

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছৰ আক্ৰমণৰ ফলত সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৬৫ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ২৫ লাখ মানুহ আক্রান্ত হৈ আছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ওঠৰ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৬০৩ জনৰ মৃত্যু হৈছে । অসমতো ৩৫জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু এজনৰ মৃত্যু হৈছে ।
এই ভয়ানক ৰোগৰ সংক্ৰমণ ৰোধিবলৈ ভাৰতত ২১ দিনৰ লক ডাউন ঘোষণা কৰা হৈছিল যি যোৱা ১৪ এপ্ৰিল, ২০২০ তাৰিখে সমাপ্ত হ’লহেঁতেন কিন্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইয়া ৩ মে’, ২০২০ পৰ্য্যন্ত বঢ়াই দিছে । এনে সময়তে লক ডাউন উলংঘা কৰা বা দৃষ্টান্তমূলক ভাৱে মনা বিভিন্ন ফটো আৰু ভিডিঅ’ ফেচবুক আৰু টুইটাৰৰ যোগেদি ভাইৰেল হৈ পৰিছে ।
এনে কিছু ফটো শেহতীয়াকৈ ফেচবুক আৰু টুইটাৰৰৰ যোগেদি অসমত ভাইৰেল হৈ পৰিছে । ফটোবোৰত আমি লক ডাউনৰ সামাজিক দূৰত্ব প্ৰকৃতাৰ্থত মানি এখন বজাৰ বহা দেখিবলৈ পাইছোঁ । দাবী কৰা হৈছে যে এইখন ভাৰতৰ মিজোৰাম ৰাজ্যৰ এখন বজাৰ হয় । তেজ হাজৰিকা নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা উক্ত ভাইৰেল ফটোবোৰৰ এখন “মিজোৰামৰ কৃষকৰ বজাৰ”, বুলি শিৰোনামা দি ২৩ এপ্ৰিল, ২০২০ তাৰিখে আপলোড কৰা হৈছে ।
ইয়াৰ উপৰিয়ো অসমৰ আন কেইবাটাও ফেচবুক প্ৰফাইলৰ পৰা উক্ত ফটোবোৰ আপলোড কৰা হৈছে ।


টুইটাৰতও আমি একেই ধৰণৰ ফটো/পোষ্ট দেখিবলৈ পাইছোঁ ।

সঁচাকৈ ভাইৰেল ফটোবোৰ মিজোৰামৰ এখন বজাৰৰ হয় নে? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি উক্ত ভাইৰেল ফটোবোৰ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু জানিব পাৰিলোঁ যে ফটোবোৰ আচলতে ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰৰ হয় । নেচন থাইলেণ্ড নামৰ এক নিউজ ৱেবচাইটত এই সম্পৰ্কে এক বাতৰি ২১ এপ্ৰিল, ২০২০ তাৰিখে উক্ত ভাইৰেল ফটো সম্বলিত প্ৰকাশ পাইছে । বাতৰিটোত ম্যানমাৰৰ এখন বজাৰৰ এই ফটোবোৰ ফেচবুকত জেইন ৱেৰাফঙ নামৰ এক প্ৰফাইলৰ পৰা প্ৰথমে আপলোড কৰা হৈছিল বুলি উল্লেখ আছে । এই সম্পৰ্কে বিতংকৈ পঢ়ক ইয়াত ।

গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ ফলত আমি ফিল নিউজ নামৰ আন এক নিউজ ৱেবচাইটত উক্ত ভাইৰেল ফটোবোৰৰ বিষয়ে আন এক বাতৰি পালোঁ । ২১ এপ্ৰিল, ২০২০ তাৰিখে প্ৰকাশ পোৱা বাতৰিটোত কোৱা হৈছে যে ভাইৰেল ফটোবোৰত দেখা পোৱা বজাৰখন ম্যানমাৰৰ কালাও’ নামৰ এখন ঠাইৰ হয় আৰু এই বজাৰখনে যি সামাজিক দূৰত্ব ৰাখি চলিছে সেইয়া বিশ্ববাসীয়ে সলাগিছে । বিতংকৈ জানিবলৈ ইয়াত পঢ়ক ।


ইয়াৰ পাছত আমি জেইন ৱেৰাফঙ নামৰ ফেচবুক প্ৰফাইলটো বিচাৰি উলিয়ালোঁ যিহেতু ওপৰত উল্লেখিত বাতৰিটোত এই প্ৰফাইলৰটোৰ পৰা উক্ত ফটোবোৰ প্ৰথমে আপলোড কৰা হৈছিল বুলি লিখা আছে । ২০ এপ্ৰিল, ২০২০ তাৰিখে এই প্ৰফাইলটোৰ পৰা ফটোবোৰ “ম্যানমাৰৰ বজাৰত সামাজিক দূৰত্ব” বুলি শিৰোমণি দি আপলোড কৰা হৈছিল । উক্ত পোষ্টটো প্ৰায় ২১ হেজাৰবাৰ শ্বেয়াৰ কৰা হৈছে আৰু ৬.৫ হেজাৰবাৰ লাইক কৰা হৈছে । আমি আৰু দেখিলোঁ যে এইখন বজাৰৰ আন দিশৰ পৰা তোলা ফটোও উক্ত পোষ্টটোত আছে ।

ফলাফল
লক ডাউনৰ সামাজিক দূৰত্ব প্ৰকৃতাৰ্থত মানি চলা বজাৰৰ ভাইৰেল ফটোবোৰ ভাৰতৰ মিজোৰাম ৰাজ্যৰ নহয় বৰঞ্চ ম্যানমাৰৰ এখন বজাৰৰ হয় ।

Title:লক ডাউনৰ সামাজিক দূৰত্ব প্ৰকৃতাৰ্থত মানি চলা বজাৰৰ এই ভাইৰেল ফটোবোৰ মিজোৰামৰ নহয়!
Fact Check By: Manjori BorkotokyResult: False