
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় দুই লাখ ৯৭ হাজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪৩.৫ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৭৮ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ২৫৪৯ জনৰ মৃত্যু হৈছে । অসমতো ৮০জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে ।
যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত ৩ মে’, ২০২০ তাৰিখে সমাপ্ত হবলগীয়া লক ডাউন দুসপ্তাহ বঢ়াই দিয়া হৈছে, সেই সময়তে লক ডাউন সম্পৰ্কীয় বিভিন্ন ফটো/ভিডিঅ’/বাৰ্তা হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হব ধৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে ।
এনে এক বাৰ্তা সম্প্ৰতি হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ প্রযোজ্য কৰা লক ডাউনক পৰ্য্যায়ক্ৰমে পাঁচটা ষ্টেজত শিথিল কৰিবলৈ সাজু হৈছে আৰু এইয়া প্ৰত্যেক তিনি সপ্তাহৰ পাছত পুনৰ্নিৰীক্ষণ কৰা হব । ইয়াৰ উপৰিয়ো উল্লেখিত পাঁচটা পৰ্যায়ৰ তাৰিখৰ এখন লিষ্ট বাৰ্তাটোত দিয়া হৈছে । উক্ত বাৰ্তাটো হোৱাটচ এপ্পৰ জৰিয়তে অসমত ভাইৰেল হৈ পৰিছে ।
যিসময়ত ভাৰতৰ লক ডাউন বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে যথেষ্ট শিথিল কৰি দিয়া হৈছে সেই সময়ত এনে এটা বাৰ্তা ভাইৰেল হৈ পৰাটো গুৰুত্বপূৰ্ণ । কিন্তু সঁচাকৈ এই ভাইৰেল মেছেজটো চৰকাৰী ঘোষণা হয় নেকি? সঁচাকৈ ভাৰত চৰকাৰে লক ডাউনক পৰ্য্যায়ক্ৰমে, বাৰ্তাটোত উল্লেখিত তাৰিখ কেইটাত, পাঁচটা ষ্টেজত শিথিল কৰিব নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি এই বিষয়ে টুইটাৰত কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে পিআইবি অসমৰ টুইটাৰ হেণ্ডেলৰ পৰা ইতিমধ্যে এই সম্পৰ্কে এক স্পষ্টীকৰণ দিয়া হৈছে । টুইটটোত লিখা হৈছে যে নিষেধাজ্ঞাসমূহ শিথিল কৰিবলৈ ৫ টা পৰ্যায়ত ৩ সপ্তাহৰ এক কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে বুলি হোৱাটচ এপ্পত যি বাৰ্তা প্ৰচাৰ হৈছে সেইয়া ভুৱা বাতৰি হয় আৰু এয়া আমাৰ চৰকাৰে নহয়, অন্য কোন দেশে নিৰ্ধাৰণ কৰা কাৰ্যপন্থাহে।

ইয়াৰ পাছত আমি কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ঘোষণাটো আচলতে আয়াৰলেণ্ড দেশত কৰা হৈছিল আৰু ভাৰতৰ লগত কোনো সম্পৰ্ক নাই । আয়াৰলেণ্ডৰ এক চৰকাৰী ৱেবছাইটত আমি উক্ত ভাইৰেল বাৰ্তাটো সম্পূৰ্ণৰূপে এক প্ৰেছ ৰিলিজৰ আকাৰত দেখিলোঁ । গতিকে আমি নিশ্চিত হলোঁ যে ভাইৰেল বাৰ্তাটোৰ ভাৰতৰ লগত কোনো সম্পৰ্ক নাই । সম্পূৰ্ণ প্ৰেছ ৰিলিজটো ইয়াত পঢ়ক ।

ফলাফল
ভাইৰেল হোৱাটচ এপ্পত বাৰ্তাটো ভাৰত চৰকাৰে প্রচাৰ কৰা নাই আৰু ভাৰতৰ লগত কোনো সম্পৰ্ক নাই । এই বাৰ্তাটো আচলতে আয়াৰলেণ্ডৰ এক চৰকাৰী প্ৰেছ ৰিলিজৰ অংশ হয় ।

Title:ভাৰত চৰকাৰে ‘লক-ডাউন’ক পৰ্য্যায়ক্ৰমে পাঁচটা ষ্টেজত শিথিল কৰিবলৈ সাজু হৈছে নেকি?
Fact Check By: Manjori BorkotokyResult: False