অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ (৯০৪৯০৫৩৭৭০) এখন বিশেষ ফটো ফ'ৰৱাৰ্ড কৰা হৈছিল। ফটোখনত দুজন ব্যক্তিৰ ফটো আছিল। সেই দুজনৰ এজন আছিল বলীউডৰ অভিনেতা হৃত্ত্বিক ৰোশন আৰু হৃত্ত্বিক ৰোশনৰ ফটোখনৰ ওপৰত "Reel" বুলি লিখা আছিল। ফটোত থকা আনজন ব্যক্তিৰ ওপৰত "Real" বুলি লিখা আছিল। ফটোখন ফ'ৰৱাৰ্ড কৰি ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে বাওঁফালে থকা এই ব্যক্তিজন প্ৰকৃত মোগল সম্ৰাট আকবৰ হয় নেকি। উল্লেখযোগ্য যে ফটোখনত হৃত্ত্বিক ৰোশনৰ যিখন ফটো ব্যৱহাৰ কৰা হৈছে সেয়া হ'ল "জোধা আকবৰ" চিনেমাখনৰ পৰা লোৱা।

Archived Link

কিন্তু ফটোখনত থকা আনজন ব্যক্তি সঁচাকৈয়ে প্ৰকৃত সম্ৰাট আকবৰ হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া Wikimedia Commons ৱেবছাইটত ভাইৰেল ফটোখনৰ বাওঁফালে থকা ব্যক্তিজনৰ ফটোখন পালোঁ। তাত উল্লেখ কৰা তথ্য অনুসৰি এই ফটোখনত থকা ব্যক্তিজন হ'ল মিৰ্জা শ্বাহ আব্বাছ, দ্বিতীয় বাহাদুৰ শ্বাহৰ পুত্ৰ।

Archived Link

এইবাৰ আমি প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ষ্টক ইমেজ ৱেবছাইট alamyত একেখন ফটো পালোঁ। তাতো এই ফটোখন দ্বিতীয় বাহাদুৰ শ্বাহৰ পুত্ৰ মিৰ্জা শ্বাহ আব্বাছ বুলি উল্লেখ কৰা হৈছিল।

Archived Link

আমি পুনৰ কী-ৱ'ৰ্ড ছাৰ্চ কৰি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৱেবছাইট Indian Culturalত বাহাদুৰ শ্বাহ জাফাৰ সম্পৰ্কে এক‌ প্ৰবন্ধ পালোঁ। এই প্ৰবন্ধটোত ভাইৰেল ফটোখনৰ ব্যক্তিগৰাকীৰ লগত আন এগৰাকীৰ ফটো সংলগ্ন কৰা আছে। ফটোখনৰ বিৱৰণত উল্লেখ কৰা হৈছিল যে ফটোখনত থকা ব্যক্তি দুগৰাকী বাওঁফালৰ পৰা ক্ৰমে বাহাদুৰ শ্বাহ জাফাৰৰ পুত্ৰ মিৰ্জা জৱান বখ্ট আৰু মিৰ্জা শ্বাহ আব্বাছ।

Archived Link

তদুপৰি ভাইৰেল ফটোখন কেমেৰাৰে তোলা। সম্ৰাট আকবৰৰ ৰাজত্বকালত (১৫৫৬-১৬০৫) কেমেৰাৰ উদ্ভাৱনেই হোৱা নাছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখনৰ সৈতে কৰা দাবীটো মিছা। ফটোখনৰ বাওঁফালে থকা ব্যক্তিজন সম্ৰাট আকবৰ নহয় বৰং বাহাদুৰ শ্বাহ জাফাৰৰ পুত্ৰ মিৰ্জা শ্বাহ আব্বাছহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখনত থকা ব্যক্তিজন সম্ৰাট আকবৰ নহয়।

Fact Check By: Debanjana Baishya

Result: False