পাকিস্তানৰ পৰা নেপাল হৈ আহি ভাৰতত প্ৰবেশ কৰা সীমা হাইদৰৰ কাহিনী বৰ্তমান বহুল ভাবে চৰ্চিত। এই সম্পৰ্কে বহু ফটো আৰু ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ সীমা হাইদৰ বুলি পাকিস্তানী সেনাৰ পোছাক পৰিধান কৰা এগৰাকী মহিলাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইউনিফৰ্ম পৰিহিত মহিলাগৰাকী সীমা হাইদৰ বুলি দাবী কৰা হৈছে। কোৱা হৈছে যে তেওঁ কেৱল pubg player, পাকিস্তানী চোৰাংচোৱাই নহয় এগৰাকী অভিনেত্ৰীও। পাকিস্তানী টিভি ধাৰাবাহিক চিনফ-ই- আহানৰ চৰিত্ৰত অভিনয় তেওঁ কৰিছে আৰু পোষ্টটোত দেখা ইউনিফৰ্ম পিন্ধা ছবিখন সেই একেখন ধাৰাবাহিকৰ।

ভাইৰেল পোষ্টটোত ব্যৱহাৰকাৰীগৰাকীয়ে লিখিছে, "এই ছোৱালীজনী কেৱল ৪টা সন্তানৰ মাতৃ, pubg প্লেয়াৰ, পাকিস্তানী চোৰাংচোৱায়ে নহয়, এগৰাকী সফল অভিনেত্ৰীও। সামৰিক সাজসহ ফটোখন পাকিস্তানী টিভি ধাৰাবাহিক “চিনফ-ই-আহান”ৰ দৃশ্য। ইমান সক্ষম ছোৱালী আজিলৈকে দেখা নাই। এই সৰু জীৱনত তাই সকলো কৰি আছে"।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি পৰীক্ষা কৰিলোঁ যে মিলিটাৰী ইউনিফৰ্ম পিন্ধা মহিলাগৰাকী কোন। আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু একেখন ছবি ২০২০ চনৰ ১১ মাৰ্চত কংগো গণতান্ত্ৰিক ৰিপাব্লিকত ৰাষ্ট্ৰসংঘৰ স্থিতিশীলতা অভিযান (MONUSCO)ৰ ৱেবছাইটত প্ৰকাশ পোৱা দেখিলোঁ। তলত চাব পাৰিব।

Archived Link

স্পষ্টকৈ লিখা আছে যে এই ফটোখনত দেখা মহিলাগৰাকীৰ নাম মেজৰ ছামিয়া ৰেহমান। পাকিস্তানৰ মেজৰ ছামিয়া ৰেহমানে ২০১৮ চনৰ পৰা ২০১৯ চনলৈ ৰাষ্ট্ৰসংঘৰ শান্তিদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কংগো গণতান্ত্ৰিক ৰিপাব্লিকত ৰাষ্ট্ৰসংঘৰ স্থিতিশীলতা অভিযান (MONUSCO)ৰ সৈতে অপাৰেচনেল প্লেনিং অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

এই ছবিখনত দেখুওৱা চাৰ্টিফিকেটত দেখা গৈছে যে এই মহিলাগৰাকীৰ নাম চামিয়া ৰেহমান বুলি লিখা আছে। ইয়াত সীমা হাইদৰ নামৰ কোনো উল্লেখ নাই।

ইয়াৰ পৰা আমি ক’ব পাৰোঁ যে ছবিখনত দেখা মহিলাগৰাকীৰ নাম চামিয়া ৰেহমান।

তাৰপিছত আমি জানিবলৈ চেষ্টা কৰিলোঁ যে পাকিস্তানৰ এখন টিভি ধাৰাবাহিকত তেওঁ অভিনয় কৰা বুলি কিয় কোৱা হৈছে। আমি যেতিয়া গুগলত কীৱৰ্ড চাৰ্চ কৰিলোঁ তেতিয়া আমি গম পালোঁ যে মেজৰ চামিয়া ৰেহমানে চিনফ-ই-আহান নামৰ ধাৰাবাহিকখনৰ এটা অংশত অভিনয় কৰিছে। এই অনুষ্ঠানটো ARY Digital নামৰ এটা পাকিস্তানী চেনেলত প্ৰচাৰ কৰা হয়, আৰু আমি এই তথ্য তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত পালোঁ। ইয়াৰ পিছত আমি ২০২২ চনৰ জানুৱাৰী মাহৰ ১৭ তাৰিখে ARY Digital ৰ ইউটিউব চেনেলত আপলোড কৰা চামিয়া ৰেহমানৰ খণ্ডটোৰ এটা ভিডিঅ' ক্লিপো পালোঁ। তলত চাব পাৰিব।

Archived Link

ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে চামিয়া ৰেহমান আৰু সীমা হাইদৰ দুগৰাকী বেলেগ বেলেগ মহিলা।

আমি পুনৰ অনুসন্ধান কৰি ২০২৩ চনৰ জুলাই মাহৰ ১৩ তাৰিখে দৈনিক ভাস্কৰত প্ৰকাশিত এটা প্ৰতিবেদন পালোঁ। তাত সীমা হাইদৰৰ বিষয়ে বিষদভাৱে তথ্য প্ৰকাশ কৰা হৈছিল। তাত সীমা হাইদৰৰ কিছুমান নথি পত্ৰও সংলগ্ন কৰা হৈছিল।

এয়া সীমা হাইদৰ আৰু তেওঁৰ প্ৰথম পতি গুলাম হাইদৰৰ কোৰ্ট মেৰেজৰ প্ৰমাণ পত্ৰ। তাত লিখা আছে যে সীমা হাইদৰৰ মাক-দেউতাকে তেওঁৰ অসন্মতিত এজন ব্যক্তিৰ সৈতে বিবাহ কৰিবলৈ জোৰ দিছিল। তেওঁ সেইবাবে ঘৰ ত্যাগ কৰি স্ব-ইচ্ছাৰে গুলাম হাইদৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

এয়া সীমা, গুলাম আৰু তেওঁলোকৰ চাৰিওটা সন্তানৰ পাকিস্তানত বনোৱা ফেমিলি ৰেজিষ্ট্ৰেচন ডক্যুমেণ্ট। তাতো মহিলাগৰাকীৰ নাম সীমা হাইদৰ বুলি উল্লেখ কৰা হৈছে।

এই দস্তাবেজসমূহৰ ক'তো তেওঁ অভিনয় কৰে বুলি উল্লেখ কৰা হোৱা নাই।

২০২৩ চনৰ জুলাই মাহৰ ৭ তাৰিখে বি বি চি হিন্দীত সীমা হাইদৰ সম্পৰ্কে প্ৰতিবেদন প্ৰকাশ পাইছিল, তাতো সীমা হাইদৰে অভিনয় কৰিছিল বুলি কোৱা হোৱা নাই।

Archived Link

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখনৰ সৈতে কৰা দাবী মিছা। ফটোখনত দেখা পোৱা দুয়োগৰাকী মহিলা ভিন্ন। সামৰিক পোছাক পিন্ধা মহিলাগৰাকী হ'ল পাকিস্তান সেনাৰ মেজৰ চামিয়া ৰেহমান। তেওঁৰ সীমা হাইদৰৰ লগত কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সামৰিক পোছাক পিন্ধা মহিলাগৰাকী সীমা হাইদৰ হয়নে?

Written By: Debanjana Baishya

Result: False