পুৰণি ভিডিঅ’ এটা শেহতীয়াকৈ ছিক্কিমৰ ভাৰত-চীন সীমান্তত দুই দেশৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে!

False International
WhatsApp Image 2020-05-12 at 16.46.44.jpeg

সংৰক্ষিত লিংক

সম্প্ৰতি ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত আমি কিছু সৈন্য বাহিনীৰ লোকক বাক বিতণ্ডাত লিপ্ত হোৱা দেখিছোঁ । দাবী কৰা হৈছে যে এইটো শেহতীয়াকৈ ছিক্কিমৰ ভাৰত-চীন সীমান্তত দুই দেশৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ হয় । 

উক্ত ভিডিঅ’টো বৰপিপাল মিউজিক নামৰ এটা ফেচবুক পে’জৰ পৰা ১০ মে’, ২০২০ তাৰিখে আপলোড কৰা হৈছিল আৰু ভিডিঅ’টো এতিয়ালৈকে ১.৩ হাজাৰবাৰ শ্বেয়াৰ কৰা হৈছে আৰু ৬২ হাজাৰবাৰ দৰ্শন কৰা হৈছে । অসমটো এই পোষ্টটোৰ ফেচবুক লিংক হোৱাটচ এপ্পত বহুল ভাৱে শ্বেয়াৰ হৈছে । 

sikkim war fb.png

ফেচবুক লিংকসংৰক্ষিত লিংক

উল্লেখযোগ্য যে শেহতীয়াকৈ ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনাৰ সৃষ্টি আৰু দুই দেশৰ জোৱান সংঘৰ্ষত লিপ্ত হোৱাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত হৈছিল । কিন্তু এই ঘটনাৰ কোনো ভিডিঅ’ প্ৰকাশিত হোৱা নাছিল । এতিয়া বিভিন্নজনে দাবী কৰিছে যে উক্ত ভাইৰেল ভিডিঅ’টো সেই ঘটনাৰ সময়ত ৰেকৰ্ড কৰা হয় । 

আমি ভাইৰেল পোষ্টটোত কিছু লোকে কমেণ্ট কৰা দেখিলোঁ যে এই ভিডিঅ’টো আচলতে পুৰণি হয় আৰু শেহতীয়া ঘটনাটোৰ লগত কোনো সম্পৰ্ক নাই । সেই বাবে বিষয়টোৰ সত্যতা সম্পর্কে আমি অনুসন্ধান কৰিবলৈ ঠিক কৰিলোঁ । 

প্ৰণালী

প্ৰথমে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । ইয়াৰ ফলত আমি জি নিউজৰ অফিচিয়েল ইউটিউব চেনেলৰ পৰা এই ভিডিঅ’টো ২০১৪ চনতে, ২৬ আগষ্টত এক বাতৰিৰ অংশ হিচাবে আপলোড কৰা দেখা পালোঁ । বাতৰিটোৰ শিৰোনামা, “অৰুণাচল প্ৰদেশ: চীনৰ সৈন্যই বৰ্ডাৰ ৱাল ভাঙিবলৈ চেষ্টা কৰিছে” বুলি দিয়া আছে । গতিকে আমি নিশ্চিত হলোঁ যে উক্ত ভাইৰেল ভিডিঅ’টো শেহতীয়াকৈ ছিক্কিমত হোৱা সংঘৰ্ষৰ নহয় । 

sikkim war news.png

ইউটিউব লিংকসংৰক্ষিত লিংক

আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰাত হিন্দুস্তান টাইমছ নামৰ বাতৰি কাকতখনৰ ৱেবচাইটত এই সম্পৰ্কে এক বাতৰি ২০১১ চনত প্ৰকাশ হোৱা দেখিলোঁ । উক্ত ঘটনাটো জুলাই ১৩, ২০১১ তাৰিখে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ য়াঙছে চেক্টৰত ঘটিছিল বুলি বাতৰিটোত লিখা আছে । বিতংকৈ জানিবলৈ ইয়াত পঢ়ক । 

sikkim war news ht.png

ফলাফল

এইটো শেহতীয়াকৈ ছিক্কিমৰ ভাৰত-চীন সীমান্তত দুই দেশৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ নহয় । ভিডিঅ’টো কমেও পাঁচ বছৰ পুৰণি আৰু কিছু সংবাদ মাধ্যমৰ মতে এইটো ২০১১ চনত অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ য়াঙছে চেক্টৰত চীনা সৈন্যয়ে এক বৰ্ডাৰ ৱাল ভাঙিবলৈ চেষ্টা কৰোঁতে ৰেকৰ্ড কৰা ভিডিঅ’ হয় । 

Avatar

Title:পুৰণি ভিডিঅ’ এটা শেহতীয়াকৈ ছিক্কিমৰ ভাৰত-চীন সীমান্তত দুই দেশৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *