শেহতীয়াকৈ বাজেট অধিবেশনৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। য’ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ যিকোনো সংৰক্ষণৰ বিৰোধী বুলি কোৱা শুনা গৈছে। তেওঁ কৈছে যে মই কোনো ধৰণৰ সংৰক্ষণ ভাল নাপাওঁ, আৰু বিশেষকৈ চাকৰিত সংৰক্ষণ ভাল নাপাওঁ। অদক্ষতাক প্ৰসাৰিত কৰা যিকোনো পদক্ষেপৰ মই বিৰোধী। ফেচবুক ৰিলছত প্ৰচাৰিত এই ভিডিঅ’ ক্লিপটো ব্যৱহাৰকাৰীসকলে ইয়াক সঁচা বুলি বিবেচনা কৰি শ্বেয়াৰ কৈছে যে এতিয়া তেওঁলোকে সংৰক্ষণৰ বিৰোধিতা কৰি এনেধৰণৰ কথা কৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভিডিঅ'টো পৰীক্ষা কৰিবলৈ আমি প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰিলোঁ। তেতিয়া আমি সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন পালোঁ। আমি ভাইৰেল ভিডিঅ’টোৰ মূল সংস্কৰণটো ডিডি নিউজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰা দেখিলোঁ। যাৰ সৈতে টুইটটোত লিখা হৈছে যে পণ্ডিত জৱাহৰলাল নেহৰুৱে লিখা চিঠিখনৰ কথা উল্লেখ কৰি পি এম মোদীয়ে সদনত কয় যে নেহৰুৱে লিখিছে, “মই কোনো ধৰণৰ সংৰক্ষণ ভাল নাপাওঁ, বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত; অদক্ষতাক প্ৰসাৰিত কৰা যিকোনো কামৰ মই তীব্ৰ বিৰোধী"। ইয়াৰ পৰা আমি বুজিলোঁ যে প্ৰধানমন্ত্ৰী মোদীৰ ভাইৰেল ভিডিঅ'টো এই ভিডিঅ'টোৰ পৰা কাটি শ্বেয়াৰ কৰা হৈছে। তলত ভিডিঅ'টো চাব পাৰিব।

যিহেতু ভাইৰেল ভিডিঅ'টোত সংসদ টিভিৰ ল'গ' আছিল, সেয়ে আমি সংসদ টিভিত আৰু ভিডিঅ’ বিচাৰিলোঁ। তাৰ পিছত আমি সংসদ টিভিৰ ইউটিউবত একেটা ভিডিঅ’ৰ দীঘলীয়া সংস্কৰণ দেখিলোঁ যিটো ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছিল। এই ভিডিঅ’টোত ভাইৰেল ক্লিপটোৰ এটা সংস্কৰণ ৩৯ মিনিট ২০ ছেকেণ্ডৰ পৰা ৪১ মিনিট ৫৪ ছেকেণ্ডলৈকে দেখুওৱা হৈছে।

ইয়াত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে “এবাৰ নেহৰু জীয়ে সেই সময়ৰ মুখ্যমন্ত্ৰীসকললৈ এখন চিঠি লিখিছিল। তাৰ অনুবাদ পঢ়ি দিছোঁ। এই কথা ৰেকৰ্ডত আছে। মই কোনো ধৰণৰ সংৰক্ষণ ভাল নাপাওঁ আৰু বিশেষকৈ চাকৰিত সংৰক্ষণ ভাল নাপাওঁ। মই যিকোনো পদক্ষেপৰ বিৰোধী যিয়ে অদক্ষতাক প্ৰসাৰিত কৰে, যিয়ে দ্বিতীয় শ্ৰেণীৰ মানদণ্ডলৈ লৈ যায়। এইখন পণ্ডিত নেহৰুৱে মুখ্যমন্ত্ৰীলৈ লিখা এখন চিঠি। আৰু সেইকাৰণে মই কওঁ যে তেওঁলোক জন্মতেই সংৰক্ষণ বিৰোধী। নেহৰু জীয়ে কৈছিল যে যদি অনুসূচিত জাতি, অনুসূচিত জনজাতি, অবিচিয়ে চাকৰিত সংৰক্ষণ পায় তেতিয়া চৰকাৰী কামৰ স্তৰ কমি যাব।”

শেষত ভাইৰেল ভিডিঅ’ আৰু মূল ভিডিঅ’টোৰ তুলনা কৰি আমি স্পষ্ট কৰি দিলোঁ যে ভাইৰেল ভিডিঅ’টোৰ পৰা নেহৰুৰ অংশটো আঁতৰাই দিয়া হৈছে। যাৰ বাবেই মোদীয়ে সংৰক্ষণ বিৰোধী কথা কোৱা যেন লাগিছে। তলত ভিডিঅ' বিশ্লেষণ চাওক।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। মূল ভিডিঅ'ৰ এটা অংশ কাটি প্ৰধানমন্ত্ৰী মোদীয়ে সংৰক্ষণৰ বিৰুদ্ধে মন্তব্য কৰা বুলি ভুৱা প্ৰচাৰ কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংৰক্ষণৰ বিৰুদ্ধে মন্তব্য কৰিছে নেকি?

Written By: Debanjana Baishya

Result: False