছে । এনে সময়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে এইয়া তামিলনাডুত নিৰ্মম অত্যাচাৰৰ সন্মুখীন হোৱা জয়মালা নামৰ অসমৰ হাতীটোৰ ফটো । 

Archived Link

আমি, ‘ফেক্ট ক্ৰেচেণ্ড অসমীয়া’ই, এই সম্পৰ্কে এক তদন্ত কৰাৰ সিদ্ধান্ত ললো । সঁচাকৈ উক্ত ভাইৰেল ফটোখন তামিলনাডুত নিৰ্মম অত্যাচাৰৰ সন্মুখীন হোৱা জয়মালা নামৰ অসমৰ হাতীটোৰ নেকি, জানো আহক । 

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলো আৰু দেখিলোঁ যে উক্ত ফটোখন National Geographicৰ ৱেবছাইটত ২০১৯ চনতে প্ৰকাশ পাইছিল । লিখনিটো পঢ়ি আমি জানিব পাৰিলোঁ যে ভাইৰেল ফটোখনত দেখা পোৱা হাতীটো আচলতে অসমৰ জয়মালা নহয় বৰঞ্চ থাইলেণ্ডৰ এক হাতী হয় । 

Screenshot National Geographic

ইয়াৰ পাছতেই আমি ৰিভাৰ্চ ইমেজ চাৰ্চৰ ফলাফলত এই সম্পৰ্কে আন এক বাতৰি প্ৰকাশ হোৱা দেখিলোঁ । Euro Newsৰ ৱেবছাইটত এক লিখনিৰ অংশ হিচাবে উক্ত ভাইৰেল ফটোখন প্ৰকাশ পাইছে য’ত স্পষ্টকৈ উল্লেখ কৰা আছে যে ভাইৰেল ফটোখনত দেখা পোৱা হাতীটো থাইলেণ্ডৰ হয় । 

ফলাফল

উক্ত ভাইৰেল ফটোখন তামিলনাডুত নিৰ্মম অত্যাচাৰৰ সন্মুখীন হোৱা জয়মালা নামৰ অসমৰ হাতীটোৰ নহয় । ভাইৰেল ফটোখনত দেখা পোৱা হাতীটো আচলতে থাইলেণ্ডৰ হয় । লগতে এইয়াও স্পষ্ট হৈ পৰিল যে উক্ত ভাইৰেল ফটোখন শেহতীয়া নহয় যিহেতু আমি নিশ্চিত হলো যে উক্ত ফটোখন ২০১৯ চনতেই প্ৰকাশ পাইছিল । 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *