

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৯৭ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৬৮ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২ লাখ ৫০ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৭ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে । অসমতো দুহেজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে পাঁচজনৰ মৃত্যু হৈছে ।
এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন ফটো/ভিডিঅ’/পোষ্ট ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে ।
আমি সকলোৱে জানোঁ ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ মাস্ক পিন্ধাটো অতি জৰুৰী হৈ পৰিছে আৰু চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন নীতি নিৰ্দেশনা দিছে । এনে সময়তে এখন বিশেষ ফটো ছচিয়েল মিডিয়া যেনে ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে ।
এই বিশেষ ফটোখনত এখন মাস্ক দেখা গৈছে আৰু মাস্ক অভিজাত প্ৰাইভেট স্কুল চেইন, দিল্লী পাব্লিক স্কুলৰ ল’গ’ দেখা গৈছে । দাবী কৰা হৈছে যে দিল্লী পাব্লিক স্কুলে এই বিশেষ মাস্ক বিধ ৪০০ টকাত বিক্ৰী কৰিব ধৰিছে ।
এনে এক ফেচবুক পোষ্ট অসমৰ অতপালি ৰোধ নামৰ এক পে’জৰ পৰা ৬ জুন, ২০২০ তাৰিখে আপলোড কৰা হৈছে য’ত উক্ত ভাইৰেল ফটোখনৰ সৈতে, ‘ব্যৱসায় আৰম্ভ হৈ গ’ল… দামটো ৪০০ টকা বুলি শুনিছোঁ’ বুলি লিখা আছে । উক্ত পোষ্টটো বৰ্তমানলৈকে ১.২ হেজাৰবাৰ শ্বেয়াৰ কৰা হৈছে ।
আমি লক্ষ্য কৰিলোঁ যে পোষ্টটোৰ কমেণ্টছ চেক্সনটোত বিভিন্নজনে উক্ত পোষ্টটো বা ফটোখন ভুৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । গতিকে আমি ইয়াৰ সত্যতা ঠিৰাং কৰিবলৈ সিদ্ধান্ত ললোঁ । অনুসন্ধান কৰি কি পালোঁ, চাওঁ আহক!
প্ৰণালী
আমি এই বিষয়ে কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে বিভিন্ন দিল্লী পাব্লিক স্কুলৰ ফালৰ পৰা ইতিমধ্যে এক স্পষ্টীকৰণ প্ৰকাশ কৰা হৈছে যে এনে ধৰণৰ কোনো মাস্ক তেওঁলোকে বনোৱা নাই বা কোনো বিক্রেতাৰ লগত তেওঁলোক জৰিত নহয় । এই বিষয়ে এক বাতৰি ‘দা হিন্দু’ বাতৰি কাকতত ৬ জুন, ২০২০ তাৰিখে প্ৰকাশ পাইছে । বাতৰিটোত লিখা হৈছে যে কিছু অসাধু বিক্রেতায়ে এই মাস্ক বনাই বিক্ৰী কৰিবলৈ চেষ্টা কৰিছে । এই বিষয়ে আৰক্ষীৰ ওচৰত দিল্লী পাব্লিক স্কুলৰ মেনেজমেণ্টৰ ফালৰ পৰা এক গোচৰ তৰা হৈছে বুলি বাতৰিটোত উল্লেখ আছে । সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক ।

আমি এই বিষয়ে আৰু নিশ্চিত হবলৈ ‘দিল্লী পাব্লিক স্কুল, (খানাপাৰা) গুৱাহাটী’ৰ সৈতে যোগাযোগ কৰিলোঁ । তেওঁলোকে আমাক জনালে যে ভাইৰেল হোৱা ফটোখন ভুৱা হয় আৰু তেওঁলোকে এনে কোনো মাস্ক বনোৱা বা বিক্ৰী কৰিবলৈ অনুমতি দিয়া নাই ।
ফলাফল
ভাইৰেল ফটোখন ভুৱা হয় । দিল্লী পাব্লিক স্কুলৰ ফালৰ পৰা এনে কোনো মাস্ক বনোৱা বা বিক্ৰী কৰা হোৱা নাই বা তেওঁলোকে আন কোনো অনুষ্ঠানক তেওঁলোকৰ ল’গ’ থকা মাস্ক বনাবলৈ বা বিক্ৰী কৰিবলৈ অনুমতি দিয়া নাই । ফটোখন ভাইৰেল কৰি তুলি জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰা হৈছে ।

Title:দিল্লী পাব্লিক স্কুলে শিক্ষাৰ্থীৰ বাবে এনে ধৰণৰ ৪০০ টকীয়া মাস্ক প্ৰৱৰ্তন কৰিছে নেকি?
Fact Check By: Manjori BorkotokyResult: False