এজনো থলুৱা অসমীয়া ক’ৰনা ভাইৰাছ ৰোগত আক্রান্ত হোৱা নাই বাবে আইচিএমআৰ’য়ে থলুৱা অসমীয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে এক অধ্যয়ন কৰিব পাৰে নেকি?

Coronavirus False Social

টুইটাৰ পোষ্ট | সংৰক্ষিত পোষ্ট

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছৰ আক্ৰমণৰ ফলত সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৯০ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ২৭ লাখ মানুহ আক্রান্ত হৈ আছে । 

বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৬৮৬ জনৰ মৃত্যু হৈছে । অসমতো ৩৬জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু এজনৰ মৃত্যু হৈছে । 

এই ভয়ানক ৰোগৰ সংক্ৰমণ ৰোধিবলৈ ভাৰতত ২১ দিনৰ লক ডাউন ঘোষণা কৰা হৈছিল যি যোৱা ১৪ এপ্ৰিল, ২০২০ তাৰিখে সমাপ্ত হ’লহেঁতেন কিন্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইয়া ৩ মে’, ২০২০ পৰ্য্যন্ত বঢ়াই দিছে । এনে সময়তে ক’ৰনা ভাইৰাছৰল সম্বন্ধীয় বিভিন্ন ফেচবুক আৰু টুইটাৰ পোষ্ট ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । 

ডঃ সঞ্জীৱ গোস্বামী নামৰ এক টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰা এনে এক টুইটাৰ পোষ্টত দাবী কৰা হৈছে যে গোটেই ভাৰতবৰ্ষত এজনো থলুৱা অসমীয়া ক’ৰনা ভাইৰাছ ৰোগত আক্রান্ত হোৱা নাই আৰু সেইবাবে আইচিএমআৰ’য়ে (ICMR) থলুৱা অসমীয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, আদিৰ ওপৰত এক অধ্যয়ন কৰিব পাৰে । তেওঁ লগতে দাবী কৰিছে যে এই কথা তেওঁক বিশ্ব স্বাস্থ্য সংস্থাৰ এক জ্যেষ্ঠ বিশেষজ্ঞয়ে জনাইছে । 

সত্য কি? জানোঁ আহক ।

প্ৰণালী

প্ৰথমে আমি উক্ত টুইটটোৰ কমেণ্টছ চেক্সনত গ’লো আৰু দেখিলোঁ যে পিআইবি অসমৰ ফালৰ পৰা এই বিষয়ে এক প্ৰতিক্ৰিয়া প্ৰদান কৰা হৈছে । 

twitter doc pib.png

টুইটাৰ পোষ্ট | সংৰক্ষিত পোষ্ট

উক্ত প্ৰেছ ৰিলিজটোৰ মতে আইচিএমআৰ’ৰ ডাইৰেক্টৰ জেনেৰেল প্ৰফেছৰ বলৰাম ভাৰ্গবে স্পষ্ট কৰিছে যে উক্ত বিষয়ে এনে কোনো অধ্যয়ন আইচিএমআৰ’ৰ ফালৰ পৰা বৰ্তমান কৰা নাই । ভাইৰেল হোৱা টুইটটো তেওঁলোকে এক ভুৱা বাতৰি বুলি স্পষ্টকৈ উল্লেখ কৰিছে । তেওঁলোকে লগতে উল্লেখ কৰিছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে এই ভাইৰাছ বিধে কোনো জাত-পাত, ধৰ্ম, ভাষা বা সীমা নামানে । 

WhatsApp Image 2020-04-24 at 10.16.29.jpeg

আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ যদিয়ো এই বিষয়ে কোনো মূলসুঁতিৰ নিউজ গোষ্ঠীৰ ৱেবচাইটত কোনো বাতৰি প্ৰকাশ হোৱা নেদেখিলোঁ । 

ফলাফল

গোটেই ভাৰতবৰ্ষত এজনো থলুৱা অসমীয়া ক’ৰনা ভাইৰাছ ৰোগত আক্রান্ত হোৱা নাই 

বাবে আইচিএমআৰ’য়ে থলুৱা অসমীয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, আদিৰ ওপৰত এক অধ্যয়ন কৰিব পাৰে বুলি কৰা দাবীটো মিছা প্ৰতিপন্ন হৈছে । ইতিমধ্যে আইচিএমআৰ’ৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এনে কোনো অধ্যয়ন কৰা হোৱা নাই । 

Avatar

Title:এজনো থলুৱা অসমীয়া ক’ৰনা ভাইৰাছ ৰোগত আক্রান্ত হোৱা নাই বাবে আইচিএমআৰ’য়ে থলুৱা অসমীয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে এক অধ্যয়ন কৰিব পাৰে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *